সমগ্ৰ বিশ্বতে নৱবৰ্ষ ২০২৬ৰ উদযাপন আৰম্ভ হৈছে ।নিউজিলেণ্ডৰ অকলেণ্ডত চহৰত দেশৰ আটাইতকৈ ওখ অট্টালিকাত আতচবাজীৰ চমক দেখিবলৈ পোৱা গৈছে।
পৃথিৱীৰ বহু ঠাইত নতুন বছৰ উদযাপন আৰম্ভ হৈছে।নিউজিলেণ্ডৰ অকলেণ্ডত আৰম্ভ হৈছে নৱবৰ্ষ উদযাপন।বিভিন্ন টাইম জ’নৰ বাবে বহু দেশত বিভিন্ন সময়ত নতুন বছৰ উদযাপন কৰা হ’ব।ভাৰতৰ পূৰ্বে ৪১ খন দেশত নৱবৰ্ষ পালন কৰা হয়।
নৱবৰ্ষ উপলক্ষে বিশ্বৰ বহু চহৰত দৰ্শনীয় আতচবাজীৰ আয়োজন কৰা হয়।অষ্ট্ৰেলিয়াৰ ছিডনীত ছিডনী হাৰ্বাৰ দলং আৰু অপেৰা হাউছৰ ওপৰত দৰ্শনীয় আতচবাজী প্ৰদৰ্শন কৰা হয়। নিউয়ৰ্ক (আমেৰিকা)ৰ টাইমছ স্কোৱাৰত দৰ্শনীয় আতচবাজী দেখিবলৈ পোৱা গৈছে।
বিশ্বৰ ভিতৰতে প্ৰথমে কিৰিতিমাটি দ্বীপত নৱবৰ্ষ উদযাপন কৰা হয়।এই দ্বীপটো প্ৰশান্ত মহাসাগৰত অৱস্থিত আৰু ই কিৰিবাটি গণৰাজ্যৰ অংশ।ইয়াৰ সময় ভাৰততকৈ ৭.৩০ ঘন্টা আগবঢ়া।
ইয়াৰ পিছত নিউজিলেণ্ডৰ চাথাম দ্বীপত নৱবৰ্ষ উদযাপন আৰম্ভ হয়।একেবাৰে শেষত নৱবৰ্ষ উদযাপন দক্ষিণ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ আমেৰিকান চামোয়া আৰু নিউৱে দ্বীপত কৰা হয়।
লগতে পঢ়ক: ‘এনেকুৱা আক্ৰমণ কৰিম যে পস্তাব লাগিব…’ ট্ৰাম্পৰ ভাবুকিৰ প্ৰত্যুত্তৰ ইৰাণৰ ৰাষ্ট্ৰপতিৰ









