আমেৰিকা চৰকাৰৰ ৱেবছাইটৰ পৰা নাইকিয়া হ’ল ড’নাল্ড ট্ৰাম্পৰ ফটোসহ ১৬টা এপষ্টেইন ফাইল

আমেৰিকা চৰকাৰৰ ৱেবছাইটৰ পৰা নাইকিয়া হ’ল ড’নাল্ড ট্ৰাম্পৰ ফটোসহ ১৬টা এপষ্টেইন ফাইল

আমেৰিকা চৰকাৰৰ ৱেবছাইটৰ পৰা নাইকিয়া হ’ল ড’নাল্ড ট্ৰাম্পৰ ফটোসহ ১৬টা এপষ্টেইন ফাইল জেফ্ৰি এপষ্টেইনৰ সৈতে জড়িত নথি-পত্ৰৰ বাবে ন্যায় বিভাগৰ ৰাজহুৱা ৱেবছাইটৰ পৰা কমেও ১৬টা ফাইল নোহোৱা হৈছে।যিবোৰ ফাইল নোহোৱা হৈছে তাত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ফটোও সন্নিবিষ্ট কৰা হৈছিল। এই ফাইলসমূহ এদিন আগতে শ্বেয়াৰ কৰা

আমেৰিকা চৰকাৰৰ ৱেবছাইটৰ পৰা নাইকিয়া হ’ল ড’নাল্ড ট্ৰাম্পৰ ফটোসহ ১৬টা এপষ্টেইন ফাইল

জেফ্ৰি এপষ্টেইনৰ সৈতে জড়িত নথি-পত্ৰৰ বাবে ন্যায় বিভাগৰ ৰাজহুৱা ৱেবছাইটৰ পৰা কমেও ১৬টা ফাইল নোহোৱা হৈছে।যিবোৰ ফাইল নোহোৱা হৈছে তাত ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ ফটোও সন্নিবিষ্ট কৰা হৈছিল।

এই ফাইলসমূহ এদিন আগতে শ্বেয়াৰ কৰা হৈছিল যদিও ৱেবপেজত এতিয়া উপলব্ধ নহয়।এই সন্দৰ্ভত আমেৰিকা চৰকাৰে কোনো ধৰণৰ স্পষ্টীকৰণ দিয়া নাই।এই ফাইলসমূহ কিয় আঁতৰোৱা হ’ল বা ইচ্ছাকৃতভাৱে নোহোৱা কৰিছে সেই কথা ন্যায় বিভাগে কোৱা নাই।

হেৰাই যোৱা ফাইলসমূহৰ ভিতৰত এপষ্টেইনৰ ঘৰৰ ফটো, নগ্ন ছবি আছিল, য’ত ট্ৰাম্প আৰু এপষ্টেইনক একেলগে দেখিবলৈ পোৱা গৈছে।এই ফটোখন ড্ৰয়াৰত ৰখা ফটোবোৰৰ ভিতৰত আছিল।

কোনো ধৰণৰ কাৰণ নোহোৱাকৈ ফাইলবোৰ ডিলিট কৰা হ’ল সেই সম্পৰ্কে জল্পনা-কল্পনাৰ ইন্ধন যোগাইছে আৰু জনসাধাৰণক কিয় অৱগত কৰা নহ’ল তাক লৈও প্ৰশ্ন উত্থাপন কৰা হৈছে।

ইয়াৰ ফলত এপষ্টেইন আৰু তেওঁৰ চৌপাশৰ শক্তিশালী লোকসকলক লৈ দীৰ্ঘদিনীয়া ৰহস্য আৰু অধিক গভীৰ হৈ পৰিছে।

হাউছ অভাৰচাইট কমিটীৰ ডেম’ক্ৰেটসকলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এক পোষ্টত এইদৰে কয় ট্ৰাম্পৰ হেৰাই যোৱা ছবিলৈ আঙুলিয়াই তেওঁ লিখিছে-“আৰু কি লুকুৱাই ৰখা হৈছে? আমেৰিকাৰ জনসাধাৰণৰ বাবে আমাক স্বচ্ছতাৰ প্ৰয়োজন।”

লগতে পঢ়ক: অৱতৰণৰ সময়তেই ভয়ংকৰ বিমান দুৰ্ঘটনা; পাইলটসহ ৭ জনৰ মৃত্যু  

শেহতীয়া প্ৰৱন্ধসমূহ