বিতৰ্কৰ মাজতে সঞ্চাৰ সাথী এপে গঢ়িলে অভিলেখ; এমাহত চাৰিগুণ বৃদ্ধি পালে ডাউনলোড
শেহতীয়া বিতৰ্কৰ মাজতে সঞ্চাৰ সাথী এপে এক অভিলেখ সৃষ্টি কৰিছে। এই এপটো ডাউনলোড কৰা লোকৰ সংখ্যা ব্যাপকভাৱে বৃদ্ধি পাইছে।দূৰসংযোগ বিভাগৰ এই নাগৰিককেন্দ্ৰিক এপটো যোৱা মাহৰ তুলনাত দৈনিক চাৰিগুণ বেছি ডাউনলোড হৈছে।
DoT এ এই তথ্য ইয়াৰ অফিচিয়েল X হেণ্ডেলৰ পৰা শ্বেয়াৰ কৰিছে।মুকলি হোৱাৰ মাত্ৰ কেইমাহমানৰ ভিতৰতে এই এপটো ১.৪ কোটিৰো অধিক ভাৰতীয় ব্যৱহাৰকাৰীয়ে ডাউনলোড কৰিছে।
শেহতীয়াকৈ চৰকাৰে মোবাইল ফোন নিৰ্মাতা কোম্পানীসমূহৰ বাবে সঞ্চাৰ সাথী এপ প্ৰি-ইনষ্টল কৰাটো বাধ্যতামূলক কৰিছে।এই সন্দৰ্ভত এপলকে ধৰি বহু কোম্পানীয়ে আপত্তি উত্থাপন কৰিছিল,ইয়াৰ পিছত চৰকাৰে এই এপটো ব্যৱহাৰকাৰীৰ বাবে ঐচ্ছিক কৰি তুলিলে আৰু ইয়াৰ বাধ্যতামূলক প্ৰয়োজনীয়তা বাতিল কৰিলে।
কিন্তু এই বিতৰ্কৰ মাজতো এই এপটোৰ জনপ্ৰিয়তা যথেষ্ট বৃদ্ধি পাইছে।এই এপটোৰ সুফল জানি দৈনিক লাখ লাখ ব্যৱহাৰকাৰীয়ে ইয়াক ডাউনলোড কৰি আছে।
ডিচেম্বৰ মাহত দৈনিক ৩ লাখৰো অধিক লোকে এই এপটো ডাউনলোড কৰিছিল,যিটো নৱেম্বৰ মাহত দৈনিক ৮০ হাজাৰতকৈ প্ৰায় ৪ গুণ বেছি।
চাইবাৰ অপৰাধ প্ৰতিৰোধৰ লগতে ভুৱা মোবাইল ফোন চিনাক্তকৰণকে ধৰি বিভিন্ন ডিজিটেল সা-সুবিধাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে দূৰসংযোগ বিভাগে সঞ্চাৰ সাথী এপ মুকলি কৰিছে।ব্যৱহাৰকাৰীয়ে ফোনত লাভ কৰা যিকোনো যোগাযোগ, বাৰ্তা আৰু আন্তঃৰাষ্ট্ৰীয় কলৰ ৰিপৰ্ট দিব পাৰে।
লগতে পঢ়ক: টুইটাৰৰ নামত পুনৰ আৰম্ভ ‘যুদ্ধ’; ষ্টাৰ্টআপৰ বিৰুদ্ধে ইলন মাস্কৰ কোম্পানীৰ গোচৰ









