ওমানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ’ব মুক্ত বাণিজ্য চুক্তি

ওমানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী, দুয়োখন দেশৰ মাজত স্বাক্ষৰিত হ’ব মুক্ত বাণিজ্য চুক্তি

ইথিওপিয়া ভ্ৰমণ সামৰি বুধবাৰে ওমানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণ কালতে দুয়োখন দেশৰ মাজত এক অভিলাষী মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ’ব । তিনিখন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্য্যায়ত বুধবাৰে ওমানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুদিনীয়া এই ভ্ৰমণৰ সময়ত ওমানৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত

ইথিওপিয়া ভ্ৰমণ সামৰি বুধবাৰে ওমানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী । এই ভ্ৰমণ কালতে দুয়োখন দেশৰ মাজত এক অভিলাষী মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ’ব ।

তিনিখন দেশৰ ভ্ৰমণৰ অন্তিম পৰ্য্যায়ত বুধবাৰে ওমানত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । দুদিনীয়া এই ভ্ৰমণৰ সময়ত ওমানৰ শীৰ্ষ নেতৃত্বৰ সৈতে আলোচনাত মিলিত হ’ব মোদী । বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত দুয়োখন দেশৰ মাজত এক অভিলাষী মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰিত হ’ব । মাস্কাটত উপস্থিত হোৱাৰ লগে লগে হোটেলত ভাৰতীয় মূলৰ লোকে প্ৰধানমন্ত্ৰী মোদীক উষ্ম আদৰণি জনায় ।

প্ৰধানমন্ত্ৰী মোদীক বিমানবন্দৰত উষ্ম আদৰণি জনায় ওমানৰ প্ৰতিৰক্ষা পৰিক্ৰমা বিভাগৰ উপ-প্ৰধানমন্ত্ৰী ছায়িদ শ্বিহাব বিন তাৰিক আল ছাইদে । তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয় । চুলতান হাইথাম বিন তাৰিকৰ আমন্ত্ৰণত ওমানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোদী । উপসাগৰীয় দেশখনলৈ তেওঁৰ এয়া দ্বিতীয়টো ভ্ৰমণ আৰু দুয়োখন দেশৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৭০ বছৰ সম্পূৰ্ণ হৈছে ।

ওমানত উপস্থিত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰীয়ে এক্সত লিখিছে, “মাস্কাট বিমানবন্দৰত উষ্ম আদৰণি জনোৱাৰ বাবে ওমানৰ উপ-প্ৰধানমন্ত্ৰী (ৰক্ষা পৰিক্ৰমা) ছায়িদ শ্বিহাব বিন তাৰিক আল ছাইদক বহুত বহুত ধন্যবাদ । আমাৰ মাজত অতি ভাল কথা-বতৰা হৈছিল, য’ত আমি ভাৰত-ওমান বন্ধুত্বৰ বিষয়ে আমাৰ চিন্তাধাৰা ভাগ কৰো ।”

ভাৰত আৰু ওমানৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তিত যোৱা শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনাইছিল । আনুষ্ঠানিকভাৱে বিস্তৃত অৰ্থনৈতিক অংশীদাৰিত্ব চুক্তি নামেৰে নামাকৰণ কৰা এই চুক্তিৰ আলোচনা ২০২৩ চনৰ নৱেম্বৰ মাহৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হৈছিল আৰু এই বছৰতে সমাপ্ত হৈছিল । কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে শক্তিশালী বাণিজ্যিক আৰু অৰ্থনৈতিক সম্পৰ্ক গঢ়ি তোলাৰ বাবে ওমানৰ চুলতান তাৰিকৰ সৈতে আলোচনাত মিলিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । প্ৰবাসী ভাৰতীয়ৰ এক সমাৱেশতো ভাষণ দিব তেওঁ ।

লগতে পঢ়ক : আমি বন্ধুত্বৰ নতুন অধ্যায় লিখিছো… ইথিওপিয়াৰ সংসদত প্ৰধানমন্ত্ৰী মোদীৰ সম্বোধন