ইভিএম নহয়, হৃদয় হেক কৰে প্ৰধানমন্ত্ৰী মোদীয়ে… লোকসভাত গৰজি উঠিল কংগনা ৰানাৱট

ইভিএম নহয়, হৃদয় হেক কৰে প্ৰধানমন্ত্ৰী মোদীয়ে… লোকসভাত গৰজি উঠিল কংগনা ৰানাৱট

বিৰোধীৰ অভিযোগক লৈ সংসদত গৰজি উঠিল সাসংদ আৰু অভিনেত্ৰী কংগনা ৰানাৱট । তেওঁ প্ৰধানমন্ত্ৰী মোদীয়ে ইভিএম নহয়, হৃদয় হেক কৰে বুলি বিৰোধীক প্ৰত্যুত্তৰ দিয়ে । সংসদত নিৰ্বাচনী সংস্কাৰৰ বিতৰ্কৰ সময়ত বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱটে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইভিএম হেক নকৰে, বৰঞ্চ

বিৰোধীৰ অভিযোগক লৈ সংসদত গৰজি উঠিল সাসংদ আৰু অভিনেত্ৰী কংগনা ৰানাৱট । তেওঁ প্ৰধানমন্ত্ৰী মোদীয়ে ইভিএম নহয়, হৃদয় হেক কৰে বুলি বিৰোধীক প্ৰত্যুত্তৰ দিয়ে ।

সংসদত নিৰ্বাচনী সংস্কাৰৰ বিতৰ্কৰ সময়ত বিজেপি সাংসদ তথা অভিনেত্ৰী কংগনা ৰানাৱটে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইভিএম হেক নকৰে, বৰঞ্চ মানুহৰ হৃদয় হেক কৰে । বিৰোধী দলৰ অভিযোগৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগনা ৰানাৱটে এই মন্তব্য কৰে ।

৯ ডিচেম্বৰত লোকসভাত নিৰ্বাচনী সংস্কাৰৰ বিতৰ্ক আৰম্ভ হয় । ইভিএমৰ ওপৰত জনসাধাৰণৰ সন্দেহ বেলট পেপাৰেৰে সমাধান কৰিব লাগে বুলি যুক্তি দি কংগ্ৰেছ দলে ইভিএমৰ খেলিমেলিৰ বিষয়টো উত্থাপন কৰে । তদুপৰি নিৰ্বাচন আয়োগৰ গোপন বুজাবুজিৰ অভিযোগ উত্থাপন কৰি মোদী চৰকাৰ আৰু বিজেপিক সমালোচনা কৰি নিৰ্বাচনী সংস্কাৰৰ বিতৰ্কৰ সময়ত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়েও ভাষণ দিয়ে ।

বুধবাৰে লোকসভাত হিমাচল প্ৰদেশৰ মাণ্ডীৰ বিজেপি সাংসদ আৰু অভিনেত্ৰী কংগনা ৰানাৱটেও এই বিষয়ত ভাষণ দিয়ে । ৰাহুল গান্ধীক লক্ষ্য কৰি তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে ইভিএম হেক নকৰে, বৰঞ্চ মানুহৰ হৃদয় হেক কৰে ।

কংগ্ৰেছ দলৰ বিৰুদ্ধে কংগনাই কয়, “এই লোকসকলে দাবী কৰে যে আগৰ দিনত ভোট দিয়াটোৱেই আছিল সৰ্বোত্তম । তেতিয়া ৰিগিং হৈছিল; এই লোকসকলে বেলট বাকচ চুৰি কৰিছিল ।”

বিৰোধী পক্ষক আক্ৰমণ কৰি বিজেপিৰ সাংসদ কংগনা ৰানাৱটে কয় যে, ‘SIR, SIR,SIR’ বুলি চিঞৰি প্ৰতিদিনে হুলস্থুলৰ সৃষ্টি কৰিছে । তেওঁলোকক চাই দুখ লাগি যায় । কালি ৰাহুল গান্ধীয়ে ভাষণত একেটা কথাকে আওৰাই থাকিল । অৱশেষত তেওঁলোক এগৰাকী বিদেশী মহিলাৰ ফটোক লৈ বিতৰ্ক কৰে । তেওঁ নিজেই বহুবাৰ উল্লেখ কৰিছে যে তেওঁ কেতিয়াও ভাৰতলৈ অহা নাই । তেওঁৰ ফটোখন প্লে কাৰ্ডত ব্যৱহাৰ কৰিছিল । তেওঁৰ ব্যক্তিত্বৰ অধিকাৰক আওকাণ কৰিলে । ইয়াৰ বাবে সংসদৰ হৈ মই ক্ষমা বিচাৰিছো ।“

লগতে পঢ়ক : “জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰী হোৱাটোৱেই আছিল প্ৰথমটো ভোট চুৰি”; SIR ৰ সন্দৰ্ভত ৰাহুল গান্ধীক প্ৰত্যুত্তৰ অমিত শ্বাহৰ