তাৰকা ক্ৰিকেটাৰ স্মৃতি মন্ধানাৰ সৈতে বিবাহক লৈ অৱশেষত নিজৰ মৌনতা ভংগ কৰিছে পলাশ মুচ্চলে । সামাজিক মাধ্যমৰ এটা পোষ্টত তেওঁ স্মৃতিৰ সৈতে বিবাহ সম্পৰ্কে প্ৰকাশ কৰে ।
ভাৰতীয় মহিলা ক্ৰিকেটাৰ স্মৃতি মন্ধানা আৰু গায়ক-পৰিচালক পলাশ মুচ্চলৰ বিবাহ সন্দৰ্ভত বিগত কেইবাদিনো ধাৰাবাহিকভাৱে জল্পনা-কল্পনাৰ সৃষ্টি হৈ আছিল । এতিয়া এই জল্পনা-কল্পনাত যতি পেলাই স্মৃতি আৰু পলাশ দুয়োজনে বিয়া বাতিল কৰাৰ সিদ্ধান্তৰ কথা ঘোষণা কৰিছে । স্মৃতি আৰু পলাশে বিবাহ ভংগ হোৱা বুলি নিশ্চিত কৰি সামাজিক মাধ্যমত পোষ্ট শ্বেয়াৰ কৰিছে । তেওঁলোক দুয়োজনে জীৱনত আগবাঢ়ি যাব বিচাৰে বুলি উল্লেখ কৰে । স্মৃতি আৰু পলাশৰ বিবাহ ভগাৰ খবৰে অনুৰাগীৰ মাজত এক বৃহৎ জোকাৰণিৰ সৃষ্টি কৰিছে ।
বিয়া ভাগিল স্মৃতি-পলাশৰ-
কণ্ঠশিল্পী পলাশ আৰু স্মৃতি মন্ধানাই বহুদিনৰ পৰা নিজৰ বিবাহক লৈ মৌনতা অৱলম্বন কৰিছিল । অৱশ্যে এতিয়া পলাশে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত এটা পোষ্ট শ্বেয়াৰ কৰি স্পষ্ট কৰি দিছে যে তেওঁ স্মৃতিৰ সৈতে বিবাহ নহয় । তেওঁ উল্লেখ কৰে যে যোৱা কেইবছৰমান তেওঁৰ বাবে অতি কঠিন আৰু এতিয়া তেওঁ নিজৰ অতীতৰ সম্পৰ্কৰ পৰা আগবাঢ়ি যাব বিচাৰে । পলাশে তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰাসকলৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ কথাও উল্লেখ কৰিছে ।
স্মৃতিৰ সৈতে বিবাহ সম্পৰ্কে কি ক’লে পলাশে ?
পলাশে নিজৰ পোষ্টত লিখিছে, “মই জীৱনত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছো । মই মোৰ ব্যক্তিগত সম্পৰ্কৰ পৰা পিছুৱাই আহিছো । ইমান সহজে আৰু কোনো ভিত্তি নোহোৱাকৈয়ে মানুহে মোৰ বাবে পবিত্ৰ কথাবোৰৰ ওপৰত নিজৰ মতামত দিয়াটো মোৰ বাবে অতি কঠিন হৈ পৰিছে । এইটো মোৰ জীৱনৰ আটাইতকৈ কঠিন সময় আৰু মই মোৰ বিশ্বাসত অটল থাকি ইয়াক চম্ভালিম ।”
পলাশে আৰু লিখিছে, “মই আন্তৰিকতাৰে আশা কৰিছো যে আমি সমাজ হিচাপে কেৱল উৎস নথকা অসত্য উৰাবাতৰিৰ ভিত্তিত কাৰোবাক বিচাৰ কৰাৰ আগতে থমকি ৰ’বলৈ শিকিম । আমাৰ কথাই কেতিয়াবা আমি কেতিয়াও কল্পনা কৰিব নোৱাৰা ঘাঁৰ সৃষ্টি কৰিব পাৰে ।”
পলাশৰ ধমকি-
পলাশে আৰু কয় যে তেওঁৰ বিষয়ে ভুৱা তথ্য প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে তেওঁ আইনী ব্যৱস্থা গ্ৰহণ কৰিব । গায়কাগৰাকীয়ে কয়, “আমি এই বিষয়সমূহ বিবেচনা কৰি থকাৰ সময়তে বিশ্বৰ বহু লোকে গুৰুতৰ পৰিণতিৰ সন্মুখীন হৈছে । ভুৱা আৰু মানহানিকাৰক তথ্য প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে মোৰ দলে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰিব । এই কঠিন সময়ত মোক সমৰ্থন কৰিবলৈ আগবাঢ়ি অহা সকলোকে মই আন্তৰিকতাৰে ধন্যবাদ জনাইছো ।”
লগতে পঢ়ক : বিয়া ভাগিল…! অৱশেষত ছ’চিয়েল মিডিয়াযোগে মৌনতা ভংগ কৰিলে স্মৃতি মন্ধানাই









