সোণাগাছিত এছ আই আৰৰ আতংক, ভোটাধিকাৰ থাকিবনে যৌনকর্মীৰ

সোণাগাছিত এছ আই আৰৰ আতংক, ভোটাধিকাৰ থাকিবনে যৌনকর্মীৰ

এছ আই আৰৰ প্রৱর্তনৰ পিছতে কলকাতাৰ ৰেডলাইট এলেকা সোণাগাছিত আতংকৰ সৃষ্টি হৈছে ৷ বিশেষ ব্যাপক পুনৰীক্ষণ (এছ আই আৰ)ৰ প্রৱর্তনৰ পিছতে কলকাতাৰ ৰেডলাইট এলেকা সোণাগাছিত আতংকৰ সৃষ্টি হৈছে ৷ ৰেডলাইট এলেকা সোণাগাছিত দেহোপজীৱিনী হিচাপে কাম কৰা মহিলাসকলৰ বেছিভাগৰে নাই পূর্বপুৰুষৰ পৰিচয় ৷ ইয়াৰ পিছতেই যৌনকর্মী

এছ আই আৰৰ প্রৱর্তনৰ পিছতে কলকাতাৰ ৰেডলাইট এলেকা সোণাগাছিত আতংকৰ সৃষ্টি হৈছে ৷

বিশেষ ব্যাপক পুনৰীক্ষণ (এছ আই আৰ)ৰ প্রৱর্তনৰ পিছতে কলকাতাৰ ৰেডলাইট এলেকা সোণাগাছিত আতংকৰ সৃষ্টি হৈছে ৷ ৰেডলাইট এলেকা সোণাগাছিত দেহোপজীৱিনী হিচাপে কাম কৰা মহিলাসকলৰ বেছিভাগৰে নাই পূর্বপুৰুষৰ পৰিচয় ৷ ইয়াৰ পিছতেই যৌনকর্মী আৰু তেওঁলোকৰ সন্তানৰ হৈ কাম কৰা স্বেচ্ছাসেৱী সংগঠন ‘দৰবাৰ’–এ আয়োগলৈ পত্র লিখি এই ভয়াৱহ সমস্যাৰ বিষয়ে অৱগত কৰিছে ৷

আয়োগে ইয়াৰ পিছতে যৌনকর্মীৰ নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ৯ ডিচেম্বৰত সোণাগাছিত এক বিশেষ শিবিৰৰ আয়োজন কৰে ৷ ‘দৰবাৰ’ৰ সভানেত্রী বিশাখা লস্কৰে কয়– ইতিমধ্যে নির্বাচন আয়োগৰ সৈতে কথা পতা হৈছে আৰু এইসকল কর্মীৰ বাবে শিবিৰ আয়োজন কৰাৰ আশ্বাস দিছে ৷

তেওঁ লগতে কয়– ২০০২ চনত প্রথমবাৰৰ বাবে ‘দৰবাৰ’ৰ উদ্যোগত যৌনকর্মীয়ে ভোটদান কৰিছিল ৷ ইয়াৰে কিছুমানৰ নাম ভোটাৰ তালিকাত আছে যদিও বহুতৰে নাই ৷ ঘৰৰ পৰা ওলাই যোৱা মহিলাই যিহেতু পিতৃ–মাতৃৰ নথি–পত্র সংগ্রহ কৰাটো অসম্ভৱ, সেয়েহে সকলো যৌনকর্মীৰ নাম এছ আই আৰত অন্তর্ভুক্ত কৰাৰ বাবে দাবী জনায় সভানেত্রীগৰাকীয়ে ৷

লগতে পঢ়ক : নাইট ক্লাবত বিধ্বংসী অগ্নিকাণ্ড; পৰ্যটকসহ ২৫জনৰ মৃত্যু

শেহতীয়া প্ৰৱন্ধসমূহ