শ্ৰীলংকাত দিটৱাহাৰ বিধ্বংসী ৰূপ; সাহায্যৰ বাবে ‘অপাৰেচন সাগৰ বন্ধু’ত যোগদান ভাৰতীয় সেনাৰ

শ্ৰীলংকাত দিটৱাহাৰ বিধ্বংসী ৰূপ; সাহায্যৰ বাবে ‘অপাৰেচন সাগৰ বন্ধু’ত যোগদান ভাৰতীয় সেনাৰ

শ্ৰীলংকাত কালঘূৰ্ণী দিটৱাহাে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । দুৰ্যোগ পীড়িত দেশখনক সাহায্যৰ বাবে ‘অপাৰেচন সাগৰ বন্ধু’ত যোগদান ভাৰতীয় সেনাৰ শ্ৰীলংকাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ঘূৰ্ণীবতাহ দিটৱাহাই । দিটৱাহাৰ ফলত হোৱা বান আৰু ভূমিস্খলনৰ ফলত প্ৰায় ৩০০ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক সন্ধানহীন হৈ আছে

শ্ৰীলংকাত কালঘূৰ্ণী দিটৱাহাে বিধ্বংসী ৰূপ ধাৰণ কৰিছে । দুৰ্যোগ পীড়িত দেশখনক সাহায্যৰ বাবে ‘অপাৰেচন সাগৰ বন্ধু’ত যোগদান ভাৰতীয় সেনাৰ

শ্ৰীলংকাত বিধ্বংসী ৰূপ ধাৰণ কৰিছে ঘূৰ্ণীবতাহ দিটৱাহাই । দিটৱাহাৰ ফলত হোৱা বান আৰু ভূমিস্খলনৰ ফলত প্ৰায় ৩০০ লোকৰ মৃত্যু হোৱাৰ লগতে বহু লোক সন্ধানহীন হৈ আছে । এই কঠিন সময়ত ভাৰতে চুবুৰীয়া দেশখনক অৰ্শনিশে সাহাৰ্য আগবঢ়াই আছে । ভাৰতে প্ৰেৰণ কৰা সাহায্য দলসমূহে ততাতৈয়াকৈ ক্ষতিগ্ৰস্ত উপকূলীয় অঞ্চলসমূহত কাম আৰম্ভ কৰিছে আৰু আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ কামত নিয়োজিত হৈছে । ভাৰতে অস্থায়ী আশ্ৰয় শিবিৰ নিৰ্মাণৰ লগতে ঔষধ, খাদ্য, পানী, সামগ্ৰীকে ধৰি বিভিন্ন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছে ।

এই কঠিন সময়ত ভাৰতীয় সেনাই অপাৰেচন সাগৰ বন্ধুৰ অধীনত শ্ৰীলংকাত বিশেষ দল মোতায়েন কৰি দেশখনৰ জনসাধাৰণৰ প্ৰয়োজনৰ সময়ত তেওঁলোকৰ সৈতে থিয় দিয়াৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰি তুলিছে । এই দলটোত সমৰ্পিত চিকিৎসা, অভিযান্ত্ৰিক আৰু সংকেত সঁজুলি থাকে, যিবোৰ তাৎক্ষণিক আৰু স্থায়ী সকাহ প্ৰদান কৰিবলৈ সাজু ।

চিকিৎসা দলটোত আছে এডভান্সড ড্ৰেছিং ষ্টেচন আৰু মোবাইল চাৰ্জিকেল টিম, যিবোৰ ডাঙৰ আৰু সৰু সৰু অস্ত্ৰোপচাৰ কৰিব পৰা অপাৰেচন থিয়েটাৰেৰে সজ্জিত । ইয়াৰ উপৰিও ইয়াত এটা নিৰ্দিষ্ট সুবিধা আছে যিয়ে এটা সময়ত ২০-৩০ জন ৰোগীক ৰাখিব পাৰে । ভাৰতীয় সেনাৰ দলটোৰ অভিযান্ত্ৰিক উপাদানসমূহে অত্যাৱশ্যকীয় সেৱা আৰু আন্তঃগাঁথনি পুনৰুদ্ধাৰত সহায় কৰিছে আৰু সংকেত ডিটেচমেণ্টে সাহায্য অভিযানৰ বাবে নিৰৱচ্ছিন্ন যোগাযোগ নিশ্চিত কৰিছে ।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিছানায়াকেৰ সৈতে ফোনযোগে বাৰ্তালাপ কৰে । প্ৰধানমন্ত্ৰী মোদীয়ে শ্ৰীলংকাৰ পৰিস্থিতিক লৈ দুখ প্ৰকাশ কৰি সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে । প্ৰধানমন্ত্ৰীয়ে ঘূৰ্ণীবতাহৰ ফলত শ্ৰীলংকাত জীৱন আৰু সম্পত্তিৰ ক্ষতি হোৱাক লৈ গভীৰ শোক প্ৰকাশ কৰি ৰাষ্ট্ৰপতিগৰাকীক কয় যে এই কঠিন সময়ত ভাৰত শ্ৰীলংকাৰ জনসাধাৰণৰ সৈতে দৃঢ়তাৰে থিয় দিছে । প্ৰধানমন্ত্ৰীয়ে দুৰ্দশাগ্ৰস্ত লোকসকলক উদ্ধাৰ আৰু সাহায্য প্ৰদানৰ বাবে চলি থকা অপাৰেচন সাগৰ বন্ধুৰ জৰিয়তে ভাৰতে অবিৰত সমৰ্থন আগবঢ়োৱাৰ আশ্বাসো প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে ।

লগতে পঢ়ক : শ্ৰীলংকাত দিটৱাহৰ তাণ্ডৱ; অপাৰেচন সাগৰ বন্ধুৰ জৰিয়তে সহায়ৰ হাত ভাৰতৰ

শেহতীয়া প্ৰৱন্ধসমূহ