গুৱাহাটীলৈ নাহে শুভমন গীল! দ্বিতীয় টেষ্টত খেলাক লৈ সংশয়

গুৱাহাটীলৈ নাহে শুভমন গীল! দ্বিতীয় টেষ্টত খেলাক লৈ সংশয়

গুৱাহাটীলৈ নাহে শুভমন গীল! ২২ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দ্বিতীয়খন টেষ্টত অধিনায়ক শুভমন গীলৰ অংশগ্ৰহণক লৈ সংশয়ে বিৰাজ কৰিছে । বুধবাৰে দলৰ সৈতে অধিনায়কগৰাকী গুৱাহাটীলৈ যাত্ৰা নকৰে বুলি খবৰ প্ৰকাশ পাইছে । কলকাতা টেষ্টৰ সময়ত ডিঙিত আঘাত পোৱাত চিকিৎসালয়ত ভৰ্তি হৈছিল গীল

গুৱাহাটীলৈ নাহে শুভমন গীল!

২২ নৱেম্বৰৰ পৰা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আৰম্ভ হ’বলগীয়া দ্বিতীয়খন টেষ্টত অধিনায়ক শুভমন গীলৰ অংশগ্ৰহণক লৈ সংশয়ে বিৰাজ কৰিছে । বুধবাৰে দলৰ সৈতে অধিনায়কগৰাকী গুৱাহাটীলৈ যাত্ৰা নকৰে বুলি খবৰ প্ৰকাশ পাইছে । কলকাতা টেষ্টৰ সময়ত ডিঙিত আঘাত পোৱাত চিকিৎসালয়ত ভৰ্তি হৈছিল গীল । দেওবাৰে তেওঁক চিকিৎসালয়ৰ পৰা ডিচচাৰ্জ দিয়া হয় ।

বুধবাৰে দলৰ সৈতে গুৱাহাটীলৈ নাহে শুভমন গীল-

জানিব পৰা মতে বুধবাৰে টীম ইণ্ডিয়াৰ সৈতে গুৱাহাটীলৈ যাত্ৰা নকৰে গীলে । তেওঁ ডিঙিত কলাৰ পিন্ধি থাকিব । তেওঁক তিনি-চাৰি দিন জিৰণি লোৱাৰ লগতে বিমান যাত্ৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিয়া হৈছে । এই পৰিস্থিতিত তেওঁক গুৱাহাটীলৈ যাবলৈ পৰামৰ্শ দিয়া হোৱা নাই । অৱশ্যে তেওঁৰ অগ্ৰগতি নিৰীক্ষণ কৰি থকা হৈছে আৰু মঙলবাৰৰ ভিতৰত এই সংশয়ক লৈ স্পষ্ট ছবি প্ৰকাশ পাব বুলি জানিব পৰা গৈছে ।

কোনে ল’ব গীলৰ ঠাই-

দ্বিতীয় আৰু অন্তিম টেষ্টৰ বাবে বুধবাৰে কলকাতাৰ পৰা গুৱাহাটীলৈ ৰাওনা হ’ব ভাৰতীয় দল । প্ৰথম টেষ্টৰ পিছত সংবাদমেলত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰে কয় যে গীলৰ মূল্যায়ন এতিয়াও চলি আছে, ফিজিঅ’ আৰু চিকিৎসা কৰ্মচাৰীৰ দ্বাৰা আন এক ৰাউণ্ডৰ মূল্যায়ন কৰা হ’ব । শুভমন গীলৰ অনুপস্থিতিত ভাৰতীয় দলটোৱে প্ৰথম টেষ্টৰ চতুৰ্থ ইনিংছত ১২৪ ৰানৰ লক্ষ্যত উপনীত হোৱাত ব্যৰ্থ হৈ ৩০ ৰানত পৰাস্ত হয় । যদি গীলক বাদ দিয়া হয় তেন্তে ভাৰতে বি ছাই সুদ্ৰশন আৰু দেৱদত্ত পাদিক্কলৰ বিকল্প লাভ কৰিব ।

লগতে পঢ়ক : ইডেন গাৰ্ডেনত টিম ইণ্ডিয়াৰ আত্মসমৰ্পণ… গীল বাহিনীৰ পৰাজয়ৰ আঁৰৰ কাৰণ