প্ৰথমবাৰলৈ মছজিদত সোণাক্ষী...; স্বামী ইকবালে ক’লে, ‘কৰা নহয় ধৰ্ম পৰিৱৰ্তন’

প্ৰথমবাৰলৈ মছজিদত সোনাক্ষী; স্বামী ইকবালে ক’লে এই কথা

স্বামী ইকবালে ক’লে এই কথা সোনাক্ষী সিনহা আৰু জাহীৰ ইকবাল অনুৰাগীৰ প্ৰিয় দম্পতী হিচাপে পৰিগণিত হৈছে। বিয়াৰ পিছতো দুয়ো বন্ধুৰ দৰে ধেমালি কৰি থাকে। আৰু তেওঁলোকৰ ভিডিঅ’বোৰ দৰ্শকে চাই ভাল পায়। অৱশ্যে দুয়োৰে বিবাহক লৈ যথেষ্ট চৰ্চাও হৈছিল। এতিয়া অভিনেত্ৰী গৰাকীয়ে দৈনিক vlog শ্বেয়াৰ কৰি

স্বামী ইকবালে ক’লে এই কথা

সোনাক্ষী সিনহা আৰু জাহীৰ ইকবাল অনুৰাগীৰ প্ৰিয় দম্পতী হিচাপে পৰিগণিত হৈছে। বিয়াৰ পিছতো দুয়ো বন্ধুৰ দৰে ধেমালি কৰি থাকে। আৰু তেওঁলোকৰ ভিডিঅ’বোৰ দৰ্শকে চাই ভাল পায়। অৱশ্যে দুয়োৰে বিবাহক লৈ যথেষ্ট চৰ্চাও হৈছিল।

এতিয়া অভিনেত্ৰী গৰাকীয়ে দৈনিক vlog শ্বেয়াৰ কৰি অনুৰাগীসকলক তেওঁলোক আবু-ধাবিত থকাৰ কথা উল্লেখ কৰে।

সোনাক্ষীয়ে কয় যে, “আবুধাবিত থাকি মই বিৰাট ভাল পাইছো। কাৰণ এইবাৰ প্ৰথমবাৰৰ বাবে মছজিদলৈ যাবলৈ ওলাইছো। মই মন্দিৰ আৰু গীৰ্জালৈ গৈছো, কিন্তু মছজিদলৈ কেতিয়াও যোৱা নাই।

মছজিদলৈ যোৱাৰ সন্দৰ্ভত সোনাক্ষীৰ বক্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জাহীৰ ইকবালে কয়, মই স্পষ্টকৈ কওঁ যে, মই তাইক ধৰ্ম পৰিৱৰ্তন কৰিবলৈ লৈ যোৱা নাই।

মাত্ৰ ধুনীয়া ঠাইখন চাবলৈ হে নিছো। যেনেদৰে আমি মন্দিৰ আৰু গীৰ্জালৈ চাবলৈ যাওঁ, তেনেকৈ মছজিদ চাবলৈহে যাওঁ। সোণাক্ষী আৰু জাহীৰৰ এই মৰমৰ বাবেই অনুৰাগী সকলে তেওঁলোকক যথেষ্ট পছন্দ কৰে।

লগতে পঢ়ক: বিবাহ বাৰ্ষিকীৰ বিশেষ উপহাৰ;ৰাজকুমাৰ ৰাওৰ ঘৰলৈ আহিল দেৱকন্যা

শেহতীয়া প্ৰৱন্ধসমূহ