ভাৰতৰ নতুন ভূমিকম্পৰ মানচিত্ৰ
ভাৰতে বহু দশকৰ অন্তত নিজৰ বৃহত্তম ভূমিকম্পৰ বিপদৰ মানচিত্ৰ (Seismic Zonation Map) সলনি কৰিছে । এতিয়া সমগ্ৰ হিমালয় অঞ্চলক সৰ্বোচ্চ বিপদজনক অঞ্চল VIত ৰখা হৈছে । পূৰ্বতে ইয়াক IV আৰু V জ’নত ভাগ কৰা হৈছিল । এতিয়া সমগ্ৰ দেশৰ ৬১% অঞ্চল মধ্যমীয়াৰ পৰা অতি উচ্চ বিপদৰ সন্মুখীন হৈছে ।
আটাইতকৈ বিপজ্জনক জ’ন VIত হিমালয় কিয় ?
পৃথিৱীৰ দুখন দ্ৰুততম সংঘৰ্ষ হোৱা প্লেটৰ মাজত হিমালয় আছে– প্ৰতি বছৰে ৫ চেণ্টিমিটাৰ উত্তৰ দিশলৈ যায় ভাৰতীয় প্লেট । যাৰ ফলত মাটিৰ ভিতৰত যথেষ্ট চাপৰ সৃষ্টি হৈছে । এই চাপ হঠাৎ মুক্ত হ’লে এক বিশাল ভূমিকম্পৰ সৃষ্টি হয় ।
হিমালয়ৰ তলত তিনিটা ডাঙৰ বিভাজন(ফল্ট)-
-মূল ফ্ৰন্টাল থ্ৰাষ্ট
-মূল বাউণ্ডেৰী থ্ৰাষ্ট
-মূল চেন্ট্ৰেল থ্ৰাষ্ট
এইবোৰ যিকোনো সময়তে ফাটি যাব পাৰে । বিশেষ কথাটো হ’ল যে যোৱা ২০০ বছৰত মধ্য হিমালয়ত কোনো ডাঙৰ ভূমিকম্প হোৱা নাই- অৰ্থাৎ তাত বহুত চাপ জমা হৈছে ।
ভূমিকম্পৰ মানচিত্ৰত নতুন কি আছে ?
সমগ্ৰ হিমালয় এতিয়া সামূহিকভাৱে VI জ’নত আছে । ডেৰাডুনৰ দৰে চহৰবোৰ এতিয়া ভয়ংকৰ বিপদৰ নিচেই কাষত (মোহণ্ড ফল্টৰ ওচৰত)। প্ৰথম জ’নৰ সীমান্তত নিৰ্মিত চহৰসমূহ এতিয়া উচ্চ বিপদজনক অঞ্চল হিচাবে গণনা কৰা হ’ব । কোমল মাটি বা সক্ৰিয় ফল্টত নতুন বসতি নিৰ্মাণত নিষেধাজ্ঞা । পুৰণি অট্টালিকাবোৰ শক্তিশালী (ৰেট্ৰ’ফিট) কৰাটো প্ৰয়োজনীয় হৈ পৰিছে ।
এতিয়া উত্তৰাখণ্ড, হিমাচল, জম্মু-কাশ্মীৰ, ছিকিম, অৰুণাচল আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সকলো পাহাৰীয়া অঞ্চল আটাইতকৈ বিপদত পৰিছে । দিল্লী-এন চি আৰ, গুজৰাট (কচ্চ), বিহাৰ-নেপাল সীমান্তও অতি বিপদজনক অঞ্চলত পৰিছে । দক্ষিণ ভাৰতৰ কিছু অংশহে কম বিপদজনক অঞ্চলত পৰিছে ।
বিজ্ঞানীসকলৰ মতে- এই ভূমিকম্পৰ মানচিত্ৰই আমাক সকীয়াই দিছে যে যিকোনো সময়তে ডাঙৰ ডাঙৰ ভূমিকম্প হ’ব পাৰে । এতিয়াই প্ৰস্তুতি চলালে লাখ কোটি টকা ৰক্ষা কৰিব পৰা যাব । এতিয়া সময় হৈছে প্ৰতিখন চহৰ, প্ৰতিখন গাঁৱক ভূমিকম্পৰ পৰা সুৰক্ষিত কৰাৰ ।
লগতে পঢ়ক : অন্ধকাৰে গ্ৰাস কৰিলে এই অঞ্চল… ২২ জানুৱাৰীলৈ উদয় নহয় সূৰ্য









