২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট; প্ৰাৰ্থী তালিকাত প্ৰাধান্য পাব নতুন মুখে

২৬ৰ নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট; প্ৰাৰ্থী তালিকাত প্ৰাধান্য পাব নতুন মুখে

নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট ২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ । এই নিৰ্বাচনী যুঁজৰ বাবে শাসক-বিৰোধী উভয়েই সাজু হোৱা পৰিলক্ষিত হৈছে । দিছপুৰৰ মচনদ পুনৰ দখলৰ বাবে কঁকালত টঙালি বান্ধিছে বিজেপি মিত্ৰজোঁটে । নিজৰ তিনিটা মিত্ৰ দলৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া ৰণকৌশল

নিৰ্বাচনলৈ সাজু বিজেপি মিত্ৰজোঁট

২০২৬ৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ । এই নিৰ্বাচনী যুঁজৰ বাবে শাসক-বিৰোধী উভয়েই সাজু হোৱা পৰিলক্ষিত হৈছে । দিছপুৰৰ মচনদ পুনৰ দখলৰ বাবে কঁকালত টঙালি বান্ধিছে বিজেপি মিত্ৰজোঁটে । নিজৰ তিনিটা মিত্ৰ দলৰ সৈতে আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে এতিয়া ৰণকৌশল প্ৰস্তুতত ব্যস্ত হৈ পৰিছে বিজেপি । ইতিমধ্যে আগন্তুক নিৰ্বাচনৰ বাবে চিন্তা-চৰ্চা আৰম্ভ কৰা বুলি ৰাজহুৱাকৈ উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

বিজেপি, অগপ, বিপিএফ আৰু ইউপিপিএলকে ধৰি ৰাজ্যৰ শাসকীয় বিজেপি মিত্ৰজোঁটে এতিয়া নিৰ্বাচনত শক্তিশালী প্ৰদৰ্শন নিশ্চিত কৰাৰ লক্ষ্যৰে অধিক সংগঠিত নিৰ্বাচনী কৌশলৰ দিশে আগবাঢ়িছে ।

শনিবাৰে বজালীত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে চাৰিটা দলৰ অংশীদাৰিত্ব অক্ষত আছে যদিও আগন্তুক নিৰ্বাচনত মিত্ৰতাই কেনেদৰে কাম কৰিব সেই সন্দৰ্ভত বিতং আলোচনা চলি আছে । তেওঁ কয়,‘বৰ্তমান চাৰিটা দল অগপ, বিজেপি, বিপিএফ আৰু ইউপিপিএল একেলগে আছে । নিৰ্বাচনৰ সময়ত আমি কেনেদৰে আগবাঢ়ো সেয়া কৌশলেৰে পৰিকল্পনা কৰিব লাগিব । আমাৰ উদ্দেশ্য স্পষ্ট- কৌশলগতভাৱে পৰিকল্পনা কৰিব লাগিব আৰু আমাৰ জয় নিশ্চিত কৰিব লাগিব ।’

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে, শনিবাৰে নিৰ্বাচন পৰিচালনা সমিতি আৰু নিৰ্বাচনী ইস্তাহাৰ সমিতি আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ব । মুখ্যমন্ত্রীগৰাকীয়ে লগতে কয় যে অগপ, বিপিএফ আৰু ইউপিপিএল নেতৃত্বৰ সৈতে অচিৰেই বৈঠক অনুষ্ঠিত হোৱাৰ লগতে আভ্যন্তৰীণ মূল্যায়ন আৰু প্রার্থীৰ সমীক্ষাও আৰম্ভ কৰা হ’ব ৷

উল্লেখ্য যে, এই নিৰ্বাচনত বিজেপিৰ এটা লক্ষ্য হৈছে নতুন মুখ প্ৰক্ষেপ কৰা । ড০ শৰ্মাই কয় যে দলটোৱে কেৱল পুৰণি প্ৰাৰ্থীৰ ওপৰত নিৰ্ভৰ কৰি চলিব নোৱাৰে আৰু নতুনক অগ্ৰাধিকাৰ দিব লাগিব ।

তেওঁ কয়, ‘বিজেপি কেৱল পুৰণি মুখ লৈ জীয়াই থকা দল নহয়, যদি আমি নতুন প্ৰাৰ্থী আনিব নোৱাৰো তেন্তে দলটো স্থবিৰ হৈ পৰিব । সেইবাবেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰতিটো নিৰ্বাচনত পাঁচৰ পৰা দহখন নতুন মুখৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । সম্ভৱ হ’লে আমি এই সংখ্যাৰ বাহিৰলৈয়ো যোৱা উচিত ।’

প্ৰজন্মৰ পৰিৱৰ্তন আৰু বৃহৎ প্ৰতিনিধিত্বৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে প্ৰাৰ্থী চূড়ান্ত কৰাৰ সময়ত যুৱ নেতা আৰু মহিলাসকলে অধিক গুৰুত্ব লাভ কৰিব । তেওঁ কয়, ‘মই আমাৰ প্ৰাৰ্থীৰ তালিকাত অধিক যুৱক-যুৱতী আৰু মহিলাক স্থান দিব বিচাৰো । দলৰ ভৱিষ্যতৰ বাবে আৰু অধিক গতিশীল ৰাজনৈতিক পৰিৱেশৰ বাবে তেওঁলোকৰ অংশগ্ৰহণ অতি প্ৰয়োজনীয় । আমি যদি ভাল আৰু সক্ষম প্ৰাৰ্থীক প্ৰক্ষেপ কৰিবলৈ সক্ষম হওঁ তেন্তে সঁচাকৈয়ে সুখী হ’ম ।’

লগতে পঢ়ক : মিঞাৰ বিৰুদ্ধে উচ্ছেদ চলোৱাত কংগ্ৰেছৰ আপত্তি কিয় ? মুখ্যমন্ত্ৰীৰ প্ৰশ্ন