ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে… গুৱাহাটীত ভংগ হ’ল ১৪৮ বছৰীয়া এক পৰম্পৰা

ক্ৰিকেটৰ ইতিহাসত প্ৰথমবাৰৰ বাবে… গুৱাহাটীত ভংগ হ’ল ১৪৮ বছৰীয়া এক পৰম্পৰা

গুৱাহাটীত ভংগ হ’ল ১৪৮ বছৰীয়া এক পৰম্পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্ট মেচত ইতিহাস সৃষ্টি হয় । দৰাচলতে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটৰ ১৪৮ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে নিয়মীয়া টেষ্ট মেচত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহ বিৰতি লোৱা

গুৱাহাটীত ভংগ হ’ল ১৪৮ বছৰীয়া এক পৰম্পৰা

গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন টেষ্ট মেচত ইতিহাস সৃষ্টি হয় । দৰাচলতে ক্ৰিকেটৰ আটাইতকৈ দীঘলীয়া ফৰ্মেটৰ ১৪৮ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে নিয়মীয়া টেষ্ট মেচত দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহ বিৰতি লোৱা হয় । দিবা-নৈশ টেষ্টত সাধাৰণতে ৰাতিৰ আহাৰ খোৱাৰ আগতে চাহ খোৱা হয় যদিও প্ৰথম টেষ্ট আয়োজন কৰা গুৱাহাটীয়ে দুপৰীয়াৰ আহাৰ গ্ৰহণৰ পূৰ্বে চাহৰ বিৰতি লৈ এক নতুন অভিলেখ গঢ়ি তুলিছে ।

কিয় লোৱা হ’ল এই সিদ্ধান্ত ?

উত্তৰ-পূব ভাৰতত আগতীয়াকৈ হোৱা সূৰ্য্য উদয় আৰু সূৰ্যাস্তৰ বাবেই এই সিদ্ধান্ত লোৱা হয় । ফলত টেষ্ট মেচৰ প্ৰথম অধিবেশন পুৱা ৯:০০ বজাৰ পৰা ১১:০০ বজালৈ অনুষ্ঠিত হয়, তাৰ পিছত পুৱা ১১ বজাৰ পৰা ১১:২০ বজালৈ চাহৰ বিৰতি অনুষ্ঠিত হয় ।

উল্লেখ্য যে, গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত দ্বিতীয়খন টেষ্টত দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিবলৈ সিদ্ধান্ত লয় । ইতিমধ্যে এই শৃংখলাত ১-০ ব্যৱধানত পিছ পৰি আছে টিম ইণ্ডিয়া । দুখন মেচৰ শৃংখলাৰ দ্বিতীয়খন মেচত জয়ী হোৱাটো ভাৰতৰ বাবে অতি গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : ভাৰতৰ ৩০ সংখ্যক টেষ্ট চেন্টাৰ হিচাবে পৰিগণিত বৰ্ষাপাৰা ষ্টেডিয়াম; এতিয়ালৈকে এইসমূহ গ্ৰাউণ্ডত হৈছে প্ৰতিদ্বন্দ্বিতা…

শেহতীয়া প্ৰৱন্ধসমূহ