গুৱাহাটী ভ্ৰমণ নিশ্চিত শুভমন গীলৰ… কিন্তু দ্বিতীয় টেষ্টত অংশগ্ৰহণত অনিশ্চয়তা

গুৱাহাটী ভ্ৰমণ নিশ্চিত শুভমন গীলৰ… কিন্তু দ্বিতীয় টেষ্টত অংশগ্ৰহণত অনিশ্চয়তা

গুৱাহাটী ভ্ৰমণ নিশ্চিত শুভমন গীলৰ টিম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীলৰ গুৱাহাটী ভ্ৰমণ নিশ্চিত হৈছে । এই তথ্য প্ৰকাশ পাইছে বিচিচিআইৰ শেহতীয়া আপডেটত । অৱশ্যে ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনত তেওঁ খেলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷ দক্ষিণ

গুৱাহাটী ভ্ৰমণ নিশ্চিত শুভমন গীলৰ

টিম ইণ্ডিয়াৰ অধিনায়ক শুভমন গীলৰ গুৱাহাটী ভ্ৰমণ নিশ্চিত হৈছে । এই তথ্য প্ৰকাশ পাইছে বিচিচিআইৰ শেহতীয়া আপডেটত । অৱশ্যে ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া, গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া টেষ্ট মেচখনত তেওঁ খেলিব নে নাই সেয়া এতিয়াও স্পষ্ট হোৱা নাই ৷

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে কলকাতা টেষ্টৰ দ্বিতীয় দিনা ডিঙিত আঘাত পোৱাত গীলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । তেওঁক চিকিৎসাক কৰি পৰ্যবেক্ষণত ৰখা হৈছিল আৰু পিছদিনা তেওঁক ডিচচাৰ্জ দিয়া হৈছিল ।

বিচিচিআইৰ চিকিৎসা দলৰ মতে, শুভমন গীলে চিকিৎসাৰ ক্ষেত্ৰত ভাল সঁহাৰি দিছে । ১৯ ​​নৱেম্বৰত গীল দলৰ সৈতে গুৱাহাটীলৈ আহিব বুলি সিদ্ধান্ত লোৱা হৈছে । কিন্তু তেওঁৰ আঘাতৰ ওপৰত নিৰন্তৰ নিৰীক্ষণ কৰা হ’ব আৰু চিকিৎসা দলৰ প্ৰতিবেদনৰ ভিত্তিত দ্বিতীয়খন টেষ্টত অংশগ্ৰহণৰ চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব ।

এতিয়া যদি গীল গুৱাহাটী টেষ্টৰ বাবে ফিট নহয়, তেন্তে তেওঁৰ ঠাইত দায়িত্ব ল’ব ঋষভ পণ্টে । গীলৰ ৪ নং স্থানত খেলিব পাৰে ছাই সুদৰ্শন বা দেৱদত্ত পাডিক্কালে । ইফালে দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই শৃংখলা জয়ৰ বাবে অন্ততঃ ড্ৰ’ৰ ওপৰত চকু ৰাখিব ।

লগতে পঢ়ক : শ্বেখ হাছিনাৰ মৃত্যুদণ্ডৰ ৰায়দানৰ প্ৰভাৱ ? ভাৰত-বাংলাদেশ শৃংখলাক লৈ বিচিচিআইৰ ডাঙৰ সিদ্ধান্ত !