বিবাদ নিস্পত্তিৰ বাবে সন্মতি ! ভাৰতে শীঘ্ৰেই লাভ কৰিব এছিয়া কাপৰ ট্ৰফী

বিবাদ নিস্পত্তিৰ বাবে সন্মতি ! ভাৰতে শীঘ্ৰেই লাভ কৰিব এছিয়া কাপৰ ট্ৰফী

ভাৰতে শীঘ্ৰেই লাভ কৰিব এছিয়া কাপৰ ট্ৰফী ভাৰতে শীঘ্ৰেই এছিয়া কাপ ২০২৫ৰ ট্ৰফী লাভ কৰাৰ সম্ভাৱনা আছে । বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই জনোৱা মতে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ তথা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীৰ মাজত বিবাদৰ

ভাৰতে শীঘ্ৰেই লাভ কৰিব এছিয়া কাপৰ ট্ৰফী

ভাৰতে শীঘ্ৰেই এছিয়া কাপ ২০২৫ৰ ট্ৰফী লাভ কৰাৰ সম্ভাৱনা আছে । বি চি চি আইৰ সচিব দেৱজিৎ শইকীয়াই জনোৱা মতে, ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড আৰু এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ তথা পাকিস্তান ক্ৰিকেট ব’ৰ্ডৰ অধ্যক্ষ মহছিন নাকৱীৰ মাজত বিবাদৰ সমাধান হোৱাৰ লগে লগে ২০২৫ বৰ্ষৰ এছিয়া কাপ বিজয়ী ভাৰতীয় দলে ট্ৰফী লাভ কৰাৰ সম্ভাৱনা আছে । তেওঁ কয়, বি চি চি আই আৰু পি চি বিৰ মুৰব্বী মহছিন নাকৱীয়ে এছিয়া কাপ ট্ৰফী বিবাদ সৌহাৰ্দ্যপূৰ্ণভাৱে সমাধান কৰাৰ সংকল্প লৈছে ।

শইকীয়াই আৰু কয় যে আই চি চিৰ বৈঠকৰ আঁৰত নাকৱীৰ সৈতে আমি কথ পাতিছিলো । দুয়োপক্ষই অতি সোনকালে সমস্যাটো সমাধানৰ উপায় বিচাৰি উলিয়াব । তেওঁ লগতে কয় যে আলোচনা শেষ হৈছে, এতিয়া বিভিন্ন বিকল্পৰ কথা বিবেচনা কৰা হ’ব ।

আই চি চিৰ অনানুষ্ঠানিক আৰু আনুষ্ঠানিক দুয়োখন বৈঠকৰ অংশ আছিল বুলিও শইকীয়াই কয় । পি চি বিৰ অধ্যক্ষ মহছিন নাকৱীও এই বৈঠকত উপস্থিত থাকে । আনুষ্ঠানিক বৈঠকৰ সময়ত কাৰ্যসূচী নাছিল যদিও আই চি চিৰ এজন জ্যেষ্ঠ বিষয়া আৰু আন এজন জ্যেষ্ঠ বিষয়াৰ উপস্থিতিত শইকীয়া আৰু পি চি বিৰ মুৰব্বীৰ মাজত পৃথক বৈঠকৰ ব্যৱস্থা কৰা হয় । বি চি চি আইৰ সচিবগৰাকীয়ে কয় যে অতি সোনকালে ইয়াৰ সমাধানৰ সন্ধান পোৱা যাব ।

লগতে পঢ়ক : আজি ভাৰত-অষ্ট্ৰেলিয়াৰ পঞ্চমখন T20 মেচ; শৃংখলা দখলৰ লক্ষ্যৰে যুঁজত নামিব সূৰ্য বাহিনী