আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী; ৰাজ্যজুৰি সংগীত সূৰ্যক স্মৰণ

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী; ৰাজ্যজুৰি সংগীত সূৰ্যক স্মৰণ

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পুণ্য তিথি আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী । ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানেৰে ব্যক্তি তথা চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে স্মৰণ কৰিছে সুধাকণ্ঠক । মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত কিংবদন্তি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই তেওঁক “হৃদয় একত্ৰিত কৰা কণ্ঠ”

সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ পুণ্য তিথি

আজি সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকী । ৰাজ্যজুৰি বিভিন্ন অনুষ্ঠানেৰে ব্যক্তি তথা চৰকাৰী, বে-চৰকাৰী অনুষ্ঠান-প্ৰতিষ্ঠানে স্মৰণ কৰিছে সুধাকণ্ঠক ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াৰ এটা পোষ্টত কিংবদন্তি শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই তেওঁক “হৃদয় একত্ৰিত কৰা কণ্ঠ” বুলি অভিহিত কৰে ।

সুধাকণ্ঠৰ কালজয়ী সৃষ্টি অনুশীলন কৰা স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ভিজুৱেল শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰীয়ে লিখিছে, “ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীত তেওঁৰ অমৰ ৰচনা ‘মানুহে মনুহৰ বাবে’ৰ জিলাব্যাপী পৰিবেশনৰ বাবে সমগ্ৰ অসমতে অনুশীলন চলি আছে ।”

ৰাজ্য চৰকাৰৰ সাংস্কৃতিক আৰু তথ্য আৰু জনসংযোগ বিভাগে সকলো জিলাতে সুধাকণ্ঠৰ পুণ্যতিথিত তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱাৰ বাবে সমবেত সংগীত পৰিবেশন, চলচ্চিত্ৰ প্ৰদৰ্শন আৰু মাল্যাৰ্পণকে ধৰি বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰিছে । প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰীসকলে নিজ নিজ জিলাত এক সমন্বিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ প্ৰস্তুতিৰ তদাৰক কৰিছে ।

ইফালে পুৱা ৯ বজাৰ পৰা জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থ আৰু ১১ বজাৰ পৰা লতাশিল খেলপথাৰত ৰাজ্যিক পৰ্যায়ৰ মূল অনুষ্ঠানসমূহ অনুষ্ঠিত হৈছে । পুৱা জালুকবাৰীস্থিত ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত বিশ্ববৰেণ্য শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । আনহাতে লতাশিলত সাংসক্ৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত অনুষ্ঠানত ৫ হাজাৰ লোকে একেলগে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত পৰিৱেশন কৰে ।

আনহাতে সদৌ অসম ছাত্ৰ সন্থাই পুৱা ১০.৩০ বজাৰ পৰা গুৱাহাটীৰ দীঘলীপুখুৰীত বাৰ্ষিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে । এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানৰ পিছতে সন্ধিয়া সুধাকণ্ঠৰ স্মৃতিত ১০ হাজাৰ বন্তি প্ৰজ্বলন কৰা হ’ব ।

লগতে পঢ়ক : অসমলৈ কেতিয়া আহিব প্ৰধানমন্ত্ৰী মোদী ? অসমবাসীলৈ উৎসৰ্গা কৰিব দুটাকৈ প্ৰকল্প

শেহতীয়া প্ৰৱন্ধসমূহ