বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ আৰ ডি আই পুঁজি আঁচনিৰ শুভাৰম্ভ...

বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ আৰ ডি আই পুঁজি আঁচনিৰ শুভাৰম্ভ…

বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ আঁচনিৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হোৱা বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলনত এক লাখ কোটি টকাৰ গৱেষণা,উন্নয়ন আৰু উদ্ভাৱন আঁচনিৰ আৰ ডি আই পুঁজি আৰম্ভ কৰিছে। এই ধনেৰে ব্যক্তিগত কোম্পানীক এআই, কোৱাণ্টাম কম্পিউটিং,স্বচ্ছ

বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলনত প্ৰধানমন্ত্ৰী মোদীৰ আঁচনিৰ শুভাৰম্ভ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মাণ্ডপামত অনুষ্ঠিত হোৱা বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলনত এক লাখ কোটি টকাৰ গৱেষণা,উন্নয়ন আৰু উদ্ভাৱন আঁচনিৰ আৰ ডি আই পুঁজি আৰম্ভ কৰিছে।

এই ধনেৰে ব্যক্তিগত কোম্পানীক এআই, কোৱাণ্টাম কম্পিউটিং,স্বচ্ছ শক্তিৰ দৰে ক্ষেত্ৰত ডিপ-টেক প্ৰকল্পৰ বাবে কম বা শূন্য সুতৰ হাৰৰ ঋণ আৰু বৃদ্ধিৰ মূলধন বা ধন প্ৰদান কৰিব।

ইয়াৰ সহায়ত ভাৰতৰ উদ্ভাৱন পৰিৱেশ তন্ত্ৰ শক্তিশালী হ’ব আৰু উচ্চমানৰ গৱেষণাত ব্যক্তিগত খণ্ডৰ অংশগ্ৰহণ বৃদ্ধি পাব।

ESTIC 2025 অৰ্থাৎ বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন কনক্লেভ ২০২৫ চনৰ ৩ৰ পৰা ৫ নৱেম্বৰলৈ আয়োজন কৰা হৈছে।

এই সন্মিলনত শিক্ষা, গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ আৰু চৰকাৰৰ ৩০০০ৰো অধিক অংশগ্ৰহণকাৰীৰ লগতে নোবেল বিজয়ী, বিশিষ্ট বিজ্ঞানী, উদ্ভাৱক আৰু নীতি নিৰ্ধাৰকসকলেও এই অনুষ্ঠানত যোগদান কৰিছে।

প্ৰধানমন্ত্ৰী মোদীয়ে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱন সন্মিলন (ESTIC) ২০২৫ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি কয় যে, “আজিৰ অনুষ্ঠানটো বিজ্ঞানৰ লগত জড়িত কিন্তু প্ৰথমে মই ক্ৰিকেটত ভাৰতৰ মহান জয়ৰ কথা কম। সমগ্ৰ ভাৰতবাসীয়ে ঘৰুৱা দলটোৰ সফলতাত অতি সুখী হৈছে।

প্ৰধানমন্ত্ৰী মোদীয়ে ইয়াত থকা বিজ্ঞানীসকলক অভিনন্দন জনাই কয় যে কালি ভাৰতীয় বিজ্ঞানীসকলে ভাৰতৰ গধুৰ যোগাযোগ উপগ্ৰহ উৎক্ষেপণ কৰে আৰু এই অভিযানৰ লগত জড়িত সকলো বিজ্ঞানীকে আন্তৰিক অভিনন্দন জনাইছো।

কালি ভাৰতে সমগ্ৰ বিশ্বতে বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত ধ্বজা উৰুৱাইছে।আজি বিজ্ঞান আৰু প্ৰযুক্তিৰ ক্ষেত্ৰতো এটা ডাঙৰ দিন হয় আৰু একবিংশ শতিকাত আমাক এনে বিশেষজ্ঞৰ প্ৰয়োজন যিয়ে বিজ্ঞান, প্ৰযুক্তি আৰু উদ্ভাৱনৈ আহি নতুন দিশ দেখুৱাব।

লগতে পঢ়ক: Google Chrome ব্যৱহাৰকাৰী সকল সাৱধান! চৰকাৰে জাৰি কৰিলে সতৰ্কবাণী