তেলেংগানাত বাছ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ১৫জনৰ মৃত্যু

তেলেংগানাত বাছ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ; ১৫জনৰ মৃত্যু

তেলেংগানাত বাছ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ সোমবাৰে পুৱা তেলেংগানাৰ ৰঙাৰেড্ডী জিলাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে ১৬ জনলোক নিহত হয়।ইফালে ৮ জন লোক গুৰুত্বৰভাৱে আহত হৈছে। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি চেভেলা মণ্ডলৰ খানাপুৰ মঞ্চৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল, যেতিয়া শিলগুটি

তেলেংগানাত বাছ আৰু ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ

সোমবাৰে পুৱা তেলেংগানাৰ ৰঙাৰেড্ডী জিলাত এক শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোত থিতাতে ১৬ জনলোক নিহত হয়।ইফালে ৮ জন লোক গুৰুত্বৰভাৱে আহত হৈছে।

আৰক্ষীয়ে দিয়া তথ্য অনুসৰি চেভেলা মণ্ডলৰ খানাপুৰ মঞ্চৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হৈছিল, যেতিয়া শিলগুটি ভৰ্তি এখন ট্ৰাক আৰু তেলেংগানা ৰাজ্যিক পথ পৰিবহণ নিগমৰ এখন বাছৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল।

প্ৰত্যক্ষদৰ্শীৰ মতে,তীব্ৰবেগত অহা দুয়োখন বাছে টাৰ্ণিংত নিয়ন্ত্ৰণ হেৰুৱাই মুখামুখি সংঘৰ্ষ হয়। সংঘৰ্ষটো ইমানেই ভয়াৱহ আছিল যে শিলগুটি ভৰ্তি ট্ৰাকখন বাছখনৰ ওপৰত বাগৰি পৰে।

যাৰ বাবে বাছখনত বহি থকা যাত্ৰীসকল গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছত সেই স্থানত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হয়।

লগে লগে স্থানীয় ৰাইজ আৰু আৰক্ষী লোক উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে।  আহতসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, য’ত বহু লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।  

লগতে পঢ়ক: দেশ কঁপাই যোৱা ভয়ংকৰ পথ দুৰ্ঘটনা; ৰৈ থকা ট্ৰাকত খুন্দা ট্ৰেভালাৰৰ,১৬ জনৰ মৃত্যু