১০ বছৰৰ পাছতো ‘বাহুবলী’ৰ শক্তি প্ৰদৰ্শন;পুনৰ মুক্তিৰ প্ৰথম দিনাই উপাৰ্জন ১০ কোটি টকা

১০ বছৰৰ পাছতো ‘বাহুবলী’ৰ শক্তি প্ৰদৰ্শন;পুনৰ মুক্তিৰ প্ৰথম দিনাই উপাৰ্জন ১০ কোটি টকা

১০ বছৰৰ পাছতো ‘বাহুবলী’ৰ শক্তি প্ৰদৰ্শন দক্ষিণৰ চিনেমাক উত্তৰত জনপ্ৰিয় কৰি তোলাৰ বাবে এছ.এছ.ৰাজামৌলিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছে বুলি ধৰা হয়।এটা সময় আছিল, যেতিয়া দক্ষিণ ভাৰতীয় ছবিয়ে উত্তৰত ইমান ডাঙৰ উপাৰ্জন লাভ কৰা নাছিল। কিন্তু ২০১৫ চনত যেতিয়া এছ এছ ৰাজামৌলিয়ে ‘বাহুবলী’ মুক্তি দিছিল,তেতিয়াৰে পৰা

১০ বছৰৰ পাছতো ‘বাহুবলী’ৰ শক্তি প্ৰদৰ্শন

দক্ষিণৰ চিনেমাক উত্তৰত জনপ্ৰিয় কৰি তোলাৰ বাবে এছ.এছ.ৰাজামৌলিয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছে বুলি ধৰা হয়।এটা সময় আছিল, যেতিয়া দক্ষিণ ভাৰতীয় ছবিয়ে উত্তৰত ইমান ডাঙৰ উপাৰ্জন লাভ কৰা নাছিল।

কিন্তু ২০১৫ চনত যেতিয়া এছ এছ ৰাজামৌলিয়ে ‘বাহুবলী’ মুক্তি দিছিল,তেতিয়াৰে পৰা সকলো সমীকৰণ সলনি হৈ গ’ল।তাৰ পিছতে পৰাই দক্ষিণ ভাৰতীয় ছবিৰ প্ৰতি অনুৰাগীৰ আগ্ৰহ ক্ৰমান্বয়ে বাঢ়ি আহিছিল।

অনুৰাগীৰ মাজত ‘বাহুবলী’ৰ কিমান উন্মাদনা আছে, সেই কথা পুনৰাই কোৱাৰ দৰকাৰ নাই।১০ বছৰৰ পিছত ‘বাহুবলী’ৰ দুয়োটা অংশই পুনৰবাৰ ছবিগৃহত মুক্তি দিয়া হয়।

যিয়ে বিশ্বজুৰি ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন কৰা দেখিবলৈ পোৱা গৈছে। ইতিমধ্যে ছবিগৃহত ছবিখনক পুনৰ চাবৰ বাবে অনুৰাগীসকল উৎসাহিত হৈ পৰিছিল।দুয়োটা খণ্ড একেলগ কৰি ৩১ অক্টোবৰত ‘বাহুবলী: দ্য এপিক’ মুক্তি দিয়া হয়।

এক প্ৰতিবেদন অনুসৰি,‘বাহুবলী: দ্য এপিক’ৰ আৰম্ভণিৰ দিনটোত ভাৰতত নেট ৯.২৫ কোটি টকা সংগ্ৰহ কৰিছে।ইয়াৰ আগদিনা বিশেষ প্ৰদৰ্শনীত প্ৰায় ১.১৫ কোটি টকা উপাৰ্জন কৰিছিল,যাৰ বাবে ইয়াৰ প্ৰথম দিনটোৰ মুঠ সংগ্ৰহ প্ৰায় ১০.৪ কোটি টকা হৈছে।

লগতে পঢ়ক: ‘তেওঁ সাগৰখন সাঁতুৰিব নোৱাৰিলে’; ‘ৰৈ ৰৈ বিনালে’ উপভোগ কৰি কান্দোনত ভাগি পৰিল অনুৰাগী…