ভয়ংকৰ কাণ্ড; দিন-দুপৰতে প্ৰায় ২০ টা শিশুক পণবন্দি ইউটিউবাৰৰ

দিন-দুপৰতে প্ৰায় ২০ টা শিশুক পণবন্দি ইউটিউবাৰৰ বৃহস্পতিবাৰে মুম্বাইৰ পোৱাই অঞ্চলত এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে।এজন যুৱকে দিন-দুপৰতে পণবন্দি কৰিলে প্ৰায় ২০ টি শিশুক। আৰ এ ষ্টুডিঅ’ৰ প্ৰথম মহলাত অভিনয়ৰ ক্লাছ অনুষ্ঠিত হয়। বৃহস্পতিবাৰে পুৱা প্ৰায় ১০০ টা শিশু অডিচনৰ বাবে ইয়াত উপস্থিত হৈছিল।সেই সময়তে

দিন-দুপৰতে প্ৰায় ২০ টা শিশুক পণবন্দি ইউটিউবাৰৰ

বৃহস্পতিবাৰে মুম্বাইৰ পোৱাই অঞ্চলত এক চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে।এজন যুৱকে দিন-দুপৰতে পণবন্দি কৰিলে প্ৰায় ২০ টি শিশুক। আৰ এ ষ্টুডিঅ’ৰ প্ৰথম মহলাত অভিনয়ৰ ক্লাছ অনুষ্ঠিত হয়।

বৃহস্পতিবাৰে পুৱা প্ৰায় ১০০ টা শিশু অডিচনৰ বাবে ইয়াত উপস্থিত হৈছিল।সেই সময়তে ষ্টুডিঅ’ত কাম কৰা আৰু ইউটিউব চেনেল চলোৱা ৰোহিতে ১৫ৰ পৰা ২০টা শিশুক পণবন্দী কৰি লয়।

তথ্য অনুসৰি বিগত চাৰি-পাঁচ দিন ধৰি তেওঁ ইয়াত অডিচন চলাই আহিছিল।আজি  প্ৰায় ৮০ টা শিশুক তেওঁ ঘূৰাই পঠিয়াই,কিন্তু বাকী ল’ৰা-ছোৱালীকেইটাক এটা কোঠাত আবদ্ধ কৰি ৰাখিছিল।

শিশুসকলে সহায়ৰ খিৰিকীৰে চিঞৰ বাখৰ কৰাত সকলোৱে সেই কথা জানিব পাৰে। যাৰ ফলত ওচৰৰ লোকসকলৰ মাজত আতংকৰ সৃষ্টি হৈছিল।

তথ্য পোৱাৰ লগে লগে সেই স্থানত বৃহৎ আৰক্ষী বাহিনী উপস্থিত হয়।আৰক্ষীয়ে অভিযুক্তৰ পৰিচয় আৰু উদ্দেশ্য নিৰ্ণয়ৰ চেষ্টা চলাই আছে।অৱশ্যে অভিযুক্তৰ দাবী কি সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

ষ্টুডিঅ’ৰ বাহিৰত হাই এলাৰ্ট জাৰি কৰা হৈছে, আৰু বিষয়াসকলে শিশুসকলক নিৰাপদে উলিয়াই অনাৰ বাবে অহৰহ চেষ্টা কৰি আছে।আৰক্ষী আৰু উদ্ধাৰকাৰী দলে শিশুসকলক সুৰক্ষা দিয়াৰ বাবে যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।  

লগতে পঢ়ক: ১৭৫ বছৰৰ পাছত আকৌ আহিছে মেলিছা; ধ্বংসলীলাৰ সতৰ্কবাণী