ড্ৰাগছ মাফিয়া-গেংষ্টাৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান; এদিনতে নিহত ৬৪

মাফিয়া-গেংষ্টাৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ব্ৰাজিলত ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত এদিনতে ৬৪ জন লোকৰ মৃত্যু হৈছে । ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে এই ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে । উল্লেখ্য যে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ৰ দুটা অঞ্চলত আৰক্ষীৰ এই অভিযান চলিচিল । আৰক্ষীৰ এই অভিযানত

মাফিয়া-গেংষ্টাৰৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

ব্ৰাজিলত ড্ৰাগছ সৰবৰাহকাৰী আৰু মাফিয়াৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত এদিনতে ৬৪ জন লোকৰ মৃত্যু হৈছে । ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ কাৰ্যালয়ে এই ঘটনাত উদ্বেগ প্ৰকাশ কৰিছে । উল্লেখ্য যে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ৰ দুটা অঞ্চলত আৰক্ষীৰ এই অভিযান চলিচিল । আৰক্ষীৰ এই অভিযানত ৬৪ জন লোক নিহত হোৱাৰ বিপৰীতে ৮১ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে ।

জানিব পৰা মতে এই অঞ্চলসমূহত ড্ৰাগছ সৰবৰাহৰ চক্ৰৰ বিৰুদ্ধে অভিযানত জড়িত আছিল প্ৰায় ২৫০০ সশস্ত্ৰ আৰক্ষী বিষয়া । নিহতসকলৰ ভিতৰত চাৰিজন আৰক্ষী বিষয়াও আছে । ৰিঅ’ৰ গৱৰ্ণৰে এই অভিযানক ৰাজ্যখনৰ ইতিহাসৰ আটাইতকৈ ডাঙৰ অভিযান বুলি অভিহিত কৰিছে ।

ৰাষ্ট্ৰসংঘই কয় যে দৰিদ্ৰ সম্প্ৰদায়ৰ বিৰুদ্ধে এই পদক্ষেপে মাৰাত্মক আৰক্ষী অভিযানৰ এক চিন্তনীয় ধাৰা বৃদ্ধি কৰে আৰু আইন প্ৰয়োগকাৰী সংস্থাসমূহৰ বল প্ৰয়োগৰ ওপৰত গুৰুতৰ প্ৰশ্ন উত্থাপন কৰে । ৰাষ্ট্ৰসংঘই ব্ৰাজিল চৰকাৰক আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ আইন মানি চলি এই কাণ্ডৰ দ্ৰুত আৰু নিৰপেক্ষ তদন্ত নিশ্চিত কৰিবলৈ আহ্বান জনায় ।

লগতে পঢ়ক : ১৭৫ বছৰৰ পাছত আকৌ আহিছে মেলিছা; ধ্বংসলীলাৰ সতৰ্কবাণী