আজি মহিলা ক্ৰিকেট বিশ্বকাপৰ প্ৰথমখন ছেমিফাইনেল
আজি অনুষ্ঠিত হ’ব আই চি চি মহিলা বিশ্বকাপ ২০২৫ৰ প্ৰথমখন ছেমি ফাইনেল মেচ । ফাইনেলত স্থান লাভৰ বাবে ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা এই যুঁজত মুখামুখি হ’ব । শেষবাৰৰ বাবে দুয়োটা দলৰ মাজত হোৱা মেচত দক্ষিণ আফ্ৰিকা মাত্ৰ ৬৯ ৰানত অল আউট হৈছিল আৰু ইংলেণ্ডে ১০ উইকেটত জয়লাভ কৰিছিল । অৱশ্যে এই ছেমি ফাইনেলৰ পৰিস্থিতি সম্পূৰ্ণ বেলেগ । দুয়োটা দলে শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে আৰু কঠিন প্ৰতিযোগিতা হোৱাৰ সম্ভাৱনা আছে ।
গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচ । ভাৰতীয় সময় অনুসৰি বিয়লি ৩ বজাৰ পৰা আৰম্ভ হ’ব এই মেচ । বিয়লি ২.৩০ বজাত হ’ব এই মেচৰ টছ ।
উল্লেখ্য যে, দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ডৰ মহিলা দলে এই পৰ্যন্ত ৪৭ খন এদিনীয়া খেলিছে । ইয়াৰে ৩৬খন খেলত ইংলেণ্ডে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই ১০খন খেলত জয়লাভ কৰিছে । এখন মেচ ড্ৰ’ত সমাপ্ত হৈছে । সামগ্ৰিকভাৱে মেচ ইংলেণ্ডৰ হাতত আছে যদিও দক্ষিণ আফ্ৰিকাৰ শেহতীয়া ফৰ্মৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াও এই মেচত অঘটন ঘটাৰ সম্ভাৱনা আছে ।
ইফালে বুধবাৰে গুৱাহাটীত বৰষুণৰ সম্ভাৱনা ২৫ শতাংশ । অৰ্থাৎ খেলৰ সময়ত কিছু বাধা আহিব পাৰে । অৱশ্যে ৰাতিৰ সময়ত বতৰ পৰিষ্কাৰ হৈ থকাৰ সম্ভাৱনা আছে, যাৰ বাবে সমগ্ৰ মেচখন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে ।
আনহাতে বিশ্বকাপত ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰদৰ্শনলৈ চালে ইংলেণ্ডে এতিয়ালৈকে ৭খন মেচ খেলিছে । পাঁচখনত জয়, এখনত পৰাজয় আৰু এখন ড্ৰ’ত শেষ হৈছে । ইফালে দক্ষিণ আফ্ৰিকাই ৭খন খেলৰ ভিতৰত ৫খনত জয়লাভ কৰি দুখনত পৰাজয় হৈছে । ৩০ অক্টোবৰত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব দ্বিতীয়খন ছেমি ফাইনেল । ২ নৱেম্বৰত অনুষ্ঠিত হ’ব মহিলা ক্ৰিকেট বিশ্বকাপৰ ফাইনেল মেচ ।
লগতে পঢ়ক : সুস্থ হোৱাৰ পথত শ্ৰেয়াছ আয়াৰ; বিচিচিআইয়ে প্ৰকাশ কৰিলে মেডিকেল আপডেট









