পৰিস্থিতি যিকোনো সময়তে সলনি হ’ব পাৰেঃ ৰাজনাথ সিঙৰ মন্তব্য
সোমবাৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে যুদ্ধসদৃশ পৰিস্থিতিৰ বাবে ভাৰত সদায় সাজু থাকিব লাগিব কাৰণ সীমান্তৰ পৰিস্থিতি যিকোনো সময়তে সলনি হ’ব পাৰে । তেওঁ কয়, মে’ মাহত পাকিস্তানৰ সৈতে চাৰিদিনীয়া সামৰিক সংঘাতে প্ৰমাণ কৰিলে যে যিকোনো সময়তে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে । এই সময়ছোৱাত ভাৰতে ‘অপাৰেচন সিন্দুৰ’ৰ অধীনত পাকিস্তানক উচিত প্ৰত্যুত্তৰ দিছিল ।
ৰাজনাথ সিঙে কয় যে অপাৰেচন সিন্দুৰ ভাৰতৰ বাবে এক কেছ ষ্টাডি, যিয়ে দেশৰ ভৱিষ্যতৰ নিৰাপত্তা কৌশলৰ পথ প্ৰদৰ্শক হ’ব লাগে । তেওঁ আঙুলিয়াই দিয়ে যে এই অভিযানত থলুৱা সামৰিক সঁজুলিৰ ফলপ্ৰসূ ব্যৱহাৰ কৰা হৈছিল, যাৰ ফলত আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতৰ সুনাম আৰু অধিক শক্তিশালী হয় । তেওঁ কয় যে আমি দৃঢ়তা আৰু নিখুঁততাৰে প্ৰত্যুত্তৰ দিছো যদিও আমি অন্তৰ্দৃষ্টি অব্যাহত ৰাখিব লাগিব । যিকোনো সময়তে সীমান্তত যিকোনো হ’ব পাৰে, গতিকে প্ৰতিটো পৰিস্থিতিৰ বাবে সাজু হোৱাটো গুৰুত্বপূৰ্ণ ।
প্ৰতিৰক্ষা মন্ত্ৰীয়ে উল্লেখ কৰে যে বৰ্তমান বিশ্বৰ অস্থিৰতাৰ যুগত “আত্মনিৰ্ভৰশীলতা” আৰু “স্বদেশীকৰণ” হৈছে নিৰাপত্তাৰ আটাইতকৈ শক্তিশালী ভেটি । তেওঁ উল্লেখ কৰে যে বিশ্ব ব্যৱস্থা দুৰ্বল হৈ পৰা আৰু বহু অঞ্চলত সংঘাত বৃদ্ধি পোৱাৰ লগে লগে ভাৰতে নিজৰ নিৰাপত্তা কৌশল পুনৰ নিৰ্ধাৰণ কৰিব লাগিব ।
তেওঁ কয় যে অপাৰেচন সিন্দুৰত আকাশ ক্ষেপণাস্ত্ৰ ব্যৱস্থা, ব্ৰাহ্মছ ক্ষেপণাস্ত্ৰ, আকাশতীৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থা আৰু অন্যান্য থলুৱা প্লেটফৰ্মৰ সামৰ্থ্য বিশ্বই প্ৰত্যক্ষ কৰিছিল ।
ৰাজনাথ সিঙে কয় যে এই অভিযানৰ সফলতাৰ কাৰণ কেৱল ভাৰতীয় সেনা, নৌসেনা আৰু বায়ুসেনাই নহয়, উদ্ভাৱন, ডিজাইন আৰু উৎপাদনৰ ক্ষেত্ৰত কাম কৰা “উদ্যোগ যোদ্ধা”সকলো এই সফলতাত জড়িত হৈ আছে । তেওঁ কয় যে ভাৰতীয় উদ্যোগ এতিয়া প্ৰতিৰক্ষা খণ্ডৰ চতুৰ্থ স্তম্ভত পৰিণত হৈছে ।
প্ৰতিৰক্ষা লগতে মন্ত্ৰীয়ে উল্লেখ কৰে যে ২০১৪ চনৰ পূৰ্বে ভাৰত সম্পূৰ্ণৰূপে আমদানিৰ ওপৰত নিৰ্ভৰশীল আছিল, কিন্তু এতিয়া পৰিস্থিতি সলনি হৈছে । সেই সময়ত দেশৰ প্ৰতিৰক্ষা উৎপাদন প্ৰায় ৪৬,০০০ কোটি আছিল, যিটো এতিয়া ১.৫১ লাখ কোটিলৈ বৃদ্ধি পাইছে । ইয়াৰে ৩৩,০০০ কোটি ব্যক্তিগত খণ্ডই বৰঙণি আগবঢ়ায় । তেওঁ লগতে কয় যে ভাৰতৰ প্ৰতিৰক্ষা ৰপ্তানি ১০ বছৰ পূৰ্বে ১০০০ কোটিতকৈ কম আছিল, এতিয়া প্ৰায় ২৪ হাজাৰ কোটি হৈছেগৈ । সিঙে ২০২৬ চনৰ মাৰ্চ মাহৰ ভিতৰত এই সংখ্যা ৩০ হাজাৰ কোটি টকা হ’ব বুলিও আসা প্ৰকাশ কৰে ।
লগতে পঢ়ক : নিৰ্বাচন আয়োগৰ ডাঙৰ ঘোষণা… কাইলৈৰ পৰাই এই কেইখন ৰাজ্যত আৰম্ভ হ’ব SIR









