কোন হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ ? আইন মন্ত্ৰালয়লৈ প্ৰস্তাৱ প্ৰেৰণ গাভাইৰ

কোন হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ বাবে ন্যায়াধীশ সূৰ্যকান্তৰ নাম প্ৰস্তাৱ হিচাবে কেন্দ্ৰীয় আইন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে ।২৩ নৱেম্বৰত পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে । বৰ্তমানৰ ভাৰতৰ মুখ্য ন্যায়াধীশৰ পিছতে ন্যায়াধীশ

কোন হ’ব দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ

মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে পৰৱৰ্তী মুখ্য ন্যায়াধীশৰ বাবে ন্যায়াধীশ সূৰ্যকান্তৰ নাম প্ৰস্তাৱ হিচাবে কেন্দ্ৰীয় আইন মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিছে ।২৩ নৱেম্বৰত পদৰ পৰা অৱসৰ গ্ৰহণ কৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইয়ে ।

বৰ্তমানৰ ভাৰতৰ মুখ্য ন্যায়াধীশৰ পিছতে ন্যায়াধীশ সূৰ্যকান্ত আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ আৰু ভাৰতীয় ন্যায়পালিকাৰ মুৰব্বী হিচাপে পৰৱৰ্তী শাৰীত আছে । নিযুক্তিৰ লগে লগে ন্যায়াধীশ সূৰ্যকান্ত ২৪ নৱেম্বৰত দেশৰ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হ’ব আৰু প্ৰায় ১৫ মাহ, ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে এই পদত অধিষ্ঠিত থাকিব ।

১৯৬২ চনৰ ১০ ফেব্ৰুৱাৰীত হিছাৰ জিলাৰ পেটৱাৰ গাঁৱত জন্মগ্ৰহণ কৰা সূৰ্যকান্তৰ শৈশৱ সাধাৰণ পৰিবেশতে পাৰ হৈছিল । গাঁৱৰে বিদ্যালয়ত প্ৰাথমিক শিক্ষা সমাপ্ত কৰি ১৯৮১ চনত হিছাৰৰ চৰকাৰী পি জি মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত ১৯৮৪ চনত ৰোহটকৰ মহৰ্ষি দয়ানন্দ বিশ্ববিদ্যালয়ৰ পৰা আইন অধ্যয়ন সম্পূৰ্ণ কৰে তেওঁ । সেই বছৰতে তেওঁ হিছাৰৰ জিলা আদালতত আইন চৰ্চা আৰম্ভ কৰে আৰু ১৯৮৫ চনত চণ্ডীগড়ৰ পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়ত আইন চৰ্চা আৰম্ভ কৰে । খুব কম সময়ৰ ভিতৰতে তেওঁ নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হয় ।

তেওঁৰ ন্যায়িক কেৰিয়াৰ সামাজিক বিষয়ত গভীৰভাৱে শিপাই আছিল । ৰাজহুৱা সম্পদৰ সুৰক্ষা, ভূমি অধিগ্ৰহণ, ক্ষতিপূৰণ, ভুক্তভোগীৰ অধিকাৰ, সংৰক্ষণ, সাংবিধানিক ভাৰসাম্য আদি বিষয়ত তেওঁ স্পৰ্শকাতৰ দৃষ্টিভংগী প্ৰদৰ্শন কৰিছিল । তেওঁৰ সিদ্ধান্তই সামাজিক ন্যায়, সাংবিধানিক মৰ্যাদা, নাগৰিক অধিকাৰ আৰু শক্তিশালী কৰি তুলিছিল ।

নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত ২৪ নৱেম্বৰত ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশৰ পদ গ্ৰহণ কৰিব ন্যায়াধীশ সূৰ্যকান্তে । ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে এই পদত অধিষ্ঠিত থাকিব তেওঁ । ন্যায়াধীশ নিযুক্তি আৰু বদলি সম্পৰ্কীয় ‘মেমৰেণ্ডাম অব্ প্ৰছিজৰ’ অনুসৰি উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ আৰু উপযুক্ত ন্যায়াধীশক চিজেআই হিচাপে নিযুক্তি দিয়া হয় । ন্যায়াধীশ সূৰ্যকান্ত উচ্চতম ন্যায়ালয়ৰ চি জে আই গাভাইৰ পিছতে জ্যেষ্ঠ ন্যায়াধীশ । উল্লেখ্য যে, আইন মন্ত্ৰীয়ে অৱসৰৰ প্ৰায় এমাহ পূৰ্বে বৰ্তমানৰ চিজেআইৰ পৰামৰ্শ বিচাৰে ।

লগতে পঢ়ক : ৪ মিনিটৰ ভিতৰত শত্ৰুক কৰিব পাৰিব আক্ৰমণ; শীঘ্ৰে আৰম্ভ হ’ব ব্ৰহ্মছ-২ মিছাইলৰ কাম