বিপদজনক হ’ব পাৰে AI ব্ৰাউজাৰ ব্যৱহাৰ কৰাটো
ChatGPT, Google Gemini, Perplexity ৰ দৰে AI chatbot ৰ পিছত এতিয়া AI ব্ৰাউজাৰৰ যুগ আহি পৰিছে। বহু কোম্পানীয়ে এতিয়া এআই ভিত্তিক ইণ্টাৰনেট ব্ৰাউজাৰ মুকলি কৰিছে।
গুগলে কিছুদিনৰ আগতে নিজৰ চাৰ্চ ইঞ্জিনৰ সৈতে Gemini সংযুক্ত কৰিছিল। ইয়াৰ উপৰিও পাৰ্প্লেক্সিটিয়ে নিজৰ এআই ব্ৰাউজাৰো মুকলি কৰিছে।
শেহতীয়াকৈ ChatGPT এ Atlas নামৰ এটা এআই ব্ৰাউজাৰো মুকলি কৰিছে। যদি আপুনিও এআই ব্ৰাউজাৰ ব্যৱহাৰ কৰি আছে তেন্তে আপুনি কিছুমান কথা মনত ৰাখিব লাগিব অন্যথা আপোনাৰ বেংক একাউণ্ট খালী হ’ব পাৰে।
শেহতীয়াকৈ কিছুমান চাইবাৰ বিশেষজ্ঞই সকীয়াই দিছে যে তৎক্ষণাত এআই ভিত্তিক ৱেব ব্ৰাউজাৰলৈ স্থানান্তৰিত হোৱাটো বিপদমুক্ত নহয়।
বিশেষকৈ এআই ব্ৰাউজাৰত দিয়া পৰোক্ষ প্ৰমপ্ট ইনজেকচনৰ দৰে প্ৰযুক্তিৰ জৰিয়তে চাইবাৰ অপৰাধীয়ে ব্যৱহাৰ কৰা ফাইল, পাছৱৰ্ড আৰু বেংক একাউণ্টৰ সবিশেষলৈকে প্ৰৱেশ কৰিব পাৰে। ইয়াৰ বাবেই আপোনাৰ লগত এটা ডাঙৰ প্ৰৱঞ্চনা হ’ব পাৰে।
এআই ভিত্তিক ব্ৰাউজাৰ যেনে Perplexity, Comet, Fellou আদি পৰোক্ষ প্ৰমপ্ট ইনজেকচনৰ বাবে দুৰ্বল হ’ব পাৰে। ইয়াৰ কাৰণে ৱেবছাইটত লুকাই থকা কমাণ্ডে এআইক ভুল নিৰ্দেশনা দিব পাৰে। চাইবাৰ অপৰাধীয়ে ইয়াৰ সুবিধা লৈ মানুহক প্ৰতাৰণা কৰিব পাৰে।
লগতে পঢ়ক: ‘ভৱিষ্যতে AI এ সকলো চাকৰি শেষ কৰিব’; ইলন মাস্কৰ ডাঙৰ ভৱিষ্যদ্বাণী









