ছন্দপতন ! দ্বিতীয় এদিনীয়াটো ব্যৰ্থ বিৰাট কোহলী

দ্বিতীয় এদিনীয়াটো ব্যৰ্থ বিৰাট কোহলী ভাৰতৰ প্ৰবীণ বেটছমেন বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণত ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম কৰি থকা পৰিলক্ষিত হৈছে । এই পৰ্যন্ত দুখন মেচত কোনো ৰান নকৰাকৈ আউট হৈছে কোহলী । পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দীৰ্ঘদিনৰ অন্তত প্ৰত্যাৱৰ্তন ঘটাইছিল এই প্ৰবীণ

দ্বিতীয় এদিনীয়াটো ব্যৰ্থ বিৰাট কোহলী

ভাৰতৰ প্ৰবীণ বেটছমেন বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণত ৰান সংগ্ৰহৰ বাবে সংগ্ৰাম কৰি থকা পৰিলক্ষিত হৈছে । এই পৰ্যন্ত দুখন মেচত কোনো ৰান নকৰাকৈ আউট হৈছে কোহলী ।

পাৰ্থত অনুষ্ঠিত হোৱা প্ৰথমখন এদিনীয়াত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দীৰ্ঘদিনৰ অন্তত প্ৰত্যাৱৰ্তন ঘটাইছিল এই প্ৰবীণ বেটছমেনগৰাকীয়ে । সকলোৱে আশা কৰিছিল দীৰ্ঘদিনৰ অন্তত প্ৰত্যাৱৰ্তন ঘটোৱা কিং কোহলীয়ে চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াব । কিন্তু এই আশাত চেঁচা পানী ঢালে তাৰকা বেটছমেনজনে । মেচখনত শূণ্যতে আউট হয় বেটছমেনগৰাকী । ইয়াৰ পিছতে দ্বিতীয়খন এদিনীয়াত কোহলীয়ে নিজৰ ছন্দ ঘূৰাই পাব বুলি আশা কৰা হৈছিল যদিও এইখন মেচতো আশাহত হয় অনুৰাগী । আজি এডিলেইডত অনুষ্ঠিত দ্বিতীয়খন মেচতো শূণ্যতে পেভিলিয়নমুখী হয় বিৰাট কোহলী ।

ইফালে এই মেচত যেতিয়া কোহলী আউট হোৱাৰ পিছত পেভিলিয়নলৈ উভতি আহিছিল তেতিয়া তেওঁ দৰ্শকৰ প্ৰতি হাত জোকাৰিছিল । ইয়াৰ পিছতে এতিয়া কোহলীয়ে এদিনীয়া খেলৰ পৰাও অৱসৰৰ ইংগিত দিছে নেকি সেই সন্দৰ্ভত জল্পনা-কল্পনাৰ সৃষ্টি হৈছে ।

এদিনীয়া কেৰিয়াৰত প্ৰথমবাৰৰ বাবে একেৰাহে শূণ্যত আউট-

অভিজ্ঞ ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়া ভ্ৰমণত ছন্দলৈ ঘূৰি অহাৰ বাবে কষ্টকৰ সংগ্ৰাম কৰি আছে । ২০২৭ চনৰ এদিনীয়া বিশ্বকাপত খেলাৰ লক্ষ্য ৰখা বিৰাট কোহলীয়ে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে একেৰাহে দুখন মেচত কোনো ৰান নকৰাকৈ আউট হয় । এদিনীয়া কেৰিয়াৰত কোহলী একেৰাহে দুখন মেচত শূণ্যত আউট হৈছে । ইয়াৰ পূৰ্বে এডিলেইডত কোহলীৰ অভিলেখ অত্যন্ত ভাল আছিল যদিও এইবাৰ তেওঁৰ প্ৰিয় খেলপথাৰত ডাঙৰ ইনিংছ খেলিবলৈ ব্যৰ্থ হয় ।

প্ৰথমে বেটিং কৰি ভাৰতে পাৱাৰপ্লে’তে দুটা উইকেট হেৰুৱাইছিল । দ্বিতীয় অভাৰত জেভিয়াৰ বাৰ্টলেটে ভাৰতক দুটা আঘাত দিয়ে । তেওঁ প্ৰথমে অধিনায়ক শুভমন গীলক আউট কৰে আৰু তাৰ পিছত কোহলীক এল বি ডব্লিউ কৰে । বাৰ্টলেটৰ আবেদনত আম্পায়াৰে কোহলীক আউট দিছিল যদিও বিৰাট কোহলীয়ে ডি আৰ এছ ল’ব বিচাৰিছিল । অৱশ্যে আনটো মূৰত থিয় হৈ ৰোহিতে তেওঁক ডি আৰ এছ নল’বলৈ পৰামৰ্শ দিছিল কাৰণ তেওঁ জানিছিল যে কোহলী আউট হৈছে । বিৰাটে নিজৰ পূৰ্বৰ অধিনায়কৰ কথা শুনি পেভিলিয়নলৈ উভতি আহে ।

দৃষ্টি আকৰ্ষণ কৰিছে বিৰাট কোহলীৰ ইংগিতে-

কোহলীৰ আউট হোৱাৰ পিছত অনুৰাগীসকল হতাশ হৈ পৰে । তেওঁ ড্ৰেছিং ৰুমলৈ উভতি অহাৰ সময়ত তেওঁ যিদৰে দৰ্শকৰ প্ৰতি হাত জোকাৰিছিল সেয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । উইকেট হেৰুৱাই পেভিলিয়নলৈ উভতি অহাৰ সময়ত কোহলীয়ে ৰাইজক সম্ভাষণ জনাবলৈ হাত দাঙি ধৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ইয়াক কোহলীৰ অৱসৰৰ সৈতে জড়িত কৰিছে একাংশ অনুৰাগী তথা বিশ্লেষকে । এতিয়া কোহলীয়ে এদিনীয়া খেলৰ পৰাও অৱসৰ লোৱাৰ ইংগিত দিছে নেকি সেই সন্দৰ্ভত ছ’চিয়েল মিডিয়াত আলোচনা তীব্ৰতৰ হৈ পৰিছে ।

লগতে পঢ়ক : এছিয়া কাপ ট্ৰফীক লৈ বি চি চি আইয়ে ল’লে ডাঙৰ সিদ্ধান্ত!