অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজলৈ সাজু টিম ইণ্ডিয়া; পাৰ্থত উপস্থিত কোহলী, ৰোহিত আৰু গীল

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজলৈ সাজু টিম ইণ্ডিয়া; পাৰ্থত উপস্থিত কোহলী, ৰোহিত আৰু গীল

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজলৈ সাজু টিম ইণ্ডিয়া ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাত অংশগ্ৰহণৰ বাবে বৃহল্পতিবাৰে পুৱা পাৰ্থত উপস্থিত হয় ভাৰতীয় এদিনীয়া দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈ বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু নতুন অধিনায়ক শুভমন গীল । কোহলী, ৰোহিত আৰু গীলৰ সৈতে যোগদান কৰে

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে যুঁজলৈ সাজু টিম ইণ্ডিয়া

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাত অংশগ্ৰহণৰ বাবে বৃহল্পতিবাৰে পুৱা পাৰ্থত উপস্থিত হয় ভাৰতীয় এদিনীয়া দলৰ গুৰুত্বপূৰ্ণ খেলুৱৈ বিৰাট কোহলী, ৰোহিত শৰ্মা আৰু নতুন অধিনায়ক শুভমন গীল । কোহলী, ৰোহিত আৰু গীলৰ সৈতে যোগদান কৰে কে এল ৰাহুল, যশস্বী জয়ছোৱাল, অৰ্শদীপ সিং, হৰ্ষিত ৰানা আৰু নীতিশ কুমাৰ ৰেড্ডীয়ে । সহায়ক কৰ্মচাৰীৰ একাংশ সদস্যও দলটোৰ লগত যায় । আনহাতে মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ আৰু বাকী প্ৰশিক্ষক কৰ্মচাৰীয়ে দিল্লীৰ পৰা সন্ধিয়াৰ বিমানেৰে যাত্ৰা কৰিব আৰু দলটোত যোগদান কৰিব ।

১৯ অক্টোবৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত এই শৃংখলা আৰম্ভ হ’ব । প্ৰথমখন মেচ পাৰ্থত অনুষ্ঠিত হ’ব, তাৰ পিছত দ্বিতীয়খন এদিনীয়া এডিলেইডত (২৩ অক্টোবৰ) আৰু তৃতীয় আৰু অন্তিমখন মেচ ছিডনীত (২৫ অক্টোবৰ) অনুষ্ঠিত হ’ব । ইয়াৰ পিছত ২৯ অক্টোবৰৰ পৰা আৰম্ভ হ’ব দুয়োটা দলৰ মাজত পাঁচখন মেচৰ টি-২০ শৃংখলা ।

এই এদিনীয়া শৃংখলাটো বিশেষ কাৰণ চেম্পিয়নছ ট্ৰফী ২০২৫ জয়ৰ পিছত বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ এয়া প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় শৃংখলা । বিশেষকৈ শুভমন গীলক টিম ইণ্ডিয়াৰ এদিনীয়াৰ অধিনায়ক হিচাপে নিযুক্তি দিয়াৰ পিছত দুয়োজন জ্যেষ্ঠ খেলুৱৈৰ ভৱিষ্যত সন্দৰ্ভত কিছুদিনৰ পৰা জল্পনা-কল্পনাৰ সৃষ্টি হৈছে । কোহলী আৰু ৰোহিতে দুয়োজনেই টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছে যদিও খবৰ অনুসৰি দুয়োজনে ২০২৭ চনৰ এদিনীয়া বিশ্বকাপলৈকে খেলিব বিচাৰে ।

ইফালে টিম ইণ্ডিয়াৰ নতুন অধিনায়ক শুভমন গীলেও নিজৰ বিবৃতিত স্পষ্টকৈ উল্লেখ কৰিছে যে দলটোক কোহলী আৰু ৰোহিতৰ দৰে খেলুৱৈৰ অভিজ্ঞতাৰ প্ৰয়োজন । ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে টেষ্ট শৃংখলাত জয়লাভ কৰাৰ পিছত গীলে কয় যে, “এই দুয়োজন খেলুৱৈৰ অভিজ্ঞতা আৰু ভাৰতৰ হৈ তেওঁলোকে জয়ী হোৱা মেচৰ সংখ্যা বিৰল । এনে অভিজ্ঞতা, দক্ষতা আৰু গুণগত মানৰ খেলুৱৈ বিশ্বত বহুত কম ।” গীলৰ বক্তব্যই নিশ্চিত কৰিছে যে জ্যেষ্ঠ খেলুৱৈৰ সৈতে যুৱ অধিনায়কগৰাকীয়ে পৰৱৰ্তী বিশ্বকাপলৈকে ভাৰতীয় ক্ৰিকেটক শক্তিশালী দিশত লৈ যাব বিচাৰিছে ।

লগতে পঢ়ক : টি২০ বিশ্বকাপ ২০২৬ : নিশ্চিত ১৯ টা দল, কোনে কোনে অৰ্জন কৰিলে যোগ্যতা

শেহতীয়া প্ৰৱন্ধসমূহ