আজি ড০ এ পি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকী

আজি ড০ এ পি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকী; বিশ্বজুৰি পালন কৰা হৈছে ছাত্ৰ দিৱস

আজি ড০ এ পি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকী আজি প্ৰসিদ্ধ বিজ্ঞানী তথা মিছাইল মেন অব্ ইণ্ডিয়া খ্যাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ জি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকী । ড০ আব্দুল কালাম কেৱল ভাৰতৰ একাদশ ৰাষ্ট্ৰপতিয়েই নহয়, ভাৰতীয় মহাকাশ বিজ্ঞানীও আছিল যাৰ অৱদান আজিও

আজি ড০ এ পি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকী

আজি প্ৰসিদ্ধ বিজ্ঞানী তথা মিছাইল মেন অব্ ইণ্ডিয়া খ্যাত ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড০ এ জি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকী । ড০ আব্দুল কালাম কেৱল ভাৰতৰ একাদশ ৰাষ্ট্ৰপতিয়েই নহয়, ভাৰতীয় মহাকাশ বিজ্ঞানীও আছিল যাৰ অৱদান আজিও স্মৰণীয় । প্ৰতি বছৰে ১৫ অক্টোবৰ দিনটো, এ পি জে আব্দুল কালামৰ জন্মদিনত ছাত্ৰ দিৱস পালন কৰা হয় । কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে ড০ কালামৰ এক অনন্য পৰিচয় আছে । ড০ এ পি জে আব্দুল কালাম বিশ্বজুৰি ভাৰতৰ মিছাইল মেন হিচাপে পৰিচিত । ভাৰতৰ মহাকাশ আৰু ক্ষেপণাস্ত্ৰ উন্নয়ন কাৰ্যসূচীত অভূতপূৰ্ব বৰঙণি আগবঢ়াইছিল ড০ কালামে ।

ড° এ পি জে আব্দুল কালামৰ জন্ম বাৰ্ষিকীত বিশ্বজুৰি বিশ্ব ছাত্ৰ দিৱস উদযাপন কৰা হয় । এই দিৱসত মহান বিজ্ঞানী তথা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । ১৯৩১ চনৰ ১৫ অক্টোবৰত তামিলনাডুৰ ৰামেশ্বৰমত জন্মগ্ৰহণ কৰিছিল এইগৰাকী মহান বিজ্ঞানীয়ে ।

ড০ আব্দুল কালামৰ পিতৃ জয়নুল আবেদিন আৰু মাতৃ আছিয়াম্মা । তেওঁলোকৰ পাঁচগৰাকী সন্তান আছিল ।  ড০ কালাম আটাইতকৈ সৰু আছিল আৰু তেখেতৰ শৈশৱ সংগ্ৰামেৰে ভৰি আছিল । ভ্ৰমণৰ খৰচ বহন কৰিব পৰাকৈ তেওঁলোকৰ আৰ্থিক অৱস্থা শক্তিশালী নাছিল । তেওঁ পঢ়া-শুনা কৰিবলৈ খোজকাঢ়ি বহু দূৰ যাত্ৰা কৰিছিল । টকা উপাৰ্জনৰ বাবে বাতৰি কাকত বিতৰণৰ কামো কৰিছিল তেওঁ । ৰামেশ্বৰমত স্কুলীয়া শিক্ষা সমাপ্ত কৰি ত্ৰিচীৰ ছেইণ্ট জোচেফ কলেজৰ পৰা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে তেওঁ । ইয়াৰ পিছত ১৯৫৭ চনত মাদ্ৰাজ ইনষ্টিটিউট অৱ টেকন’লজিৰ পৰা এৰ’নটিকেল ইঞ্জিনিয়াৰিঙৰ ডিগ্ৰী লাভ কৰে ড০ কালামে ।

পঢ়া-শুনাৰ লগতে তেওঁ সৰুৰে পৰা ৰকেট, বিমান, মহাকাশৰ প্ৰতি আগ্ৰহী আছিল । প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (DRDO) আৰু ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO)ত তেওঁ প্ৰায় চাৰি দশক ধৰি সেৱা আগবঢ়াইছিল । তেওঁৰ আটাইতকৈ উল্লেখযোগ্য ভূমিকা আছিল ভাৰতৰ প্ৰথম থলুৱা উপগ্ৰহ উৎক্ষেপণ বাহন এছ এল ভি-৩ৰ বিকাশৰ প্ৰকল্প সঞ্চালক হিচাপে ।

ড০ কালামে ১৯৯২ চনৰ জুলাইৰ পৰা ১৯৯৯ চনৰ ডিচেম্বৰলৈকে প্ৰতিৰক্ষা মন্ত্ৰীৰ বৈজ্ঞানিক উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল । তেওঁৰ নেতৃত্বতে ১৯৯৮ চনত ভাৰতে পোখৰাণত দ্বিতীয়টো সফল পাৰমাণৱিক পৰীক্ষা কৰিছিল । ২০০২ চনৰ পৰা ২০০৭ চনলৈ ভাৰতৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ড০ কালামক ৩০ খন বিশ্ববিদ্যালয় আৰু প্ৰতিষ্ঠানৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ কৰা ভাৰতৰ অন্যতম বিশিষ্ট বিজ্ঞানী হিচাপে গণ্য কৰা হয় ।

অন্যান্য সন্মানৰ কথা ক’বলৈ গ’লে ড০ এ পি জে আব্দুল কালামে ১৯৮১ চনত সন্মানীয় অসামৰিক বঁটা পদ্ম ভূষণ লাভ কৰে । ১৯৯০ চনত পদ্ম বিভূষণ আৰু ১৯৯৭ চনত সৰ্বোচ্চ অসামৰিক বঁটা ভাৰত ৰত্নৰে সন্মানিত হয় । এ পি জে আব্দুল কালাম বহুতৰে বাবে প্ৰেৰণাৰ উতস । ভাৰতৰ লগতে বিদেশতো তেওঁক ভাৰতৰ মিছাইল মেন বুলি জনা যায় । তেওঁ পিপলছ প্ৰেচিডেন্ট হিচাপেও পৰিচিত  আৰু লাখ লাখ লোকৰ বাবে আজিও আব্দুল কালাম আদৰ্শ হৈ আহিছে ।

লগতে পঢ়ক : কিয় পালন কৰা হয় বিশ্ব ছাত্ৰ দিৱস ? জানক এই দিনটোৰ তাৎপৰ্য আৰু ইয়াৰ আঁৰৰ কাহিনী

শেহতীয়া প্ৰৱন্ধসমূহ