ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা দখল টীম ইণ্ডিয়াৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা দখল টীম ইণ্ডিয়াৰ; জানক ডব্লিউ টি চি ৰেংকিঙৰ শেহতীয়া অৱস্থান

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা দখল টীম ইণ্ডিয়াৰ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা ২-০ ব্যৱধানত জয়লাভ কৰিছে টীম ইণ্ডিয়াই । দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত শুভমন গীল বাহিনীয়ে আলহী দলটোক ৭ উইকেটত পৰাস্ত কৰে । ইয়াৰ পূৰ্বে আহমেদাবাদত ভাৰতে ৱেষ্ট ইণ্ডিজক এক ইনিংছ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ২-০ ব্যৱধানত শৃংখলা দখল টীম ইণ্ডিয়াৰ

ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে দুখন মেচৰ টেষ্ট শৃংখলা ২-০ ব্যৱধানত জয়লাভ কৰিছে টীম ইণ্ডিয়াই । দিল্লীত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত শুভমন গীল বাহিনীয়ে আলহী দলটোক ৭ উইকেটত পৰাস্ত কৰে । ইয়াৰ পূৰ্বে আহমেদাবাদত ভাৰতে ৱেষ্ট ইণ্ডিজক এক ইনিংছ আৰু ১৪০ ৰানত পৰাস্ত কৰিছিল । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ ২০২৫-২০২৭ চক্ৰত ভাৰতৰ এয়া প্ৰথমটো জয় ।

শীৰ্ষ দুটা স্থানত অষ্ট্ৰেলিয়া আৰু শ্ৰীলংকা-

অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে ডব্লিউ টি চি ২০২৫-২৭ চক্ৰত তিনিখন টেষ্ট খেলি তিনিওখন টেষ্টতে জয়লাভ কৰিছে । ৩৬ পইণ্ট আৰু ১০০ শতাংশ জয়েৰে অষ্ট্ৰেলিয়াই পইণ্ট তালিকাত আগবাঢ়ি আছে । দুখন টেষ্ট খেলা শ্ৰীলংকাই এখনত জয়ী আৰু এখন ড্ৰ’ হৈছে । শ্ৰীলংকাৰ ১৬ পইণ্ট যদিও জয়ৰ শতাংশ ৬৬.৬৭ । শ্ৰীলংকাৰ জয়ৰ শতাংশ অধিক হোৱাৰ বাবে ভাৰতৰ আগত আছে দলটো ।

তৃতীয় স্থানত টিম ইণ্ডিয়া-

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত তৃতীয় স্থানত আছে টীম ইণ্ডিয়া । এই চক্ৰত ভাৰতে ৭খন মেচ খেলিছে । চাৰিখনত জয়লাভ কৰাৰ বিপৰীতে দুখনত পৰাজয়ৰ সন্মুখীন হৈছে দলটো । এখন মেচ (ইংলেণ্ডৰ বিৰুদ্ধে) ড্ৰ’ হৈছিল । ৫২ পইণ্ট আৰু জয়ৰ শতাংশ ৬১.৯০ লাভ কৰি পইণ্ট তালিকাত তৃতীয় স্থানত আছে টীম ইণ্ডিয়া ।

ভাৰতৰ বিৰুদ্ধে পাঁচখন মেচৰ টেষ্ট শৃংখলা ২-২ ব্যৱধানত ড্ৰ’ত সমাপ্ত কৰা ইংলেণ্ড চতুৰ্থ স্থানত আছে । ইংলেণ্ডে দুখনত জয়, দুখনত পৰাজয় আৰু এখনত ড্ৰ’ কৰিছে । ২৬ পইণ্ট আৰু জয়ৰ শতাংশ ৪৩.৩৩ৰ সৈতে ইংলেণ্ড চতুৰ্থ স্থানত আছে ।

ভাৰতৰ পৰৱৰ্তী টেষ্ট শৃংখলা-

নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব টিম ইণ্ডিয়াৰ পৰৱৰ্তী টেষ্ট শৃংখলা । দক্ষিণ আফ্ৰিকাই ভাৰত ভ্ৰমণ কৰি দুখন টেষ্ট, তিনিখন এদিনীয়া আৰু পাঁচখন টি-২০ মেচ খেলিব । ১৪ নৱেম্বৰত কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’বলগা প্ৰথমখন টেষ্টৰ জৰিয়তে টেষ্ট শৃংখলা আৰম্ভ হ’ব । ২২ নৱেম্বৰত অসমৰ অসম ক্ৰিকেট সন্থাৰ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব দ্বিতীয়খন টেষ্ট ।

লগতে পঢ়ক : টেষ্ট শৃংখলাত ৱেষ্ট ইণ্ডিজক হোৱাইট ৱাশ্ব ভাৰতীয় দলৰ; দ্বিতীয় টেষ্টতো জয়লাভ

শেহতীয়া প্ৰৱন্ধসমূহ