প্ৰসংগ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা; ১৩ গৰাকী বিশিষ্ট ব্যক্তিৰে আলোচনাত বহিব অসম আৰক্ষী

প্ৰসংগ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা; ১৩ গৰাকী বিশিষ্ট ব্যক্তিৰে আলোচনাত বহিব অসম আৰক্ষী

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে আজি ২৫ টা দিন অতিক্ৰম কৰিলে । এতিয়াও এই মৃত্যুক মানি লব পৰা নাই ৰাজ্যবাসীয়ে । ৰাজ্যজুৰি আপোন শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবী উত্থাপন হৈছে । আজিও হিয়াৰ আমঠু শিল্পীগৰাকীৰ সমাধিস্থলীত অজস্ৰ

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৱে আজি ২৫ টা দিন অতিক্ৰম কৰিলে । এতিয়াও এই মৃত্যুক মানি লব পৰা নাই ৰাজ্যবাসীয়ে । ৰাজ্যজুৰি আপোন শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবী উত্থাপন হৈছে । আজিও হিয়াৰ আমঠু শিল্পীগৰাকীৰ সমাধিস্থলীত অজস্ৰ অনুৰাগীৰ ভিৰ পৰিলক্ষিত হৈছে । সমাধিস্থলীত কান্দি কান্দি ‘মায়াবিনী গাই’ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাৰ উচিত তদন্ত তথা ন্যায়ৰ দাবী কৰিছে অনুৰাগীয়ে ।

ইফালে চি আই ডি আৰু এছ আই টিয়ে এই ঘটনাৰ তদন্ত জোৰদাৰ গতিত অব্যাহত ৰাখিছে । এতিয়ালৈকে ৭গৰাকী লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে আন বহু লোকক তদন্তৰ বাবে তলব কৰিছে এছ আই টিয়ে । ইয়াৰ মাজতে ১৪ অক্টোবৰ, মঙলবাৰে ৰাজ্যৰ কেইবাজনো বিশিষ্ট ব্যক্তিৰ সৈতে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰসংগত আলোচনাত মিলিত হ’ব অসম আৰক্ষী ।

জানিব পৰা মতে ১৩ গৰাকীৰো অধিক বিশিষ্ট ব্যক্তিৰে আলোচনাত মিলিত হ’ব অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ৰ বিষয়া । প্ৰিয় শিল্পী জুবিন গাৰ্গৰ মৃত্যু ঘটনাৰ প্ৰসংগত এই আলোচনাত মিলিত হ’ব অসম আৰক্ষীৰ দলটো ।

এই আলোচনাত অংশ ল’ব অনুৰাধা শৰ্মা পূজাৰী, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী, মনোজ কুমাৰ গোস্বামী, আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জবল কুমাৰ ভট্টাচাৰ্য, উতপল শৰ্মা, সমীৰণ ফুকন, শ্যামন্তক গৌতম, শিৱাণু বৰা, প্ৰাঞ্জল শইকীয়া, জাৰিৰ হুছেইন, অতনু ভূঞা, ৰাহুল গৌতম শৰ্মা, সঢ়্ীৱ ফুকন, ডাঃ হিতেশ বৰুৱা । জানিব পৰা মতে অসম আৰক্ষীৰ অতিথিশালাত অনুষ্ঠিত হ’ব এই বিশেষ আলোচনা ।

লগতে পঢ়ক : CID কাৰ্যালয়ত হাজিৰ ছিংগাপুৰৰ ৩ প্ৰৱাসী অসমীয়া…