মধ্যপ্ৰদেশত নিষিদ্ধ কল্ডিফ কফ চিৰাপৰ বিক্ৰী
মধ্যপ্ৰদেশত ৯ টা শিশুৰ মৃত্যুৰ পিছত সমগ্ৰ ৰাজ্যতে কল্ড্ৰিফ কাহ চিৰাপৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি মুখ্যমন্ত্ৰী মোহন যাদৱে সমগ্ৰ ৰাজ্যতে এই কফ চিৰাপ নিষিদ্ধ কৰিছে।
মুখ্যমন্ত্ৰীয়ে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্টত পোষ্ট কৰি লিখিছে যে,চিণ্ডৱাৰাত কল্ডিফ চিৰাপৰ ফলত শিশুৰ মৃত্যু অত্যন্ত দুখজনক।সমগ্ৰ মধ্যপ্ৰদেশতে এই চিৰাপৰ বিক্ৰী নিষিদ্ধ কৰা হৈছে।
এই চিৰাপ প্ৰস্তুত কৰা কোম্পানীটোৰ অন্যান্য সামগ্ৰীৰ বিক্ৰীতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে।চিৰাপ প্ৰস্তুত কৰা কাৰখানাটো কাঞ্চিপুৰমত আছে, গতিকে ঘটনাৰ বিষয়ে জানিবলৈ পোৱাৰ পিছত ৰাজ্য চৰকাৰে তামিলনাডু চৰকাৰক তদন্ত কৰিবলৈ কৈছিল।আজি পুৱা তদন্তৰ প্ৰতিবেদন লাভ কৰে।
শিশুকেইটাৰ মৰ্মান্তিক মৃত্যুৰ পিছতে স্থানীয় পৰ্যায়ত ব্যৱস্থা গ্ৰহণ কৰা হৈছিল।এই বিষয়টোৰ তদন্তৰ বাবে ৰাজ্যিক পৰ্যায়তো এটা দল গঠন কৰা হৈছে। কোনো মূল্যৰ বিনিময়ত দোষীক ৰেহাই দিয়া নহ’ব।
লগতে পঢ়ক: বিহাৰত ভয়ংকৰ ৰে’ল দুৰ্ঘটনা ; বন্দে ভাৰত ৰে’লৰ খুন্দাত ৪ জনৰ মৃত্যু









