এছিয়া কাপত কিমানবাৰ খিতাপ জয় কৰিছে মেন ইন ব্লুৱে ?

এছিয়া কাপত কিমানবাৰ খিতাপ জয় কৰিছে মেন ইন ব্লুৱে ? জানক ভাৰতৰ পৰিসংখ্যা

এছিয়া কাপত কিমানবাৰ খিতাপ জয় কৰিছে মেন ইন ব্লুৱে ? দেওবাৰে অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫ৰ ফাইনেল মেচ । এই মেচত খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান । ২৮ ছেপ্টেম্বৰ, দেওবাৰে ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচ । ৯

এছিয়া কাপত কিমানবাৰ খিতাপ জয় কৰিছে মেন ইন ব্লুৱে ?

দেওবাৰে অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫ৰ ফাইনেল মেচ । এই মেচত খিতাপ দখলৰ যুঁজত অৱতীৰ্ণ হ’ব চিৰ প্ৰতিদ্বন্দ্বী ভাৰত-পাকিস্তান । ২৮ ছেপ্টেম্বৰ, দেওবাৰে ডুবাইত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হ’ব এই হাইভল্টেজ মেচ । ৯ ছেপ্টেম্বৰৰ পৰা ইউ এ ইত এছিয়া কাপৰ ১৭ সংখ্যক সংস্কৰণ আৰম্ভ হৈছিল । আফগানিস্তান আৰু হংকঙৰ মাজত অনুষ্ঠিত হৈছিল চলিত এই প্ৰতিযোগিতাৰ প্ৰথমখন মেচ ।

ইতিহাসত প্ৰথমবাৰৰ বাবে চলিত এছিয়া কাপ প্ৰতিযোগিতাত ৮টা দলে অংশগ্ৰহণ কৰে । এইবাৰ ভাৰত, পাকিস্তান, ওমান, ইউ এ ই, শ্ৰীলংকা, আফগানিস্তান, বাংলাদেশ  আৰু হংকঙে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে । এছিয়া কাপত ভাৰতে সৰ্বাধিক খিতাপ জয় কৰিছে । ভাৰতীয় দলটোৱে এতিয়ালৈকে মুঠ ৮বাৰ এই খিতাপ জয় কৰি ইতিহাস ৰচিছে ।  এইবাৰ নৱমবাৰৰ বাবে দেওবাৰে খিতাপৰ যুঁজত অৱতীৰ্ণ হ’ব ভাৰতীয় দলটো । এই প্ৰতিযোগিতাৰ শেষৰটো সংস্কৰণ ২০২৩ চনত এদিনীয়া ফৰ্মেটত অনুষ্ঠিত হৈছিল, য’ত ভাৰতীয় দলটোৱে শ্ৰীলংকাক ১০ উইকেটত পৰাস্ত কৰি খিতাপ দখল কৰিছিল ।

ভাৰতে কেতিয়া কেতিয়া খিতাপ দখল কৰিছে-

এই প্ৰতিযোগিতাত ভাৰত সৰ্বাধিক অৰ্থাৎ ৮ বাৰ জয়ী হৈছে আৰু এই প্ৰতিযোগিতাৰ সৰ্বাধিক সফল দলটো হৈছে ভাৰতীয় দল । ভাৰতে ১৯৮৪, ১৯৮৮, ১৯৯০-৯১, ১৯৯৫, ২০১০, ২০১৬, ২০১৮, আৰু ২০২৩ চনত এই প্ৰতিযোগিতাৰ খিতাপ জয় কৰিছিল । এই প্ৰতিযোগিতাৰ দ্বিতীয় সফল দল হৈছে শ্ৰীলংকা, যিয়ে ছবাৰ খিতাপ জয় কৰিছে । ১৯৮৬, ১৯৯৭, ২০০৪, ২০০৮, ২০১৪, আৰু ২০২২ চনত এছিয়া কাপ জয় কৰিছিল শ্ৰীলংকাই ।

ইফালে পাকিস্তানে মাত্ৰ দুবাৰহে খিতাপ জয় কৰিছে । ২০০০ আৰু ২০১২ চনত দলটো এই প্ৰতিযোগিতাৰ চেম্পিয়ন হৈছিল । আনহাতে বাংলাদেশ আটাইতকৈ দুৰ্ভাগ্যজনক দল হিচাপে পৰিগণিত হৈছে । বাংলাদেশে তিনিবাৰ এই প্ৰতিযোগিতাৰ ফাইনেল খেলিছে যদিও তিনিওবাৰেই পৰাস্ত হৈছে ।

উল্লেখ্য যে, এছিয়া কাপ ২০২৫ সংস্কৰণ টি-২০ ফৰ্মেটত অনুষ্ঠিত হৈছে ।

লগতে পঢ়ক : ৱেষ্ট ইণ্ডিজ ছিৰিজৰ বাবে ঘোষণা টিম ইণ্ডিয়া… দেৱদত্ত পাডিক্কালৰ প্ৰৱেশ, বাহিৰ কৰুণ নায়াৰ