এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ ভাৰতৰ
এছিয়া কাপ ২০২৫ৰ ছুপাৰ ফোৰত বুধবাৰে বাংলাদেশক ৪১ ৰানত পৰাস্ত কৰে টিম ইণ্ডিয়াই । এই জয়েৰে ভাৰত চলিত এছিয়া কাপৰ ফাইনেলত প্ৰৱেশ কৰা প্ৰথমটো দল হিচাপে পৰিগণিত হয় । বাংলাদেশে টছত জয়লাভ কৰি ভাৰতক প্ৰথমে বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় । বাংলাদেশক ভাৰতে ১৬৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল যদিও দলটোৱে ১২৭ ৰানতে ইনিংছ সামৰিবলৈ বাধ্য হয় ।
এই মেচখনৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত এখনকৈ মেচ বাকী আছে । ভাৰতৰ পৰৱৰ্তী খেলখন শ্ৰীলংকাৰ বিৰুদ্ধে, আনহাতে বৃহস্পতিবাৰে বাংলাদেশে পাকিস্তানৰ বিৰুদ্ধে খেলিব । অৰ্থাৎ ফাইনেলত প্ৰৱেশ কৰা দ্বিতীয়টো দল কোন হ’ব সেয়া নিৰ্ণয় হ’বলৈ সকলোৰে দৃষ্টি পাকিস্তান-বাংলাদেশৰ খেলখনৰ ওপৰত থাকিব । অৱশ্যে ভাৰতে ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে এছিয়া কাপৰ পৰা শ্ৰীলংকা বাহিৰ হৈছে ।
বাংলাদেশৰ ইনিংছ-
১৬৯ ৰানৰ লক্ষ্য খেদি ইনিংছ আৰম্ভ কৰা বাংলাদেশৰ আৰম্ভণি দুৰ্বল আছিল । দ্বিতীয় অভাৰত যশপ্ৰীত বুমৰাহে প্ৰথমটো আঘাত দিয়ে বাংলাদেশক । তানজিদক আউট কৰে বুমৰাহে । ইয়াৰ পিছত ছাইফ আৰু পাৰভেজে এক শক্তিশালী অংশীদাৰিত্ব গঢ়ি তোলে । অৱশ্যে কুলদীপ যাদৱে পাৰভেজক আউট কৰি নিজৰ প্ৰথম অভাৰতে এই অংশীদাৰিত্ব ভংগ কৰে । ইয়াৰ পাছতে অক্ষৰ পেটেলে দশম অভাৰত তৌহিদক আউট কৰে । ইয়াৰ পিছত বৰুণ আৰু কুলদীপে বিধ্বংসী ৰূপ ধাৰণ কৰে আৰু বাংলাদেশে বেক টু বেক উইকেট হেৰুৱায় । বাংলাদেশ ১২৭ ৰানত অল আউট হয় । কুলদীপে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তীয়ে দুটাকৈ উইকেট দখল কৰে ।
বাংলাদেশৰ উইকেট পতন :
১-৪ (তাঞ্জিদ হাছান তামিম, ১.২ অভাৰ), ২-৪৬ (পাৰভেজ হোছেইন ইমন, ৬.২ অভাৰ), ৩-৬৫ (তৌহীদ হৃদয়, ৯.৪ অভাৰ), ৪-৭৪ (ছামিম হোছেইন, ১০.৪ অভাৰ), ৫-৮৭ (জাকাৰ আলী, ১২.৩ অভাৰ), ৬-১০৯ (মহম্মদ ছাইফুদ্দিন, ১৫.২ অভাৰ), ৭-১১২ (ৰিছাদ হোছেইন, ১৬.১), ৮-১১২ (তাঞ্জিম হাছান ছাকিব, ১৬.২ অভাৰ), ৯-১১৬ (ছৈফ হাছান, ১৭.২), ১০-১২৭ (মুস্তাফিজুৰ ৰহমান, ১৯.৩)
ভাৰতৰ প্ৰদৰ্শন-
প্ৰথমে বেটিং কৰিবলৈ অহা ভাৰতৰ আৰম্ভণি ভাল নাছিল । প্ৰথম অভাৰত গীল আৰু অভিষেকে মাত্ৰ ৩ ৰান সংযোজন কৰে । ইয়াৰ পিছত বাংলাদেশী বলাৰসকল আক্ৰমণাত্মক হৈ পৰে । অভিষেকক সতৰ্ক যেন লাগিছিল যদিও চতুৰ্থ অভাৰত গীলে ছয় আৰু চাৰি মাৰিবলৈ আৰম্ভ কৰে । অভিষেকো আক্ৰমণাত্মক হৈ পৰে । ৫ অভাৰৰ অন্তত ভাৰতৰ স্ক’ৰ এটাও উইকেট নেহেৰুৱাকৈ ৫৫ ৰান আছিল । অৱশ্যে সপ্তম অভাৰত ভাৰতে প্ৰথমটো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া গীলক ৰিয়াজে ২৯ ৰানত আউট কৰে । আনটো মূৰত থিয় হৈ থকা অভিষেকে ২৫টা বলত অৰ্ধ শতক সম্পূৰ্ণ কৰে ।
কিন্তু নৱম অভাৰত ভাৰতে দ্বিতীয়টো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় যেতিয়া শিৱম ডুবে ২ ৰানতে আউট হয় । ১২ নং অভাৰত ৩৭টা বলত ৭৫ ৰান সংগ্ৰহ কৰি অভিষেক শৰ্মা ৰান আউট হোৱাৰ লগে লগে ভাৰত তৃতীয়টো বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয় । সূৰ্যকুমাৰ যাদৱেও একেটা অভাৰতে নিজৰ উইকেট হেৰুৱাই । তিলক বাৰ্মাও কম সময়তে আউট হয় । তিলাকে মাত্ৰ ৫ ৰানহে কৰিবলৈ সক্ষম হয় । অৱশ্যে হাৰ্দিক আৰু অক্ষৰে ভাল অংশীদাৰিত্ব গঢ়ি তুলি ভাৰতৰ স্ক’ৰ ১৬৮লৈ বৃদ্ধি কৰে ।
ভাৰতৰ উইকেট পতন :
১-৭৭ (শুভমন গীল, ৬.২ অভাৰ), ২-৮৩ (শিৱম ডুবে, ৮.১ অভাৰ), ৩-১১২ (অভিষেক শৰ্মা, ১১.১ অভাৰ), ৪-১১৪ (সূৰ্য্যকুমাৰ যাদৱ, ১১.৬ অভাৰ), ৫-১২৯ (তিলক ভাৰ্মা, ১৪.৩ অভাৰ), ৬-১৬৮ (হৰ্দিক পাণ্ডিয়া, ১৯.৬ অভাৰ )
ফাইনেলৰ সমীকৰণ-
বাংলাদেশক পৰাস্ত কৰি ফাইনেলত স্থান দখল কৰিছে ভাৰতে । শ্ৰীলংকা প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে । ইফালে বৃহস্পতিবাৰৰ পাকিস্তান বনাম বাংলাদেশৰ খেলখন ফাইনেলৰ বাবে ছেমি ফাইনেল হ’ব । যিটো দলে জয়লাভ কৰে ফাইনেলৰ প্ৰতিদ্বন্দ্বী হ’ব আৰু ২৮ ছেপ্টেম্বৰত ভাৰতৰ বিৰুদ্ধে খেলিব ।