কাইলৈ ৰাষ্ট্ৰীয় মৰ্যাদাৰে চিৰ বিদায় দিয়া হটব প্ৰাণৰ শিল্পী জুবিন গাৰ্গক...

যোৰহাট নহয় সোণাপুৰ হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ শেষ ঠিকনা…; মুখ্যমন্ত্ৰী

যোৰহাট নহয় সোণাপুৰ হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ শেষ ঠিকনা অৱশেষত হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষকৃত্যৰ স্থান ঘোষণা কৰা হ’ল।যোৰহাট নহয় সোণাপুৰৰ কমাৰকুছি হ’ব জুবিন গাৰ্গৰ শেষ ঠিকনা। প্ৰায় ১০ বিঘা মাটিত হ’ব শিল্পীগৰাকীৰ সমাধিস্থলী। দিচাং ৰিজৰ্টৰ সমীপতে হ’ব জুবিনৰ সমাধিস্থল। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত

যোৰহাট নহয় সোণাপুৰ হ’ব হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ শেষ ঠিকনা

অৱশেষত হিয়াৰ আমঠু জুবিন গাৰ্গৰ শেষকৃত্যৰ স্থান ঘোষণা কৰা হ’ল।যোৰহাট নহয় সোণাপুৰৰ কমাৰকুছি হ’ব জুবিন গাৰ্গৰ শেষ ঠিকনা।

প্ৰায় ১০ বিঘা মাটিত হ’ব শিল্পীগৰাকীৰ সমাধিস্থলী। দিচাং ৰিজৰ্টৰ সমীপতে হ’ব জুবিনৰ সমাধিস্থল। কেবিনেট বৈঠকৰ অন্তত এই সিদ্ধান্ত চৰকাৰৰ।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত জানিবলৈ দিয়া মতে জুবিন গাৰ্গৰ গৰিমা শইকীয়া গাৰ্গ আৰু পৰিয়ালৰ সৈতে আলোচনাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

পৰিয়ালৰ লোকসকলে গুৱাহাটীৰ আশে পাশে জুবিন গাৰ্গৰ শেষকৃত্য হোৱাটো বিচাৰিছিল। সেয়ে ২৩ তাৰিখে সোণাপুৰতে শেষকৃত্য সম্পন্ন হ’ব জুবিন গাৰ্গৰ।

ইয়াৰ পিছত জুবিনৰ ভষ্ম লৈ যোৱা হ’ব যোৰহাটলৈ।যোৰহাটবাসীৰ ইচ্ছাক সন্মান জনাই তাতো নিৰ্মাণ কৰা হ’ব সমাধিস্থল।

২৩ তাৰিখে যিহেতু ৰাষ্ট্ৰীয় ঘাই পথৰ কাষতে জুবিনৰ সমাধিস্থল হ’ব সেয়ে মঙলবাৰৰ দিনটোত দিনৰ ২ বজালৈকে বন্ধ থাকিব ৰাষ্ট্ৰীয় ঘাইপথ।   

লগতে পঢ়ক: ‘আপোনালোকৰ মাজতেই জুবিন থাকিব’; অসমবাসীক কৃতজ্ঞতা জনালে  গৰিমা শইকীয়া গাৰ্গে

শেহতীয়া প্ৰৱন্ধসমূহ