হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা
অসমীয়াৰ মৰমৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুত তিনিদিনীয়া ৰাজ্যিক শোক ঘোষণা ৰাজ্য চৰকাৰৰ । ৰাজ্যবাসীৰ আপোন শিল্পী, হাৰ্টথ্ৰ’ব জুবিন গাৰ্গলৈ শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।
মুখ্য সচিব ৰবি কোটাই এক্সত এটা পোষ্টত এই ঘোষণা কৰে । তেওঁ কয় যে, অসম চৰকাৰে প্ৰখ্যাত গায়ক, চলচ্চিত্ৰ নিৰ্মাতা, সাংসক্ৃতিক জুবিন গাৰ্গৰ মৃত্যুত শোক প্ৰকাশ কৰিছে । লগতে তেওঁ কয় য়ে, ২০ তাৰিখৰ পৰা ২২ ছেপ্টেম্বৰলৈকে ঘোষণা কৰা হৈছে ৰাজ্যিক শোক ঘোষণা কৰা হৈছে । এই সময়ছোৱাত কোনো আনুষ্ঠানিক মনোৰঞ্জন, নৈশ আহাৰ বা আনুষ্ঠানিক কাৰ্যসূচী নহ’ব ৷
ৰবি কোটাই কয় যে ‘সেৱা সপ্তাহ’ কাৰ্যসূচীসমূহকো তেওঁৰ সন্মানাৰ্থে পিছুৱাই দিয়া হ’ব । তেওঁ কয় যে, “অৱশ্যে, স্বাস্থ্য শিবিৰ, টিবি ৰোগীৰ বাবে নিক্ষয় মিত্ৰ সমৰ্থন আৰু গছ ৰোপণ আদি সেৱামুখী কাৰ্য্যকলাপ অব্যাহত থাকিব। ”
লগতে পঢ়ক : জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা মুখ্যমন্ত্ৰীৰ….









