এছিয়া কাপৰ হাই ভল্টেজ যুঁজত আজি মুখামুখি হ’ব ভাৰত-পাকিস্তান
ভাৰত আৰু পাকিস্তান ক্ৰিকেট দল যেতিয়াই খেলপথাৰলৈ আহিছে, তেতিয়াই বহু বিবাদ, উত্তেজনা আৰু সংঘৰ্ষৰ সৃষ্টি হৈছে । অৱশ্যে এইবাৰৰ পৰিৱেশ বিগত কেইবছৰমানৰ তুলনাত পৃথক । পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত পুনৰ তিক্ত হৈ পৰিছে দুয়োখন দেশৰ সম্পৰ্ক । ভাৰতে এই আক্ৰমণৰ প্ৰত্যুত্তৰ দি অপাৰেচন সিন্দুৰৰ জৰিয়তে বহু সন্ত্ৰাসবাদী আত্মগোপন স্থান ধ্বংস কৰে । দুয়োখন দেশৰ মাজত যুদ্ধও আৰম্ভ হয় । ইয়াৰ বাবেই এছিয়া কাপত দেওবাৰে অনুষ্ঠিত হ’বলগীয়া ভাৰত আৰু পাকিস্তানৰ খেলখন সন্দৰ্ভত দেশত প্ৰতিবাদৰ কণ্ঠ তীব্ৰতৰ হৈ পৰিছে । এনে পৰিস্থিতিত দুয়োখন দেশৰ মাজত ডুবাইত অনুষ্ঠিত হ’বলগীয়া এই মেচখন উত্তেজনাৰে ভৰা হ’ব পাৰে । কিন্তু পাকিস্তানৰ বিৰুদ্ধে ভাৰতক শক্তিশালী বুলি গণ্য কৰা এই মেচখনৰ বাবে টিম ইণ্ডিয়াৰ প্ৰশিক্ষক আৰু অধিনায়ক সম্পূৰ্ণ সাজু ।
ইফালে ভাৰত আৰু পাকিস্তানৰ এই খেলখন বৰ্জন কৰাৰ দাবী উত্থাপন হৈছে । টিম ইণ্ডিয়াক এছিয়া কাপৰ গ্ৰুপ এত স্থান দিয়া হৈছে য’ত পাকিস্তান দলো আছে । এইবাৰ দুয়োটা দলৰ মাজত ফাইনেলত সংঘৰ্ষ হোৱাৰ সম্ভাৱনা আছে যিটো পূৰ্বে কেতিয়াও হোৱা নাছিল । প্ৰথমখন খেলত ভাৰতে ইউ এ ইক ৯ উইকেটত পৰাস্ত কৰাৰ বিপৰীতে পাকিস্তানে প্ৰথমখন খেলত ওমানক ৯৩ ৰানত পৰাস্ত কৰি এছিয়া কাপত নিজৰ অভিযান আৰম্ভ কৰে । অভিজ্ঞতা আৰু যুৱ খেলুৱৈৰ মিশ্ৰণ থকা ভাৰতীয় দলটো দেখাত অতি শক্তিশালী । বৰ্তমানৰ টি-২০ বিশ্বকাপ চেম্পিয়ন ভাৰতে নিজৰ খিতাপ ৰক্ষাৰ বাবে এই প্ৰতিযোগিতাত প্ৰৱেশ কৰিছে ।
ভাৰতৰ তুলনাত পাকিস্তানৰ দলটো দুৰ্বল । এই দলটোত বাবৰ আজম আৰু মহম্মদ ৰিজৱানৰ দৰে তাৰকা খেলুৱৈ নাই । বিশ্বকাপত হোৱা লজ্জাজনক পৰাজয়ৰ পিছত পাকিস্তানী দলত বিশৃংখলতাৰ সৃষ্টি হৈছে । দলত অধিনায়ক আৰু প্ৰশিক্ষকক ধাৰাবাহিকভাৱে সলনি কৰি আছে । ক’ব পাৰি যে এই সময়ত পাকিস্তানৰ দলত অস্থিৰতাই বিৰাজ কৰিছে । ওমানক ৬৭ ৰানত আউট কৰাৰ পাছত পাকিস্তানে প্ৰথমে বেটিং কৰি ১৬০ ৰান সংগ্ৰহ কৰিবলৈ সংগ্ৰাম কৰিব লগা হৈছিল । ওমানৰ দৰে সৰু দলৰ বিৰুদ্ধেও দলটোৱে সংগ্ৰাম কৰিব লগা পৰিলক্ষিত হৈছিল ।
ভাৰতীয় দলত উৎকৃষ্ট বেটছমেন আৰু বলাৰ আছ । কুলদীপ যাদৱ, বৰুণ চক্ৰৱৰ্তী আৰু বুমৰাহ-হাৰ্দিকে ডুবাইৰ খেলপথাৰত পাকিস্তানী বেটছমেনক বিপদত পেলাব পাৰে । ২০২৪ চনৰ টি-২০ বিশ্বকাপত ভাৰত আৰু পাকিস্তানৰ মাজত খেলা মেচখনলৈকে দুয়োটা দলৰ মাজত ১৩ বাৰ সংঘৰ্ষ হৈছে য’ত ভাৰতে ১০খন মেচত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে ৩খন খেলত জয়লাভ কৰিছে ।
ভাৰতৰ সম্ভাব্য মূল একাদশ-
অভিষেক শৰ্মা, শুভমন গীল, সঞ্জু চেমছন, সূৰ্য্যকুমাৰ যাদৱ (অধিনায়ক), তিলক বাৰ্মা, শিৱম ডুবে, হাৰ্দিক পাণ্ডিয়া, অক্ষৰ পেটেল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ আৰু বৰুণ চক্ৰৱৰ্তী ।
পাকিস্তানৰ সম্ভাব্য মূল একাদশ-
ছাইম আয়ুব, চাহিবজাদা ফাৰহান, মহম্মদ হাৰিছ (উইকেটকীপাৰ), ছলমান আঘা (অধিনায়ক), ফাখৰ জামান, হাছান নৱাজ, মহম্মদ নৱাজ, ফাহীম আছৰাফ, শ্বাহীন আফ্ৰিদি, আব্ৰাৰ আহমেদ আৰু চুফিয়ান মুকিম ।
লগতে পঢ়ক : ক্ৰিকেটত পাকিস্তান, হকীত চীনৰ সৈতে যুঁজ… ‘ছুপাৰ ছানডে’ত ভাৰতৰ সন্মুখত অগ্নিপৰীক্ষা