২০৩৫ৰ ভিতৰত ভাৰতৰ থাকিব নিজা মহাকাশ কেন্দ্ৰ
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা তথা চমুকৈ ইছোৰৰ মুৰব্বী ভি নাৰায়ণনে ২০২৭ চনৰ ভিতৰত প্ৰথম মানৱ মহাকাশ উৰণৰ বাবে ভাৰত সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বুলি প্ৰকাশ কৰে । তেওঁ জনাইছে যে গগণযান প্ৰকল্পৰ অধীনত ৭,৭০০ টা গ্ৰাউণ্ড টেষ্ট সম্পূৰ্ণ হৈছে আৰু ২,৩০০ টা পৰীক্ষা এতিয়াও বাকী আছে । ইয়াৰ পিছতহে মহাকাশত মানৱ অভিযান সম্পন্ন হ’ব ।
নাৰায়ণনে কয় যে গগণযান প্ৰকল্পৰ অধীনত তিনিটা মানৱবিহীন অভিযান হ’ব । ইয়াৰে প্ৰথমটো অভিযান চলিত বৰ্ষৰ ডিচেম্বৰ মাহত প্ৰস্তাৱ কৰা হৈছে । ইয়াৰ পিছত আৰু দুটা মানৱবিহীন অভিযান সম্পূৰ্ণ হ’ব । ভাৰতৰ মানৱ মহাকাশ অভিযান সফল কৰাৰ ক্ষেত্ৰত এই সকলোবোৰ গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰমাণিত হ’ব ।
মানৱসহ অভিযান অনুমোদন
ইছৰোৱে গগণযান প্ৰকল্পৰ অধীনত দুটা মানৱবাহী অভিযানৰ বাবে অনুমোদন লাভ কৰিছে । অৰ্থাৎ ভাৰতে এতিয়া নিজৰ নাগৰিকক মহাকাশলৈ প্ৰেৰণ কৰা নিৰ্বাচিত দেশৰ তালিকাত যোগদান কৰিবলৈ সাজু হৈছে । ইছৰোৰ মুৰব্বীগৰাকীয়ে কয় যে এই অভিযানসমূহৰ জৰিয়তে ভাৰতৰ বৈজ্ঞানিক আৰু প্ৰযুক্তিগত সামৰ্থ্য বিশ্বৰ সন্মুখত অধিক শক্তিশালীভাৱে আত্মপ্ৰকাশ কৰিব ।
লগতে পঢ়ক : আগন্তুক তিনিমাহৰ ভিতৰত কাম আৰম্ভ কৰিব NISARএ… ৭৪৭ কিলোমিটাৰৰ ওপৰৰ পৰা ৰাখিছে চকু