Facebook, YouTube, X সহ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ
Facebook, YouTube, X, Instagram সহ ২৬টা ছ’চিয়েল মিডিয়া এপক নিষিদ্ধ কৰা হৈছে। Facebook, YouTube, X, Instagram আদি প্লেটফৰ্ম নেপালত এতিয়া ব্যৱহাৰ কৰিব নোৱাৰিব।
২৮ আগষ্টত নেপালৰ উচ্চতম ন্যায়ালয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহক দেশত কাম কৰিবলৈ পঞ্জীয়ন কৰিবলৈ কৈছিল।
কিন্তু ফেচবুক, ইউটিউবৰ দৰে প্লেটফৰ্মসমূহে সময়সীমাৰ পিছতো পঞ্জীয়ন কৰা নাছিল, যাৰ বাবে চৰকাৰে এই প্লেটফৰ্মসমূহ নিষিদ্ধ কৰাৰ সিদ্ধান্ত লৈছে।
নেপালৰ যোগাযোগ আৰু প্ৰযুক্তি মন্ত্ৰালয়ে ৰাজহুৱা জাননী জাৰি কৰি কয় টেলিকম কৰ্তৃপক্ষই দেশৰ সকলো পঞ্জীয়নবিহীন ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
মন্ত্ৰালয়ৰ মুখপাত্ৰ গজেন্দ্ৰ ঠাকুৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নিষেধাজ্ঞা সন্দৰ্ভত তথ্য শ্বেয়াৰ কৰি কয় তেওঁ আশা কৰে যে বুধবাৰৰ ভিতৰত ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহে তেওঁৰ সৈতে যোগাযোগ কৰিব, ইয়াৰ পিছত চৰকাৰে এই কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে।
উচ্চতম ন্যায়ালয়ে দিয়া নিৰ্দেশনাৰ ভিত্তিত নেপাল টেলিকম কৰ্তৃপক্ষই এই সকলোবোৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম নিষিদ্ধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।
যোৱা সপ্তাহত তাত থকা উচ্চতম ন্যায়ালয়ে ২০২৩ চনৰ ছ’চিয়েল মিডিয়াৰ ব্যৱহাৰ আৰু পৰিচালনাৰ নিৰ্দেশনাৰ ভিত্তিত ৩ ছেপ্টেম্বৰৰ ভিতৰত পঞ্জীয়ন কৰিবলৈ সকলো দেশীয় আৰু বিদেশী ছ’চিয়েল মিডিয়া প্লেটফৰ্মক নিৰ্দেশনা জাৰি কৰিছিল।
ছচিয়েল মিডিয়া প্লেটফৰ্মত শ্বেয়াৰ কৰা অবাঞ্চিত বিষয়বস্তু নিৰীক্ষণৰ বাবে উচ্চতম ন্যায়ালয়ৰ এই আদেশ জাৰি কৰা হৈছে।
লগতে পঢ়ক: মহাকাশত খাদ্য খোৱাটো কিমান কঠিন ! ভিডিঅ’ শ্বেয়াৰ কৰি এই কথা প্ৰকাশ কৰিলে শুভাংশু শুক্লাই