ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি
ছেমিকন ইণ্ডিয়া ২০২৫ সন্মিলনত ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ উপস্থাপন কৰে । ইয়াক ভাৰতৰ অৰ্ধপৰিবাহী আত্মনিৰ্ভৰশীলতাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে অভিহিত কৰা হৈছে । এই মহাকাশ প্ৰচেছৰটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আৰু চণ্ডীগড়স্থিত ছেমিকণ্ডাক্টৰ পৰীক্ষাগাৰ (SCL)ৰ সহযোগত প্ৰস্তুত কৰা হৈছে ।
কিয় বিশেষ বিক্ৰম ৩২০১ ?
ই হৈছে ৩২ বিট মাইক্ৰ’প্ৰচেছৰ, যিটো বিশেষভাৱে মহাকাশ অভিযানৰ কঠোৰ পৰিস্থিতিত কাম কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । এই মহাকাশ প্ৰচেছৰটোৰ -৫৫ ডিগ্ৰী চেলছিয়াছৰ পৰা +১২৫ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা সহ্য কৰিব পৰা ক্ষমতাই ইয়াক অত্যন্ত শক্তিশালী কৰি তোলে । ইয়াৰ কাম হৈছে ৰকেট আৰু উৎক্ষেপণ বাহনত নেভিগেচন, নিয়ন্ত্ৰণ আৰু মিছন মেনেজমেণ্ট চম্ভালিব পৰা । ইয়াক মিলিটেৰী গ্ৰেডৰ ষ্টেণ্ডাৰ্ড অনুসৰি ডিজাইন কৰা হৈছে যাতে ই বিকিৰণ আৰু কম্পনৰ দৰে কঠিন পৰিস্থিতিতো কাম কৰি থাকে ।
ইয়াৰ পূৰ্বে ইছৰোৱে ২০০৯ চনৰ পৰা ‘বিক্ৰম ১৬০১’ (১৬-বিট প্ৰচেছৰ) ব্যৱহাৰ কৰিছিল । এতিয়া ‘বিক্ৰম ৩২০১’-এ কেৱল ৩২-বিট আৰ্কিটেকচাৰ অনাই নহয়, ইয়াত কেইবাটাও ডাঙৰ উন্নীতকৰণ যেনে ৬৪-বিট ফ্লটিং-পইণ্ট অপাৰেচন, এডা প্ৰগ্ৰেমিং লেংগুৱেজৰ বাবে সমৰ্থন আৰু উন্নত যোগাযোগৰ বাবে অন-চিপ ১৫৫৩বি বাছ ইন্টাৰফেছ অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াক এছ চি এলৰ চণ্ডীগড় ইউনিটত ১৮০ নেন’মিটাৰ চি এম অ’ এছ প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়, যিটো মহাকাশ প্ৰয়োগৰ বাবে নিৰ্ভৰযোগ্য ।
ইতিমধ্যে কৰা হৈছে স্পেচ টেষ্ট-
ইতিমধ্যে পি এছ এল ভি-চি৬০ অভিযানত ‘বিক্ৰম ৩২০১’ৰ পৰীক্ষা কৰা হৈছে । ই পি এছ এল ভি অৰ্বিটেল এক্সপেৰিমেণ্টেল মডিউল (পি অ’ ই এম-৪)ৰ মিছন মেনেজমেণ্ট কম্পিউটাৰ সফলতাৰে চলাইছিল । এই সফলতাৰ পিছত এতিয়া ইছৰোৱে আগন্তুক লঞ্চ বাহনত ইয়াক ব্যাপকভাৱে গ্ৰহণ কৰিবলৈ সাজু হৈছে ।
ইছৰোৱে চলিত বৰ্ষৰ ২০২৫ চনৰ মাৰ্চ মাহত ‘বিক্ৰম ৩২০১’ৰ লগতে ‘কল্পনা ৩২০১’ নামৰ আন এটা মহাকাশ প্ৰচেছৰ মুকলি কৰে । ই ৩২-বিট SPARC V8 RISC স্থাপত্যৰ ওপৰত ভিত্তি কৰি আৰু অপেন চৰ্ছ টুলছেন সমৰ্থন কৰে । ইয়াৰ উপৰিও ইছৰোৱে আৰু চাৰিটা থলুৱা ইলেক্ট্ৰনিক ডিভাইচো প্ৰৱৰ্তন কৰিছে, য’ত দুটা ৰিকনফিগাৰেবল ডাটা এক্ভিজিচন চিষ্টেম, এটা ৰিলে ড্ৰাইভাৰ আই চি আৰু এটা মাল্টি-চেনেল লো ড্ৰপ-আউট ৰেগুলেটৰ আই চি আছে । এই সকলোবোৰ যন্ত্ৰই ভাৰতৰ আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰিব ।
আত্মনিৰ্ভৰ ভাৰতৰ দিশত ডাঙৰ পদক্ষেপ-
স্পেচ গ্ৰেড প্ৰচেছৰ সাধাৰণতে বজাৰত উপলব্ধ নহয় আৰু বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয় । ‘বিক্ৰম ৩২০১’ৰ জৰিয়তে ভাৰতে এই ক্ষেত্ৰত স্বাৱলম্বীতা অৰ্জন কৰিছে । ইয়াৰ ফলত যোগান শৃংখলৰ বটলনেক আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব । ইয়াৰ বাবে ইছৰোৱে এটা সম্পূৰ্ণ চফ্টৱেৰ ইক’চিষ্টেমো বিকশিত কৰিছে, য’ত এডিএ কম্পাইলাৰ, এছেম্বলাৰ, লিংকাৰ, চিমুলেটৰ আৰু ডেভেলপমেণ্ট পৰিৱেশ অন্তৰ্ভুক্ত কৰা হৈছে । ইছৰোৰ মতে, অতি সোনকালে এটা চি কম্পাইলাৰো প্ৰস্তুত কৰা হ’ব ।
লগতে পঢ়ক : এতিয়া হাতৰ মুঠিত থাকিব মহাকাশ; ISRO আৰু ROSCOSMOS এ বিশ্বক জনাব প্ৰত্যাহ্বান