ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি… অধিক শক্তিশালী হ’ব ৰকেট আৰু উপগ্ৰহৰ অভিযান
ভাৰতৰ প্ৰথমটো থলুৱা মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ মুকলি
ছেমিকন ইণ্ডিয়া ২০২৫ সন্মিলনত ইলেক্ট্ৰনিকছ আৰু আই টি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত মহাকাশ প্ৰচেছৰ ‘বিক্ৰম ৩২০১’ উপস্থাপন কৰে । ইয়াক ভাৰতৰ অৰ্ধপৰিবাহী আত্মনিৰ্ভৰশীলতাৰ দিশত এক ঐতিহাসিক পদক্ষেপ হিচাপে অভিহিত কৰা হৈছে । এই মহাকাশ প্ৰচেছৰটো ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আৰু চণ্ডীগড়স্থিত ছেমিকণ্ডাক্টৰ পৰীক্ষাগাৰ (SCL)ৰ সহযোগত প্ৰস্তুত কৰা হৈছে ।
কিয় বিশেষ বিক্ৰম ৩২০১ ?
ই হৈছে ৩২ বিট মাইক্ৰ’প্ৰচেছৰ, যিটো বিশেষভাৱে মহাকাশ অভিযানৰ কঠোৰ পৰিস্থিতিত কাম কৰিব পৰাকৈ ডিজাইন কৰা হৈছে । এই মহাকাশ প্ৰচেছৰটোৰ -৫৫ ডিগ্ৰী চেলছিয়াছৰ পৰা +১২৫ ডিগ্ৰী চেলছিয়াছলৈকে উষ্ণতা সহ্য কৰিব পৰা ক্ষমতাই ইয়াক অত্যন্ত শক্তিশালী কৰি তোলে । ইয়াৰ কাম হৈছে ৰকেট আৰু উৎক্ষেপণ বাহনত নেভিগেচন, নিয়ন্ত্ৰণ আৰু মিছন মেনেজমেণ্ট চম্ভালিব পৰা । ইয়াক মিলিটেৰী গ্ৰেডৰ ষ্টেণ্ডাৰ্ড অনুসৰি ডিজাইন কৰা হৈছে যাতে ই বিকিৰণ আৰু কম্পনৰ দৰে কঠিন পৰিস্থিতিতো কাম কৰি থাকে ।
ইয়াৰ পূৰ্বে ইছৰোৱে ২০০৯ চনৰ পৰা ‘বিক্ৰম ১৬০১’ (১৬-বিট প্ৰচেছৰ) ব্যৱহাৰ কৰিছিল । এতিয়া ‘বিক্ৰম ৩২০১’-এ কেৱল ৩২-বিট আৰ্কিটেকচাৰ অনাই নহয়, ইয়াত কেইবাটাও ডাঙৰ উন্নীতকৰণ যেনে ৬৪-বিট ফ্লটিং-পইণ্ট অপাৰেচন, এডা প্ৰগ্ৰেমিং লেংগুৱেজৰ বাবে সমৰ্থন আৰু উন্নত যোগাযোগৰ বাবে অন-চিপ ১৫৫৩বি বাছ ইন্টাৰফেছ অন্তৰ্ভুক্ত কৰা হৈছে । ইয়াক এছ চি এলৰ চণ্ডীগড় ইউনিটত ১৮০ নেন’মিটাৰ চি এম অ’ এছ প্ৰযুক্তি ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হয়, যিটো মহাকাশ প্ৰয়োগৰ বাবে নিৰ্ভৰযোগ্য ।
ইতিমধ্যে কৰা হৈছে স্পেচ টেষ্ট-
ইতিমধ্যে পি এছ এল ভি-চি৬০ অভিযানত ‘বিক্ৰম ৩২০১’ৰ পৰীক্ষা কৰা হৈছে । ই পি এছ এল ভি অৰ্বিটেল এক্সপেৰিমেণ্টেল মডিউল (পি অ’ ই এম-৪)ৰ মিছন মেনেজমেণ্ট কম্পিউটাৰ সফলতাৰে চলাইছিল । এই সফলতাৰ পিছত এতিয়া ইছৰোৱে আগন্তুক লঞ্চ বাহনত ইয়াক ব্যাপকভাৱে গ্ৰহণ কৰিবলৈ সাজু হৈছে ।
ইছৰোৱে চলিত বৰ্ষৰ ২০২৫ চনৰ মাৰ্চ মাহত ‘বিক্ৰম ৩২০১’ৰ লগতে ‘কল্পনা ৩২০১’ নামৰ আন এটা মহাকাশ প্ৰচেছৰ মুকলি কৰে । ই ৩২-বিট SPARC V8 RISC স্থাপত্যৰ ওপৰত ভিত্তি কৰি আৰু অপেন চৰ্ছ টুলছেন সমৰ্থন কৰে । ইয়াৰ উপৰিও ইছৰোৱে আৰু চাৰিটা থলুৱা ইলেক্ট্ৰনিক ডিভাইচো প্ৰৱৰ্তন কৰিছে, য’ত দুটা ৰিকনফিগাৰেবল ডাটা এক্ভিজিচন চিষ্টেম, এটা ৰিলে ড্ৰাইভাৰ আই চি আৰু এটা মাল্টি-চেনেল লো ড্ৰপ-আউট ৰেগুলেটৰ আই চি আছে । এই সকলোবোৰ যন্ত্ৰই ভাৰতৰ আমদানি নিৰ্ভৰশীলতা হ্ৰাস কৰিব ।
আত্মনিৰ্ভৰ ভাৰতৰ দিশত ডাঙৰ পদক্ষেপ-
স্পেচ গ্ৰেড প্ৰচেছৰ সাধাৰণতে বজাৰত উপলব্ধ নহয় আৰু বিদেশৰ পৰা আমদানি কৰিবলগীয়া হয় । ‘বিক্ৰম ৩২০১’ৰ জৰিয়তে ভাৰতে এই ক্ষেত্ৰত স্বাৱলম্বীতা অৰ্জন কৰিছে । ইয়াৰ ফলত যোগান শৃংখলৰ বটলনেক আৰু আমদানিৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাব । ইয়াৰ বাবে ইছৰোৱে এটা সম্পূৰ্ণ চফ্টৱেৰ ইক’চিষ্টেমো বিকশিত কৰিছে, য’ত এডিএ কম্পাইলাৰ, এছেম্বলাৰ, লিংকাৰ, চিমুলেটৰ আৰু ডেভেলপমেণ্ট পৰিৱেশ অন্তৰ্ভুক্ত কৰা হৈছে । ইছৰোৰ মতে, অতি সোনকালে এটা চি কম্পাইলাৰো প্ৰস্তুত কৰা হ’ব ।
লগতে পঢ়ক : এতিয়া হাতৰ মুঠিত থাকিব মহাকাশ; ISRO আৰু ROSCOSMOS এ বিশ্বক জনাব প্ৰত্যাহ্বান