গগণযান প্ৰকল্পত ডাঙৰ সফলতা

গগণযান প্ৰকল্পত ডাঙৰ সফলতা… ইছৰোৰ পেৰাচুট ব্যৱস্থাৰ প্ৰথম এয়াৰ-ড্ৰপৰ সফল পৰীক্ষণ

গগণযান প্ৰকল্পত ডাঙৰ সফলতা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দেওবাৰে গগণযান অভিযানৰ বাবে বিকশিত কৰা পেৰাচুট ভিত্তিক ডিচিলেৰেচন চিষ্টেম পৰীক্ষাৰ বাবে প্ৰথমটো ইন্টিগ্ৰেটেড এয়াৰ ড্ৰপ টেষ্ট (আই এ ডি টি-০১) সফলতাৰে সমাপ্ত কৰে । পেৰাচুট ভিত্তিক মন্থৰতা ব্যৱস্থাই ক্ৰু মডিউলটো পৃথিৱীত নিৰাপদে অৱতৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা

গগণযান প্ৰকল্পত ডাঙৰ সফলতা

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই দেওবাৰে গগণযান অভিযানৰ বাবে বিকশিত কৰা পেৰাচুট ভিত্তিক ডিচিলেৰেচন চিষ্টেম পৰীক্ষাৰ বাবে প্ৰথমটো ইন্টিগ্ৰেটেড এয়াৰ ড্ৰপ টেষ্ট (আই এ ডি টি-০১) সফলতাৰে সমাপ্ত কৰে । পেৰাচুট ভিত্তিক মন্থৰতা ব্যৱস্থাই ক্ৰু মডিউলটো পৃথিৱীত নিৰাপদে অৱতৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।

প্ৰকাশিত এক তথ্য অনুসৰি ইছৰোৰ এজন বিষয়াই কয় যে অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ ওচৰত এই পৰীক্ষণ কৰা হৈছে । এই পৰীক্ষণ ইছৰো, ভাৰতীয় বায়ুসেনা, প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা (ডি আৰ ডি অ’), ভাৰতীয় নৌসেনা আৰু ভাৰতীয় উপকূলৰক্ষী বাহিনীৰ যৌথভাৱে পৰিচালনা কৰিছিল ।

ভাৰতৰ মহাকাশচাৰীসকলক মহাকাশলৈ পঠিয়াই নিৰাপদে ঘূৰাই অনাৰ ক্ষমতাক প্রমাণ কৰাটোৱেই গগণযান প্রকল্পৰ লক্ষ্য ৷ এয়া হ’ব ভাৰতৰ প্ৰথমটো মানৱ মহাকাশ উৰণ কাৰ্যসূচী, য’ত ক্ৰুৰ সুৰক্ষাৰ সৈতে জড়িত জটিল ব্যৱস্থাসমূহ পৰীক্ষাৰ বাবে পূৰ্ব পৰিকল্পিত মানৱবিহীন অভিযানো অন্তৰ্ভুক্ত কৰা হ’ব ।

লগতে পঢ়ক : Oppoৰ ওপৰত Apple ৰ বাণিজ্যিক গোপনীয়তা চুৰি কৰাৰ অভিযোগ উত্থাপন