গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা…

গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা… মহাকাশ দিৱসত ভাৰতৰ লক্ষ্যৰ কথা ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে

গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশবাসী আৰু বিজ্ঞানীসকলক সম্ভাষণ জনাই কয় যে এই দিৱস যুৱক-যুৱতীসকলৰ মাজত এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে । তেওঁ কয় যে আজি মহাকাশ খণ্ডত ইটোৰ পিছত সিটো নতুন মাইলৰ খুঁটি অৰ্জন

গগণযান, মহাকাশ কেন্দ্ৰ আৰু নতুন উচ্চতা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় মহাকাশ দিৱস উপলক্ষে দেশবাসী আৰু বিজ্ঞানীসকলক সম্ভাষণ জনাই কয় যে এই দিৱস যুৱক-যুৱতীসকলৰ মাজত এক উৎসাহ আৰু আকৰ্ষণৰ অনুষ্ঠানত পৰিণত হৈছে । তেওঁ কয় যে আজি মহাকাশ খণ্ডত ইটোৰ পিছত সিটো নতুন মাইলৰ খুঁটি অৰ্জন কৰাটো ভাৰতৰ বাবে গৌৰৱৰ বিষয় । প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে অতি শীঘ্ৰে গগণযান উৎক্ষেপণ কৰিব আৰু আগন্তুক সময়ত নিজাকৈ মহাকাশ কেন্দ্ৰও স্থাপন কৰিব ।

প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়াকৈ ভাৰতে জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞানৰ আন্তঃৰাষ্ট্ৰীয় অলিম্পিয়ান আয়োজন কৰিছিল, য’ত ৬০খনতকৈও অধিক দেশৰ ৩০০ যুৱকে অংশগ্ৰহণ কৰিছিল আৰু ভাৰতীয় যুৱক-যুৱতীসকলেও পদক লাভ কৰিছিল । তেওঁ ইয়াক ভাৰতৰ উদীয়মান নেতৃত্বৰ সম্ভাৱনাৰ প্ৰতীক বুলি অভিহিত কৰে । তেওঁ লগতে কয় যে ইছৰোৱে ইণ্ডিয়ান স্পেচ হেকাথন আৰু ৰবটিক্স চেলেঞ্জৰ দৰে পদক্ষেপ আৰম্ভ কৰিছে, যিয়ে মহাকাশৰ প্ৰতি যুৱক-যুৱতীসকলৰ আগ্ৰহ বৃদ্ধি কৰিছে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে ছেমি ক্ৰাইজেনিক ইঞ্জিন আৰু ইলেক্ট্ৰিক প্ৰপালচনৰ দৰে নতুন প্ৰযুক্তিৰ ক্ষেত্ৰত দ্ৰুতগতিত আগবাঢ়িছে । শীঘ্ৰে ভাৰতে গগণযান অভিযান সফলভাৱে সম্পূৰ্ণ কৰিব আৰু আগন্তুক সময়ত নিজাকৈ মহাকাশ কেন্দ্ৰও স্থাপন কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে ।

প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে আজি স্পেচ-টেক কেৱল গৱেষণাতে সীমাবদ্ধ নহয় বৰঞ্চ ই শাসন ব্যৱস্থাৰো অংশ হৈ পৰিছে । শস্য বীমা আঁচনিৰ উপগ্ৰহভিত্তিক মূল্যায়ন, উপগ্ৰহৰ তথ্য আৰু মাছমৰীয়াৰ সুৰক্ষা, দুৰ্যোগ ব্যৱস্থাপনাত ভূ-স্থানীয় তথ্যৰ ব্যৱহাৰ আৰু পি এম গতি শক্তি ৰাষ্ট্ৰীয় গুৰু আঁচনি- এই সকলোবোৰে সাধাৰণ নাগৰিকৰ জীৱন সহজ কৰি তুলিছে ।

ইছৰোৰ অধ্যক্ষয়ো ভাৰতৰ দৃষ্টিভংগী ব্যক্ত কৰে-

মহাকাশ দিৱস উপলক্ষে ইছৰোৰ অধ্যক্ষ ভি নাৰায়ণনে কয় যে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী অনুসৰি আগন্তুক সময়ত ভাৰতে চন্দ্ৰযান-৪ অভিযান, ভেনাছ অৰ্বিটাৰ মিছন আৰু বি আই এছ নামৰ মহাকাশ কেন্দ্ৰৰ দিশত কাম কৰিব । ২০২৮ চনৰ ভিতৰত বি আই এছ মহাকাশ কেন্দ্ৰৰ প্ৰথমটো মডিউল মুকলি কৰা হ’ব আৰু ২০৩৫ চনৰ ভিতৰত ই সম্পূৰ্ণৰূপে কাৰ্যক্ষম হ’ব ।

ইছৰোৰ অধ্যক্ষই কয় যে প্ৰধানমন্ত্ৰীয়ে এন জি এল (Next Generation Launcher)কো অনুমোদন জনাইছে । ২০৪০ চনৰ ভিতৰত ভাৰত কেৱল চন্দ্ৰত অৱতৰণ কৰাই নহয় তাৰ পৰা নিৰাপদে উভতিও আহিব । নাৰায়ণনে কয় যে তেতিয়ালৈকে ভাৰতীয় মহাকাশ কাৰ্যসূচী আন যিকোনো দেশৰ মহাকাশ কাৰ্যসূচীৰ সমতুল্য হ’ব ।

ইছৰোৰ মুৰব্বীগৰাকীয়ে গগণযাত্ৰী কাৰ্যসূচীৰ কথা উল্লেখ কৰি কয় যে এজন ভাৰতীয়ক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰ (আই এছ এছ)লৈ প্ৰেৰণ কৰাটো এক বৃহৎ সফলতা । তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ ধাৰণা আছিল যে প্ৰথমে আমাৰ নিজৰ ৰকেটেৰে এজন ভাৰতীয়ক আই এছ এছলৈ পঠিয়াব লাগে । এই ধাৰণাৰ অধীনত শুভাংশ শুক্লাক আই এছ এছলৈ পঠিওৱা হ’ল আৰু তেওঁ নিৰাপদে উভতি আহিল । তেওঁ কয় যে গগণযান দলৰ চাৰিওজন সদস্যই আমাৰ বাবে সমানে গুৰুত্বপূৰ্ণ ।

লগতে পঢ়ক : শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি ৫ ক্ষেপণাস্ত্ৰৰ সফল পৰীক্ষণ ভাৰতৰ… ৫ হাজাৰ কিলোমিটাৰ পৰ্যন্ত হানিব আঘাত

শেহতীয়া প্ৰৱন্ধসমূহ