উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী হ’ব সুদৰ্শন ৰেড্ডী
উপ-ৰাষ্ট্ৰপতি পদৰ বাবে বিৰোধীৰ প্ৰাৰ্থী হ’ব প্ৰাক্তন ন্যায়াধীশ জাষ্টিছ বি সুদৰ্শন ৰেড্ডী । কংগ্ৰেছৰ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেই বিৰোধীৰ প্ৰাৰ্থী হিচাবে ৰেড্ডীৰ নাম ঘোষণা কৰে । উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশগৰাকীৰ নাম সন্দৰ্ভত বিৰোধী সৰ্বসন্মতিক্ৰমে একমত হোৱা বুলিও কয় খাৰ্গেই । ইয়াৰ পূৰ্বে বিৰোধী মিত্ৰজোঁটৰ নেতাসকলৰ ১০ ৰাজাজী মাৰ্গৰ বৈঠকত উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম নিৰ্ণয় আৰু ঘোষণা কৰা হৈছিল । বৈঠকৰ অন্তত বিৰোধীয়ে তেওঁৰ নাম ঘোষণা কৰে । উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জাষ্টিছ বি সুদৰ্শন ৰেড্ডীয়ে ২১ আগষ্টত মনোনয়ন দাখিল কৰিব ।
মল্লিকাৰ্জুন খাৰ্গেই কয়, ‘বি. সুদৰ্শন ৰেড্ডী ভাৰতৰ অন্যতম বিশিষ্ট আৰু প্ৰগতিশীল ন্যায়িক । তেওঁৰ আইনী জীৱন দীৰ্ঘদিনীয়া আৰু বিশিষ্ট । অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে তেওঁ । তেওঁ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ ধাৰাবাহিক আৰু সাহসী সমৰ্থক হিচাপে কাম কৰি আহিছে । তেওঁ এজন গৰীৱ হিতৈষী ব্যক্তি । তেওঁৰ বহু ৰায় পঢ়িলে গম পাব যে তেওঁ কেনেকৈ দুখীয়াৰ পক্ষ লৈ সংবিধান আৰু মৌলিক অধিকাৰ সুৰক্ষিত কৰিছিল ।’
এন ডি এৰ চি পি ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা-
নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্সৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীয়ে । বিজেপি নেতৃত্বাধীন এন ডি এয়ে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে তামিলনাডুৰ প্ৰবীণ বিজেপি নেতা চি পি ৰাধাকৃষ্ণনক । বিৰোধী মিত্ৰজোঁটে তেওঁৰ নাম ঘোষণা কৰাৰ পিছত তেওঁ কয় যে মই সকলো দলকে সমৰ্থনৰ বাবে আবেদন জনাইছো । তৃণমূল কংগ্ৰেছ নেতা ডেৰেক অ’ব্ৰাইনৰ মতে, উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে আম আদমি পাৰ্টিয়েও ৰেড্ডীক সমৰ্থন কৰিছে ।
কোন হয় ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী ?
১৯৪৬ চনৰ ৮ জুলাইত ৰংগাৰেড্ডী (অন্ধ্ৰপ্ৰদেশ)ৰ পূৰ্বৰ ইব্ৰাহিমপট্টনম তালুকা আকুলা মাইলাৰাম গাঁৱত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ জন্ম হয় । বৰ্তমান কান্দুকুৰ ৰাজহ বিভাগৰ অধীনত থকা গাঁওখনৰ কৃষক পৰিয়ালত জন্ম তেওঁৰ । হায়দৰাবাদত অধ্যয়ন কৰি ১৯৭১ চনত হায়দৰাবাদৰ ওছমানিয়া বিশ্ববিদ্যালয়ৰ পৰা আইনৰ ডিগ্ৰী লাভ কৰে । ১৯৭১ চনত অধিবক্তা হিচাপে পৰিচয় গঢ়ি তোলে । ইয়াৰ পিছত তেওঁ জ্যেষ্ঠ অধিবক্তা কে প্ৰতাপ ৰেড্ডীৰ চেম্বাৰত যোগদান কৰে ।
তেওঁ হায়দৰাবাদৰ নগৰ দেৱানী আদালতৰ লগতে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়তো বহু গোচৰ নিষ্পত্তি কৰে । ১৯৮৮ চনৰ ৮ আগষ্টত অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ত চৰকাৰী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰি ৰাজহ বিভাগৰ দায়িত্ব লৈ ১৯৯০ চনৰ ৮ জানুৱাৰীলৈকে এই পদত থাকে । ইয়াৰ পিছত কিছুদিন কেন্দ্ৰীয় চৰকাৰৰ অতিৰিক্ত স্থায়ী অধিবক্তা হিচাপেও নিযুক্তি লাভ কৰে তেওঁ ।
ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডী এভি এডুকেচন ছ’চাইটিৰ দ্বাৰা পৰিচালিত শিক্ষানুষ্ঠানসমূহৰ সচিব আৰু সংবাদদাতাও আছিল । ১৯৯৩-৯৪ চনৰ বাবে অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ অধিবক্তা সন্থাৰ সভাপতি নিৰ্বাচিত হয় । ১৯৯৩ চনৰ ৮ জানুৱাৰীত হায়দৰাবাদৰ ওচমানিয়া বিশ্ববিদ্যালয়ৰ আইন উপদেষ্টা আৰু স্থায়ী অধিবক্তা হিচাপে নিযুক্তি লাভ কৰা তেখেতে ১৯৯৫ চনৰ ২ মে’ৰ পৰা অন্ধ্ৰ প্ৰদেশ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে । ২০০৫ চনত গৌহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰ তেওঁ । ২০১১ চনত অৱসৰ গ্ৰহণ কৰে ৰেড্ডীয়ে ।
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চিপি ৰাধাকৃষ্ণনৰ…