মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য
আজি সমগ্ৰ দেশবাসীয়ে স্বাধীনতা দিৱস উদযাপন কৰিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাইও খানাপাৰাত পতাকা উত্তোলন কৰে। এই পতাকা উত্তোলনৰ সময়ত ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে।
প্ৰতিগৰাকী সংগ্ৰামী যুদ্ধাক সুঁৱৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, মই গোপীনাথ বৰদলৈ, বিষ্ণুৰাম মেধীৰ খোজেৰে মুখ্যমন্ত্ৰী হৈছো।
তেওঁ কয় যে এসময়ত বন্দুকৰ শব্দত ৰাতিপুৱা হোৱা অসমত আমি শান্তি আৰু প্ৰগতিৰ ঢল বোৱাবলৈ সক্ষম হৈছো।
খানাপাৰাৰ খেলপথাৰৰ পৰাই পুনৰ বেদখলকাৰীক সকীয়নি দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে। তেওঁ কয় যে, বৰ্তমানলৈকে ১ লাখ ২০ বিঘা ভূমি বেদখলমুক্ত কৰা হৈছে। আৰু উচ্ছেদ চলিব।
বিগত ৭৫টা বছৰে বহু অসমীয়াই কমপ্ৰমাইজ কৰিলে। কিন্তু আমি তেওঁলোকক আমাৰ বৰঘৰলৈ আমন্ত্ৰণ জনাই আনিলো।আমাৰ ভুলৰ বাবেই তেওঁলোকে সাহস পালে।
কেৱল চৰেই নহয় আমাৰ সত্ৰ সংস্কৃতি সকলো বেদখল কৰিলে।ইয়াতে থমকি নৰয় লাভ জেহাদ আৰু ধৰ্মান্তকৰণ কৰিবলৈ তেওঁলোক আগবাঢ়িল। এই অচিনাকী লোকসকলে ৰাজ্যৰ শক্তি দখল কৰিছে।
অৰ্থনৈতিক শক্তিও দখল কৰা হৈছে।অসমে নীৰৱে থাকিব নোৱাৰে। যদি আমি নীৰৱো থাকো আমাৰ ঠাইতে আমি সকলো হেৰুৱাম। কাৰণ আমি নিৰৱে থাকিল এটা সময়ত অসমীয়া জাতিটো নাথাকিব।
বটদ্ৰৱাৰ দৰে মা কামাখ্যৰ মাটিও তেওঁলোকে দখল কৰিব।মাত্ৰ ১০টা বছৰৰ ভিতৰত অসমীয়াৰ অস্তিত্ব নাইকীয়া হব। জাতি, মাটি, ভেটি সকলো আমাৰ হাতৰ পৰা যাব।
১৫ বছৰৰ ভিতৰত ৰাজ্যৰ মন্ত্ৰীৰ সভাৰ ৮০ শতাংশ তেওঁলোকৰ হাতত থাকিব আৰু ২০ বছৰৰ পিছত স্বাধীনতা দিৱসৰ পতাৰকাও অচিনাকী মন্ত্ৰীয়ে উত্তোলন কৰিব। এইয়া হৈছে অসমীয়াই নীৰৱে থকাৰ ফলত অসমীয়াৰ ভৱিষ্যত
সন্দেহযুক্ত লোকৰ আগ্ৰাসনৰ ফলত আজি অসমীয়া জাতি অস্থীৰ হৈ পৰিছে। ইতিমধ্যে নামনি আৰু মধ্য অসম সম্পূৰ্ণৰূপে আগ্ৰাসন কৰা হ’ল।
এই অচিনাকী লোকসকলে এতিয়া উজনি আৰু উত্তৰ অসমলৈ বিপদ কঢ়িয়াই আনিছে। অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতি ধৰি ৰখাৰ বাবে আমি সংগ্ৰাম আৰম্ভ কৰিছো।
তেওঁ আৰু কয় যে, বাল্য বিবাহ ৰোধ কৰা হ’ল। অসমৰ নৱপ্ৰজন্মই নতুন সপোন দেখিছে। নিযুক্তিৰ ক্ষেত্ৰটো আমি মাইলৰ খুঁটী পুতিবলৈ সক্ষম হৈছো।
আমাৰ চৰকাৰে ১ লাখ ৫১ হাজাৰতকৈ অধিক নিযুক্তি দিছে। অক্টোবৰত আৰু কেইবা হাজাৰ পদত নিযুক্তি দিয়া হ’ব।
লগতে পঢ়ক: ‘এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ’; প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা