মই কংগ্ৰেছত থাকোতে ৰাহুল গান্ধীক বুঢ়া আঙুলি দেখুৱাই দমত আছিলো
কেইবাটাও কাৰ্যসূচীৰে আজি নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ৫৭৬ কোটি টকাৰ প্ৰকল্পৰ উদ্বোধনী, শিলান্যাস কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
তাৰ মাজতে মুখ্যমন্ত্ৰী গৰাকীয়ে লুৰীণজ্যোতি গগৈক দিলে প্ৰত্যুত্তৰ। মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, কংগ্ৰেছত থকাৰ সময়ত মই ৰজাৰ দৰে আছিলো। মই কংগ্ৰেছত থকা নাই বুলিলো কোনে কৈছে।
মই তাত থাকোতে বদৰুদ্দিনৰ লগতো কাজিয়া কৰিছিলো আৰু ৰাহুল গান্ধীকো বুঢ়া আঙুলি দেখুৱাইছিলো। মই ভৰিত পৰি থকা নাছিলো।
মই তেতিয়াও দমত আছিলো । কোনো লোকে মোক তলত থকা দেখা নাছিলে। গতিকে কোনোবাই যি দলতে নাথাকক কিয় সদায় দমত থাকিব লাগে।তাত থাকোতেও মই অসমীয়াৰ কাম কৰিছিলো।
উল্লেখ্য যে লুৰীণজ্যোতি গগৈয়ে এখন সংবাদমেল যোগে কৈছিল যে, কংগ্ৰেছত থকাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাই ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু তৰুণ গগৈৰ ভৰিত ধৰি ধৰিয়েই আজিৰ পৰ্যায় পাইছেহি। তাৰেই আজি প্ৰত্যুত্তৰ দিলে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।