মহান মহাকাশচাৰী জিম লাভেলৰ মৃত্যু…
তেতিয়া তেওঁৰ বয়স মাত্ৰ ১৬ বছৰ । তেওঁৰ হাতত বাৰুদ বনাবলৈ প্ৰয়োজনীয় ৰাসায়নিক পদাৰ্থ আছিল । বিজ্ঞান শিক্ষকৰ সহায়ত তেওঁ এটা অস্থায়ী ৰকেট নিৰ্মাণ কৰিছিল । ৱেল্ডিঙৰ বাবে ব্যৱহাৰ কৰা হেলমেট পিন্ধি ৰকেটত জুই লগাই উভতি দৌৰি আহিল । সেই ৰকেটটো প্ৰায় ৪০ ফুট ওপৰলৈ উৰি গৈছিল আৰু তাৰ পিছত বিস্ফোৰণ ঘটিছিল । ইয়াৰ ফলত তেওঁ ভয় খোৱা নাছিল, বৰঞ্চ ৰকেট বিজ্ঞানৰ প্ৰতি তেওঁৰ আগ্ৰহ আৰু বাঢ়িছিল । ই ইমানেই বৃদ্ধি পালে যে পিছলৈ তেওঁৰ নাম আমেৰিকাৰ বিখ্যাত মহাকাশচাৰীসকলৰ ভিতৰত অন্তৰ্ভুক্ত হ’ল । আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ বহু মহাকাশ অভিযানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা জিম লাভেল এতিয়া সেই তৰাৰ দেশলৈ গতি কৰিছে । ৯৭ বছৰ বয়সত তেওঁৰ মৃত্যু হৈছে ।
সম্ভাৱ্য ট্ৰেজেডীক সফল অভিযানলৈ ৰূপান্তৰিত কৰাৰ কৃতিত্ব-
তেওঁৰ অৱদানৰ কথা স্মৰণ কৰি নাছাই কয় যে ১৯৭০ চনত এপ’ল’ ১৩ অভিযান পৃথিৱীলৈ নিৰাপদে ঘূৰি অহাত জিম লাভেলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । তেওঁ এটা সম্ভাৱ্য ট্ৰেজেডীক সফল অভিযানলৈ ৰূপান্তৰিত কৰিছিল । সেই সময়ত তেওঁলোকৰ মহাকাশযান পৃথিৱীৰ পৰা লাখ লাখ মাইল দূৰত থকাৰ সময়ত বিস্ফোৰণৰ বাবে চন্দ্ৰত অৱতৰণ কৰাৰ চেষ্টা বন্ধ হৈ পৰে । লাখ লাখ মানুহে টিভিত এই ঘটনাটো চাই আছিল, যেতিয়া লাভেল আৰু তেওঁৰ সংগী দুজনে নিৰাপদে প্ৰশান্ত মহাসাগৰত অৱতৰণ কৰিছিল আৰু এই মুহূৰ্তটো মহাকাশ ভ্ৰমণৰ ইতিহাসৰ আটাইতকৈ স্মৰণীয় হৈ পৰিছিল । জিম লাভেল এপ’ল’ ৮ মিছনৰ সদস্যও আছিল । তেওঁ দুবাৰ চন্দ্ৰৰ ওচৰলৈ গৈছিল যদিও চন্দ্ৰত অৱতৰণ কৰা নাছিল ।
১৯২৮ চনৰ ২৫ মাৰ্চত জন্মগ্ৰহণ কৰা জেমছ আৰ্থাৰ লাভেল জুনিয়ৰে শৈশৱতে গাড়ী দুৰ্ঘটনাত পিতৃক হেৰুৱাইছিল । এনে অৱস্থাত মাতৃয়ে বৰ কষ্টেৰে তেওঁক ডাঙৰ-দীঘল কৰিছিল । পৰিয়ালটোৰ আৰ্থিক অৱস্থা এনেকুৱা আছিল যে তেওঁ কলেজলৈও যাব পৰা নাছিল । এনে পৰিস্থিতিত লভেলে আমেৰিকাৰ নৌসেনাত যোগদান কৰাৰ সিদ্ধান্ত লয় । নেভেল একাডেমী এনাপলিছত নামভৰ্তি কৰি কোৰিয়া যুদ্ধৰ সময়ত পঢ়া-শুনা সমাপ্ত কৰে তেওঁ । নৌসেনাই তেওঁক পাইলট হ’বলৈও প্ৰশিক্ষণ দিছিল ।
জিম লাভেলে পঢ়াৰ সময়ত ৰকেট বিজ্ঞানৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰিছিল । প্ৰথম অৱস্থাত তেওঁ সুযোগো পাইছিল । ১৯৫৮ চনত প্ৰায় ৩০ বছৰ বয়সত তেওঁ প্ৰথমবাৰৰ বাবে নাছাত আবেদন কৰে । অৱশ্যে চিকিৎসা পৰীক্ষাৰ সময়ত তেওঁক নাকচ কৰা হয় । চাৰি বছৰৰ পাছত ১৯৬২ চনত তেওঁ নাছাৰ ‘নিউ নাইন’ত নিৰ্বাচিত হয়, যিয়ে চন্দ্ৰত আমেৰিকাৰ প্ৰথম খোজৰ অভিযানত অংশগ্ৰহণ কৰে ।
চন্দ্ৰৰ কাষলৈ গ’ল, দেখুৱালে পৃথিৱীৰ ছবি-
এপ’ল’ ৮ অভিযানৰ সময়ত লাভলে তেওঁৰ আন দুজন সংগীৰ সৈতে মহাকাশত ২৫,০০০ মাইল প্ৰতি ঘণ্টাৰ বেগত চন্দ্ৰৰ কাষলৈ গৈছিল । তাৰ পৰাই তেওঁ পৃথিৱীৰ এক আচৰিত দৃশ্য দেখিলে, যাক ‘আৰ্থাইজ’ বুলি কোৱা হৈছিল । তেওঁ মানুহক দেখুৱাই দিলে যে পৃথিৱীখন কিমান ধুনীয়া । ১৯৬৯ চনত নাছাই নীল আৰ্মষ্ট্ৰং আৰু বাজ এলড্ৰিনক চন্দ্ৰলৈ পঠিয়াইছিল, যিটো সেই সময়ৰ আটাইতকৈ ডাঙৰ মানৱ অভিযান আছিল ।
যেতিয়া অসম্ভৱকো সম্ভৱ কৰি তুলিছিল-
১৯৭০ চনত জিম লাভেল এপ’ল’ ১৩ মিছনৰ কমাণ্ডাৰ হয় । তেওঁৰ মহাকাশযানখন চন্দ্ৰত অৱতৰণ কৰিবলৈ ওলাইছিল যদিও দুৰ্ঘটনাত মহাকাশযানখনৰ বিস্ফোৰণ ঘটিছিল, যাৰ বাবে তেওঁৰ অভিযান প্ৰায় অসফল হৈ পৰিছিল । মহাকাশযানখনৰ অক্সিজেন টেংকত সমস্যাৰ সৃষ্টি হৈছিল । লা্ভেল আৰু তেওঁৰ দলটোৱে চন্দ্ৰ মডিউলটো ব্যৱহাৰ কৰি মাটিত অৱতৰণ কৰিছিল যদিও ইয়াত হিট শ্বিল্ড নাছিল, গতিকে ইয়াক পৃথিৱীত পুনৰ প্ৰৱেশৰ বাবে ব্যৱহাৰ কৰিব পৰা নাছিল । সেই মডিউলটোত তেওঁলোক কঠিন পৰিস্থিতিতো বাচি থাকিল । তাপমাত্ৰা কমি আহিল, খাদ্য আৰু পানীৰ অভাৱ হ’ল যদিও যুঁজি থাকিল । অৱশেষত তেওঁলোক সফলতাৰে পৃথিৱীলৈ উভতি আহিল ।
লাভেলৰ জীৱনৰ ওপৰত নিৰ্মিত ছবি-
১৯৭৩ চনত নৌসেনাৰ পৰা অৱসৰ গ্ৰহণ কৰি লাভেলে শান্তিপূৰ্ণ জীৱন কটায় । ১৯৯৫ চনত মুক্তি পোৱা তেওঁৰ কাহিনীৰ ওপৰত ‘লাষ্ট মুন’ নামৰ এখন ছবিও নিৰ্মাণ কৰা হৈছিল । টম হেংকছে তেওঁৰ চৰিত্ৰত অভিনয় কৰিছিল । জিম লাভেল দুবাৰ চন্দ্ৰৰ অতি ওচৰলৈ গৈছিল । তেওঁ মহাকাশৰ পৰাই পৃথিৱীখন বুজি পাইছিল । জীৱনত অতি কঠিন পৰিস্থিতিৰ সন্মুখীন হৈ তেওঁ পুনৰ পৃথিৱীলৈ আহিছিল । মহাকাশ বিজ্ঞানৰ প্ৰতি আগ্ৰহীসকলৰ বাবে তেওঁৰ জীৱন প্ৰেৰণা ।
লগতে পঢ়ক : ব্লু অৰিজিন মিছন : ১১ মিনিটৰ ৰোমাঞ্চ, কোটি টকাৰ খৰচ… আজি মহাকাশলৈ উৰা মাৰিব ৬গৰাকী লোক