‘অসমীয়াৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাঁও’
সমাগত বিটিআৰৰ নিৰ্বাচন। পৰিষদীয় নিৰ্বাচনক লৈ বিজেপিয়ে আগ্ৰাসী ৰূপ লৈছে। তাৰ মাজতে আজি কলাইগাঁও মুদৈবড়িত মিছন বিটিআৰৰ প্ৰথমখন বিজয় সংকল্প সভা অনুষ্ঠিত কৰা হয়।
এই বিজয় সংকল্প সভাত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। সভাখনত উপস্থিত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, ‘ আমি অসমীয়াৰ পৰা নহয় বাংলাদেশৰ পৰা অহা লোকৰহে কাগজ বিচাৰিব লাগে।
কাৰণ অসমৰ মানুহক কাগজ বিচাৰি লাভ নাই। অসমখন এতিয়া পৰিৱৰ্তন হৈছে। এতিয়া অসমত পূৰ্বৰ দৰে পৰিস্থিতি নাই। কিন্তু অসমীয়া বড়ো, ৰাভা সকলো আমি একত্ৰিত হ’ব লাগিব।
তেওঁ লগতে কয় যে, আমাৰ প্ৰকৃত শত্ৰু কোন আমি সকলোৱে চিনি পাঁও। বাংলাদেশৰ পৰা অহা লোকসকলে জংঘল, মাটি সকলো দখল কৰিলে। কিন্তু সেইসকলৰ কাগজ নিবিচাৰি BTRত আন লোকসকল কাগজ বিচৰা হৈছে।
BTRত হিমন্ত বিশ্ব শৰ্মাক কাগজ বিচাৰিব নালাগে। তাৰ পৰিৱৰ্তে বাংলাদেশৰ পৰা অহা লোকৰ কাগজ বিচাৰক।আমি একত্ৰিত হৈ নাথাকিলে আমাৰ জাতি,মাটি, ভেটি নাইকীয়া হৈ যাব।
উৰিয়ামঘাটত হৈ থকা উচ্ছেদৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ লোকসকলৰে ২০ বিঘা মাটি নাই কিন্তু উৰিয়ামঘাটত একাংশই হাজাৰ হাজাৰ বিঘা ভূমি দখল কৰিলে।
আমাৰ প্ৰকৃত বন্ধু কোন, প্ৰকৃত শত্ৰু কোন সেয়া চিনিব লাগিব। অসমীয়া হিন্দু, মুছমান, খ্ৰীষ্টান আমি সকলোৱে এই কথা বুজিব লাগিব।
তেওঁ লগতে কয় যে, BTRত নতুন চিন্তাৰ জন্ম দিব লাগিব।BTR ত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিক হ’ব পাৰিব। ইয়াত কোনো দ্বিতীয় শ্ৰেণীৰ নাগৰিক নাই। আহি থকা ৫ বছৰৰ ভিতৰত BTC ত সকলোৱে প্ৰথম শ্ৰেণীৰ নাগৰিকৰ স্বীকৃতি লাভ কৰিব।
লগতে পঢ়ক: ‘আগষ্ট মাহত নাপাব অৰুণোদয়ৰ ধন’; মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা