পঞ্চম টেষ্টৰ পৰা বাহিৰ ঋষভ পন্ট
ভাৰতীয় টেষ্ট দলৰ উপ-অধিনায়ক ঋষভ পণ্টক পঞ্চম টেষ্ট খেলৰ পৰা বাদ দিয়া হৈছে । পন্টৰ ঠাইত নাৰায়ণ জগদীশনক ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰা হৈছে । মানচেষ্টাৰ টেষ্টৰ সময়ত ঋষভ পন্টে ভৰিৰ আঙুলিত আঘাত পোৱাৰ বাবে মেচৰ মাজভাগতে ক্ৰীজ এৰিব লগা হৈছিল । এতিয়া ভাৰত আৰু ইংলেণ্ডৰ মাজত শৃংখলাৰ অন্তিমখন টেষ্ট বাকী আছে, যাৰ বাবে নাৰায়ণ জগদীশনক দলত অন্তৰ্ভুক্ত কৰা হৈছে ।
নাৰায়ণ জগদীশন কোন ?
ভাৰত-ইংলেণ্ডৰ শৃংখলাত ঋষভ পন্টৰ সলনি নাৰায়ণ জগদীশনক দলত লোৱা হৈছে । জগদীশনে ৫২ খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে, য’ত এই খেলুৱৈগৰাকীয়ে গড়ে ৪৭.৫০ ৰান কৰি ৩,৩৭৩ ৰান সংগ্ৰহ কৰিছে । প্ৰথম শ্ৰেণীৰ ক্ৰিকেটতো ১০টা শতক আৰু ১৪টা অৰ্ধশতক অৰ্জন কৰিছে নাৰায়ণে । ঋষভ পন্ট শেষ টেষ্ট মেচৰ পৰা বাহিৰ হোৱাৰ পিছত এই খেলুৱৈজনে পঞ্চম টেষ্টৰ মূল একাদশত সুযোগ পাব পাৰে ।
ভাৰতৰ হাতত মূল একাদশৰ বিকল্প-
ঋষভ পন্টৰ আঘাতে ভাৰতৰ মূল একাদশত প্ৰভাৱ পেলাব । পণ্ট আঘাতপ্ৰাপ্ত হৈ অৱসৰ লোৱাৰ পিছত চতুৰ্থ টেষ্টত উইকেট ৰক্ষকৰ বাবে স্থান লাভ কৰে ধ্ৰুৱ জুৰেলে । কিন্তু জুৰেলক বেটিং কৰিবলৈ দিয়া নহ’ল । আই চি চিৰ নতুন নিয়ম অনুসৰি বেটছমেনে মূৰত আঘাত পালেহে বেটছমেনক সলনি কৰিব পাৰিব । পণ্ট ভৰিৰ আঙুলিত আঘাতপ্ৰাপ্ত হৈছিল, গতিকে জুৰেলে বেটিং কৰাৰ সুযোগ পোৱা নাছিল ।
পন্টৰ আঘাতৰ পিছত ধ্ৰুৱ জুৰেল ভাৰতৰ মূল একাদশত অন্তৰ্ভুক্ত হ’ব পাৰে । টিম ইণ্ডিয়াৰ বিকল্প হিচাপে আছে নাৰায়ণ জগদীশনো । যদি জগদীশনে সুযোগ পায়, তেন্তে ইংলেণ্ডৰ বিৰুদ্ধে পঞ্চমখন টেষ্টত ভাৰতৰ জাতীয় টেষ্ট দলৰ হৈ অভিষেক ঘটাব পাৰে তেওঁ ।
লগতে পঢ়ক : ইউ এ ইত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৫; ১৪ ছেপ্টেম্বৰত হ’ব ভাৰত-পাকিস্তানৰ মহাৰণ