তামিলনাডুৰ অভূতপূৰ্ব অগ্ৰগতি বিকশিত ভাৰতৰ চালিকা শক্তি
ব্ৰিটেইন আৰু মালদ্বীপ ভ্ৰমণ সম্পূৰ্ণ কৰি শনিবাৰে সন্ধিয়া তামিলনাডুত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । তেওঁ টুটিকোৰিনত ৪৯০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে । এই আঁচনিসমূহৰ ভিতৰত নতুন টাৰ্মিনেল বিল্ডিং, ঘাইপথ প্ৰকল্প, বন্দৰ, ৰে’ল আৰু শক্তি সঞ্চাৰণ প্ৰকল্প আদি অন্তৰ্ভুক্ত । প্ৰধানমন্ত্ৰী মোদীয়ে জনসভাত ভাষণ দি কয় যে তামিলনাডু অভূতপূৰ্ব উন্নয়নৰ পথত আগবাঢ়িছে । এই অগ্ৰগতিৰ প্ৰতিফলন ঘটিছে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনক উন্নত ভাৰতৰ চালিকা শক্তি হিচাপে গঢ়ি তোলাৰ সংকল্পত ।
জনসভাত ভাষণ দি প্ৰধানমন্ত্ৰী মোদীয়ে ইতিহাসত চোল সম্ৰাট প্ৰথম ৰাজেন্দ্ৰৰ অৱদানৰ কথা স্মৰণ কৰে । তেওঁ কয় যে দাসত্বৰ সময়ছোৱাত চোল ৰজাই সাগৰৰ মাজেৰে ব্যৱসায়ৰ শক্তি বুজি পাইছিল । তেওঁ সাগৰত থলুৱা জাহাজ চলাই বিদেশীক প্ৰত্যাহ্বান জনাইছিল । উল্লেখ্য যে দেওবাৰে প্ৰথম ৰাজেন্দ্ৰ চোলৰ জন্ম বাৰ্ষিকী আৰু দক্ষিণ-পূব এছিয়াৰ ঐতিহাসিক সাগৰীয় বিজয়ৰ ১০০০ বছৰীয়া জয়ন্তী উপলক্ষে উদযাপন কৰা তিৰুৱতিৰাই উৎসৱত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে ।
ৰাজহুৱা সভাত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে এই ভূমিত বীৰসকলে মুক্ত আৰু বিকশিত ভাৰতৰ সপোন বোৱাইছে । ইয়াত ওচৰতে সুব্ৰমণিয়াম ভাৰতীৰ দৰে এজন কবিৰো জন্ম হৈছিল । থুট্টুকুটিৰ লগত ভাৰতীৰ সুদৃঢ় সম্পৰ্ক আছিল আৰু বাৰাণসীৰ সৈতেও তেওঁৰ একেই সম্পৰ্ক আছে । দুয়োটাৰে জৰিয়তে আমি আমাৰ পাৰস্পৰিক সম্পৰ্ক মজবুত কৰি আছো ।
দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে তেওঁ বিদেশ ভ্ৰমণ সম্পূৰ্ণ কৰি পোনপটীয়াকৈ ইয়ালৈ আহি ধন্য । ভাৰত আৰু ব্ৰিটেইনে এক ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰিছে । এই এফ টি এয়ে ভাৰতৰ ওপৰত বিশ্বৰ আস্থা আৰু দেশৰ আস্থাক প্ৰতিফলিত কৰে । এই আত্মবিশ্বাসে বিকশিত ভাৰত আৰু উন্নত তামিলনাডুৰ দৃষ্টিভংগীক গতি প্ৰদান কৰিব ।
তেওঁ কয় যে তামিলনাডু অভূতপূৰ্ব উন্নয়নৰ পথত আগবাঢ়িছে । আমি ইয়াত কৰা প্ৰচেষ্টাৰ জৰিয়তে উন্নত তামিলনাডু আৰু উন্নত ভাৰতৰ দৃষ্টিভংগী আগবঢ়াই লৈ গৈছো । ব্ৰিটেইন আৰু ভাৰতৰ মাজত হোৱা মুক্ত বাণিজ্য চুক্তিয়েও এই দৃষ্টিভংগীক প্ৰসাৰিত কৰে । আজি বিশ্বই ভাৰতৰ বিকাশত নিজৰ বৃদ্ধি দেখিবলৈ পাইছে । এই এফ টি এয়ে ভাৰতৰ অৰ্থনীতিত উত্থান ঘটাব ।
লগতে পঢ়ক : মালদ্বীপৰ স্বাধীনতা দিৱসৰ মুখ্য অতিথি প্ৰধানমন্ত্ৰী মোদী; মুইজুৱে ক’লে-উন্নত ভৱিষ্যতৰ পথ মুকলি…
লগতে পঢ়ক : মালদ্বীপত দেখা গ’ল ভাৰতৰ শক্তি; প্ৰধানমন্ত্ৰী মোদীক আদৰণি জনাবলৈ আহিল ৰাষ্ট্ৰপতি মহম্মদ মুইজ্জু