আঘাতপ্ৰাপ্ত বেগী বলাৰ আকাশ দীপ
ভাৰত আৰু ইংলেণ্ডৰ মাজত ৫ টেষ্ট মেচৰ শৃংখলা চলি আছে, য’ত শুভমান গিলৰ ব্ৰিগেড বৰ্তমান ১-২ত পিছ পৰি আছে।
এতিয়া এই টেষ্ট ছিৰিজৰ চতুৰ্থখন মেচ ২৩ জুলাই (বুধবাৰ)ৰ পৰা মানচেষ্টাৰৰ অল্ড ট্ৰেফৰ্ড খেলপথাৰত অনুষ্ঠিত হ’ব।
এই মেচখন ভাৰতীয় দলৰ বাবে ডু অৰ ডাই পৰিস্থিতিত পৰিণত হৈছে।এই মেচত যদি ভাৰতীয় দলে পৰাস্ত হয়, তেন্তে শৃংখলাতো পৰাস্ত হ’ব।
মানচেষ্টাৰ টেষ্টৰ পূৰ্বে ভাৰতীয় দলটোৱে নিজৰ খেলুৱৈৰ আঘাতৰ সৈতে যুঁজিছে। বাওঁহাতৰ বেগী বলাৰ আৰ্শদীপ সিঙৰ হাত কাটি যোৱাৰ বাবে ইতিমধ্যে মানচেষ্টাৰৰ টেষ্ট মেচত তেওঁক বাদ দিয়া হৈছে।
আনহাতে ভাইচ অধিনায়ক ঋষভ পন্ত বাওঁহাতৰ তৰ্জনী আঙুলিৰ আঘাতৰ পৰা সুস্থ হৈ উঠিছে। এতিয়া চতুৰ্থ টেষ্ট মেচৰ মাত্ৰ তিনিদিন পূৰ্বে ভাৰতীয় দলটোৱে আন এক বিপৰ্যয়ৰ সন্মুখীন হৈছে।
বেগী বলাৰ আকাশ দীপ ভৰিত আঘাত পাইছে। লৰ্ডছত খেলা তৃতীয়খন টেষ্ট মেচত আকাশ দীপৰ প্ৰদৰ্শন বিশেষ নাছিল আৰু তেওঁ মাত্ৰ এটা উইকেটহে ল’বলৈ সক্ষম হৈছিল।
অৱশ্যে এডগবাষ্টন টেষ্ট মেচখনত আকাশ দীপে বলৰ সৈতে উজ্জ্বল প্ৰদৰ্শন কৰি ১০টা উইকেট দখল কৰে।এতিয়া আঘাতৰ বাবে আকাশ দীপৰ ফিটনেছৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে আৰু তেওঁ মানচেষ্টাৰ টেষ্টত খেলিব নে নাই সেয়া নিশ্চিত নহয়।
ইফালে, চতুৰ্থ টেষ্ট মেচত আৰ্শদীপ সিঙক বাদ পৰাৰ পাছত ভাৰতীয় টেষ্ট দলত সোঁহাতৰ বেগী বলাৰ অংশুল কামোজক সংযোজন কৰা হৈছে।
ঘৰুৱা ক্ৰিকেটত হাৰিয়ানাক প্ৰতিনিধিত্ব কৰা অংশুলে এতিয়ালৈকে নিজৰ কেৰিয়াৰত উজ্জ্বল প্ৰদৰ্শন আগবঢ়াইছে।
শেহতীয়াকৈ অংশুলে ইণ্ডিয়া এৰ হৈ ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে চাৰিদিনীয়া দুখন খেল খেলিছিল, য’ত তেওঁ নিজৰ গতি আৰু সঠিকতাৰে আয়োজক দলৰ বেটছমেনসকলক অশান্তি দিছিল।
বেগী বলাৰৰ আঘাতৰ পিছত পৰৱৰ্তী টেষ্ট মেচত ভাৰতীয় দলৰ বাবে যশপ্ৰীত বুমৰাহে খেলাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে।
লগতে পঢ়ক: বাতিল হ’ল ভাৰত আৰু পাকিস্তানৰ মাজৰ WCLৰ মেচ; ভাৰতীয় খেলুৱৈয়ে কৰিলে বৰ্জন